তেজপুৰত পথৰ দুৰৱস্থাঃ পথত জালমাৰি ৰাইজৰ প্ৰতিবাদ

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮জুনঃ তেজপুৰৰ বেছেৰীয়া গাঁও পঞ্চায়তৰ এটা পথৰে বাৰিষা একঁকাল পানী হোৱাৰ লগতে খৰালিও বিধ্বস্ত অৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দুৰ্বিষহ হৈ পৰে৷ স্হানীয় ৰাইজে এই পথটোৰ উন্নয়নৰ নামত সামান্য হ’লেও সকাহ বিচাৰি বহুবাৰ গাভৰু উন্নয়নখণ্ডৰ কাষ চাপে৷ আনকি কেইগাড়ীমান শিলবালিকে পেলাই দিবলৈ গাভৰু উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীক ৰাইজে একাধিকবাৰ অনুৰোধ জনোৱা সত্বেও বিষয়া গৰাকীয়ে এইক্ষেত্ৰত সামান্যতম গুৰুত্ব প্ৰদান নকৰিলে৷পথটো এনেদৰেই পৰি থকাৰ পাছত ৰাইজে গড়কাপ্তানি বিভাগ আৰু স্হানীয় গাঁও পঞ্চায়তৰ কাষ চাপিছিল য’দিও দুয়োপক্ষই সমস্যাটোৰ সমাধান কৰাটো দূৰৰে কথা পথটোৰ উন্নয়নৰ বাবে পৰস্পৰে পুঁজিৰ অভাৱ প্ৰদৰ্শন কৰি বিষয়টো উপেক্ষা কৰে৷উল্লেখযোগ্য যে গাঁও পঞ্চায়তে গড়কাপ্তানি বিভাগলৈ আৰু গড়কাপ্তানি বিভাগে পঞ্চায়তলৈ থেলি দি বেছেৰীয়াৰ মুছলিম গাঁৱৰ ৰাইজৰ সমস্যা দীৰ্ঘদিনে অবজ্ঞা কৰে৷ প্ৰায় ১২শ মিটাৰ দৈৰ্ঘৰ পথচোৱাৰ এনে অৱস্থাৰ বিষয়ে ৰাইজে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাকো একাধিকবাৰ জনোৱাৰ লগতে ২০২১তে তেওঁ অঞ্চলটোলৈ আহি পথৰ দুৰৱস্থাৰ বিষয়ে নিজে দেখাপোৱা সত্বেও বিধায়কজনে আজিলৈকে ৰাইজৰ এই সমস্যাৰ সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰে৷ৰাইজে অভিযোগ কৰে যে,নিৰ্বাচনৰ সময়ত ভোটৰ বাবে ৰাইজক প্ৰয়োজন হোৱা জনপ্ৰতিনিধিয়ে পাছত ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব নিদিয়ে৷পঞ্চায়ত, জিলাপৰিষদ, গড়কাপ্তানি বিভাগ, গাভৰু উন্নয়নখণ্ডৰ উপৰি বিধায়কৰ পৰা পথচোৱাৰ উন্নয়নৰ ক্ষেত্ৰত কোনো সঁহাৰি লাভ নকৰাত ৰাইজে পৰৱৰ্তী সময়ত যিকোনো নিৰ্বাচনতে কোনো প্ৰাৰ্থীকে অঞ্চলটোত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷উল্লেখযোগ্য যে,বামবেছেৰীয়া,কনাইবৰাচুবুৰীকে ধৰি বৃহত্তৰ অঞ্চলৰ ১৪চুবুৰীৰ ৰাইজে ব্যৱহাৰ কৰা তথা ১৫নম্বৰ ৰাষ্ট্ৰীয় পথ সংযোগী এই গুৰুত্বপূৰ্ণ পথটোত বৰ্তমান বৰষুণৰ ফলত এককাল পানী জমা হোৱাত বিদ্যালয়লৈ ছাত্ৰছাত্ৰী অহাযোৱা কৰিব নোৱৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷এখন এম্বুলেন্স প্ৰৱেশ কৰিবলৈয়ো সমস্যাৰ উদ্ভৱ হোৱা পথটোত আজি অঞ্চলটোৰ বহুসংখ্যক পুৰুষ-মহিলা ওলাই আহি জাল আৰু পল মাৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More