তেজপুৰত দুই কোটি টকীয়া পথ নিৰ্মাণৰ পাছতে চপৰা চপৰে এৰিছে পথ

প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতিৰ ৰাজহুৱা অভিযোগ

0 13

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮জুলাই: তেজপুৰত ২ কোটি ১২লাখ ৬৬হেজাৰ ৯৭২টকীয়া পথ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে চপৰাচপৰে এৰি যোৱাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত তেজপুৰৰ ডেকাৰগাঁৱত এম আৰ এল ০৯ এন এইচ ৫২ ৰ পকা পুঠিখাটিলৈ এই পথটো নিৰ্মাণৰ কাম চলি আছে। এ এছ ২২-৬৭৮ পেকেজৰ তথা ৫.৫৮০কিলোমিটাৰ দৈৰ্ঘৰ এই পথটোৰ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি ৰাইজ আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। ৰাজ্যিক পথ তেজপুৰ চতিয়া আৰু ৰঙাপৰা সংমণ্ডলৰ তদাৰকত আৰু ঠিকাদাৰ জহিৰুল ইছলামে প্ৰায় চাৰিমাহ পূৰ্বে এই পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও এইপৰ্যন্ত প্ৰায় ছয়শ মিটাৰ কামহে আগবঢ়া পথটো অতি নিম্ন মানৰ কামৰ বাবেই চপৰা চপৰে উঠি যোৱা বুলি ৰাইজে অভিযোগ কৰিছে। আজি পুঠিখাটিৰ বহু সংখ্যক লোকে সংবাদমাধ্যমৰ আগত ক্ষোভ উজাৰি কয় যে, অতি সাধাৰণ আৰু নিম্ন মানৰ কাম কৰাত পথটোৰ মানদণ্ড অতি শোচনীয় হোৱা বিষয়ে ৰাইজে বাৰে বাৰে অভিযোগ কৰা সত্বেও ঠিকাদাৰ আৰু তদাৰকৰ দায়িত্বত থকা বিভাগে সামান্যতম গুৰুত্বও দিয়া নাই। ৰাইজে কয় যে,প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ৰূপায়নৰ নামত তেজপুৰত বিভিন্ন স্থানত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠি আহিছে যদিও ইয়াৰ কোনো তদন্ত নোহোৱাটো এক আচৰিত ঘটনা।পূৰ্বৰ দৰেই বৰ্তমানেও কমিচন ৰাজ চলিছে নেকি বুলি ৰাইজে অভিযোগ কৰি এইক্ষেত্ৰত তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভাকো ঠিকাদাৰ আৰু বিভাগৰ দায়িত্বহীনতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালনৰ দাবী জনাইছে। উল্লেখযোগ্য যে পথটোৰ নিৰ্মাণৰ সময়ত মাটিৰ পৰিমাণ প্ৰাককলন অনুসৰি পেলোৱা নাই বুলি অভিযোগ কৰি এই প্ৰাককলন ৰাজহুৱা কৰাৰো দাবী জনোৱা ৰাইজে কয় যে পথৰ ওপৰত বিএমডব্লিউ, কাৰ্পেটিং কৰাৰ সময়তো ৰুলাৰৰ ব্যৱহাৰেই প্ৰয়োজনতকৈ বহু কম কৰা হৈছে। নিম্ন মানৰ প্ৰাইম ক’ট আৰু পৰিস্কাৰ নকৰাকৈয়ে কাৰ্পেটিং কৰাৰ ফলত নিৰ্মাণ কৰা পথৰ অংশটোৰ মানদণ্ড অতি নিম্ন মানৰ হোৱাত ইতিমধ্যেই নিৰ্মিত পথৰ বিপৰীতে মানদণ্ড নিৰূপন বিভাগৰ দ্বাৰা পৰীক্ষা কৰিলেই ওলাই পৰিব বুলিও ৰাইজে অভিযোগ কৰি চৰকাৰী ধনৰ এনে অপব্যৱহাৰৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰো হস্তক্ষেপ দাবী জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More