তেজপুৰত ব্যতিক্ৰমী ৰূপত কাৰ্গিল বিজয় দিৱস পালন

0 13

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৬ জুলাই : সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন স্থানত কালি ২৪ সংখ্যক কাৰ্গিল বিজয় দিৱস উদযাপন কৰে । তেজপুৰত এক ব্যতিক্ৰমী ৰূপত কাৰ্গিল বিজয় দিৱস পালন কৰা হয় । তেজপুৰ বৰপুখুৰীৰ পাৰত ৫২৭ গছ চাকিৰে ৰাজপথত কাৰ্গিল শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে একাংশ যুৱক যুৱতীয়ে। নতুন প্ৰজন্মই দেৱাল অঙ্কণৰে স্মৰণ কৰে কাৰ্গিলৰ যুদ্ধৰ ঐতিহাসিক ক্ষণ আৰু বীৰ যোদ্ধা সকলক । ৰটাৰী অগ্নিগড় ইন্টাৰেক্ট ক্লাৱৰ সদস্য সকলে আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত গৰ্গৰাম দাস আৰু টাহিৰ আলমে । অনুষ্ঠানত সেনাৰ জোৱান আৰক্ষীৰ লোক আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচৰ দলৰ পৰাও অংশগ্ৰহণ কৰে । কাৰ্গিলৰ এই যুদ্ধত শ্বহীদ হোৱা মেজৰ বিক্ৰম বথৰাৰ ফটো দেৱাল অংকন কৰি বীৰ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ছাত্ৰ ছাত্ৰী সকলে লোৱা এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে শলাগ লয় অতিৰিক্ত উপায়ুক্ত দাসে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More