ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু আই আই টি, ৰুৰকিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক জীৱিকা নিদান

৫খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

0 4
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮জুনঃ তেজপুৰৰ নিকটৱৰ্তী কাৱৈমাৰীৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰত চাৰকাৰৰ উদ্যোগত অনুষ্ঠিত দুদিনীয়া প্ৰশিক্ষণ আজি বিয়লি অন্ত পৰে৷  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ (Science and Technology, Govt. of India) আৰু আই আই টি, ৰুৰকি (IIT, Roorke)ৰ  উদ্যোগত iHub Divya Samparkৰ সহযোগত Swastika Teleservices আৰু যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত জীৱিকা নিদান তথা প্ৰশিক্ষণত Sr. Prof. Of Tezpur University, IGNOU and IIT, Roorke উপস্থিত থাকে আৰু ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ লগতে মতবিনিময় কৰে৷ আজি বিয়লি  সামৰণি পৰা এই প্ৰশিক্ষণ তথা জীৱিকা নিদানৰ দুদিনীয়া অনুষ্ঠানত যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঠেলামৰা উ. মা. বিদ্যালয়, ছহিদ মণিৰাম একাডেমী, শিলিখাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয়, উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ অনুষ্ঠানত IGNOUৰ জ্যেষ্ঠ অধ্যাপক ড° তপন নাথ, তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰ অমিত দত্তই কম্পিউটাৰৰ উপযোগিতা আৰু প্ৰয়োজনীয়তা, কম্পিউটাৰক বিষয় হিচাপে লৈ অধ্যয়ন কৰাৰ বিভিন্ন দিশ- software, hardware, windows, C+, Python, robotics আদিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে৷ একেদৰে Linkdin apps কিদৰে ব্যৱহাৰ কৰিব লাগে, কিদৰে নিজৰ জীৱন গঢ়িব লাগে সেই সন্দৰ্ভতো ব্যাখ্যা আগবঢ়ায়৷ ইয়াৰ সমান্তৰালভাবে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বিকাশৰ লগে লগে internetৰ সঠিক ব্যৱহাৰ, যোগাযোগৰ সহজ পন্থা, মানুহৰ জীৱনৰ লগত কম্পিউটাৰ, ইন্টাৰনেট কিদৰে জড়িত হৈ পৰিছে, কম্পিউটাৰ বিজ্ঞানত পাইথনৰ(python) ব্যৱহাৰ আদি বিস্তৃতভাবে প্ৰশিক্ষণত ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰা হয়৷  যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে সামৰণি অনুষ্ঠান পৰিচালনা কৰে৷ কাৰ্য্যতঃ ডিজিটেল ইণ্ডিয়াক মুখ্য আধাৰ হিচাপে গ্ৰহণ কৰি কম্পিউটাৰ শিক্ষাক জনপ্ৰিয়কৰণ কৰাৰ লগতে কম্পিউটাৰ অবিহনে যে বৰ্তমান সময় অন্ধকাৰাচ্ছন্ন হৈ পৰিব, সেই অপ্ৰিয় সত্যক নস্যাৎ কৰিবৰ বাবেই ভাৰত চৰকাৰে এনে উদ্যোগ কৰাটো স্বাভাৱিকতে প্ৰশংসনীয়৷ প্ৰতিকূল বতৰকো নেওচি কালি পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত থাকে খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক শম্ভু বড়ো, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভীষ্মকান্ত মাহাতো, সুমন দেৱী, প্ৰশান্ত নাথ, গৌৰী বৰা আদি৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More