শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬জুলাইঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী টুমুকী অঞ্চলত আজি বিয়লি প্ৰায় চাৰি বজাত দুখন আলট্ৰা বাছৰ মাজত হোৱা এক দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্ত বাছৰ যাত্ৰী সকল কথমপি ৰক্ষা পৰে৷উল্লেখযোগ্য যে,বিধ্বস্ত পথটোত আলট্ৰা বাছ সমূহৰ অতপালি অব্যাহত আছে আৰু ইয়াৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়৷আজি গুৱাহাটীৰ পৰা তেজপুৰ দিশে গৈ থকা এখন বাছ পথৰ দাঁতিত ৰখাবলৈ লোৱাৰ সময়তে একে দিশৰে যোৱা আনখন বাছে খুন্দা মাৰে৷ বাছ দুখনত থকা যাত্ৰী সকল এই দুৰ্ঘটনাত সামান্য পৰিমানে আহত হ’লেও কথমপি ৰক্ষা পৰে৷উল্লেখযোগ্য যে দুৰ্ঘটনাগ্ৰস্ত এএছ০১এলচি৫৯২১ আৰু এএছ১২এচি৯৯৬৪নম্বৰৰ বাছদুখনৰ চালক আৰু হেণ্ডিমেনে লগে লগে ঘটনাস্হলীৰ পৰা পলায়ন কৰে৷ স্হানীয় একাংশ লোকে প্ৰকাশ কৰা মতে ইয়াৰে এখন বাছ গৰাকীৰ ঘৰত থ’বলৈ লোৱাৰ সময়তে আনখন বাছে খুন্দা মাৰেহি৷উল্লেখ্য যে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ এনে এটা বিনষ্ট ৰূপ লৈছে যাৰ ফলত উক্ত পথটোত সঘনাই দূৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও বিভাগীয় কতৃপক্ষই নিৰব ভূমিকা গ্ৰহণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.