তেজপুৰৰ বাণ থিয়েটাৰত একুৰি প্ৰয়াত নাট্যশিল্পীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

"কুশল কোঁৱৰ"ৰ দৰে নাটক এখন পৰিচালনা কৰিবলৈ পোৱাতো মোৰ বাবে সৌভাগ্য - মৃদুল চুতীয়া

0 84
  • পুনৰুজ্জীৱিত হ’ল ১৯৭৩ চনত গঢ় লোৱা “সৰগম সাংস্কৃতিক গোষ্ঠী”
  • আধুনিক নাট্য আন্দোলনৰ গতিশীলতাত সৰগমে তেজপুৰৰ পৰা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল – পৃথ্বিৰাজ ৰাভা
  • শতাব্দ ষ্টাফ ৰিপটাৰ,তেজপুৰ ২৩ আগষ্ট : তেজপুৰত আধুনিক নাট্য আন্দোলনৰ এক বিশেষ ধাৰা সূচনা কৰি ১৯৭৩ চনতে গঢ়ি উঠা “সৰগম সাংস্কৃতিক গোষ্ঠী” ৰ সৈতে জড়িত প্ৰয়াত একুৰি নাট্যশিল্পীক কালি সন্ধিয়া তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলে ।IMG 20230823 WA0064 উল্লেখ্য যে প্ৰতিষ্ঠা লগ্নৰ গৰিষ্ঠ সংখ্যক শিল্পী প্ৰয়াত হোৱাৰ পাছত স্তিমিত হৈ পৰা অনুষ্ঠানটিক পুনৰোজ্জীৱিত কৰি তোলা এই “সৰগম সাংস্কৃতিক গোষ্ঠী” ৰ সৈতে জড়িত প্ৰয়াত বিশিষ্ট নাট্যশিল্পী সুজিৎ সিংহ, প্ৰণৱ বৰা, বিবেক বৰা,সুমেৰ ডুগৰ, দীনেশ গোস্বামী,টংক দত্ত, দেৱেন শৰ্মা, ভোলা কলিতা, শান্তি শংকৰ দাসগুপ্ত, ঘনশ্যাম বৰা, জীৱন বৰা, উদয় শংকৰ শইকীয়া, দিলীপ চৌধুৰী, সুৰেণ মহন্ত, কাৰ্তিক হাজৰিকা, কৃষ্ণ ভূঞা আৰু সদ্য প্ৰয়াত বিজয় শংকৰ শইকীয়াকে ধৰি একাংশ দক্ষ নাট্যশিল্পীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে সেইসকল নাট্যশিল্পীৰ সোঁৱৰণত” সৰগম সাংস্কৃতিক গোষ্ঠী” ৰ নতুন সমিতিয়ে কালি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত আয়োজন কৰা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেজপুৰৰ বিধায়ক তথা বিশিষ্ট অভিনেতা পৃথ্বিৰাজ ৰাভাই নতুন সমিতিৰ সভাপতি, অভিনেতা ভৱানী নাথৰ সৈতে শুভাৰম্ভ কৰাৰ পিছত প্ৰয়াত শিল্পী সকলৰ পৰিয়ালৰ সদস্যৰ লগতে তেজপুৰৰ বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। “সৰগম সাংস্কৃতিক গোষ্ঠীৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, তৰুণ অসম সংঘৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া, বিশিষ্ট বুৰঞ্জীবিদ ভূৱন চন্দ্র গগৈ, বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম, বিশিষ্ট সংগীতশিল্পী লিখন শৰ্মা, বিশিষ্ট সমাজকৰ্মী দিলীপ কাকতি, বাণ থিয়েটাৰৰ প্ৰাক্তন সাধাৰণ সম্পাদক নিপ বৰা, প্ৰবীণ অভিনেত্ৰী তৰুলতা দাসকে ধৰি বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে। আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰি তেজপুৰৰ বিধায়ক তথা বিশিষ্ট অভিনেতা পৃথ্বিৰাজ ৰাভাই ৭০ ৰ দশকৰ পৰা সৰগমে তেজপুৰত যি নাট্য আন্দোলনৰ ধাৰা সূচনা কৰিছিল তাৰ স্মৃতি ৰোমন্থন কৰি প্ৰতিষ্ঠা লগ্নৰ ইতিমধ্যে প্ৰয়াত হোৱা দক্ষ অভিনয় শিল্পীসকলৰ স্মৃতিচাৰণ কৰে। ইয়াৰ পিছতেই এইসকল শিল্পীৰ সোঁৱৰণত ৰাজ্যখনৰ বিশিষ্ট নাট্যকাৰ ভূপেন গোস্বামী ৰচিত আৰু ৰাজ্যখনৰ জনপ্ৰিয় নাট্যশিল্পী মৃদুল চুতীয়া পৰিচালিত বহুল সমাদৃত নাটক “কুশল কোঁৱৰ” আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়াই।ড০ চহৰীয়াইও নাটশিল্প ক্ষেত্ৰখনত সৰগম সাংস্কৃতিক গোষ্ঠীয়ে আগবঢ়োৱা অৱদান স্মৰণ কৰি ভূপেন গোস্বামীয়ে কুশল কোঁৱৰৰ জীৱন আৰু ত্যাগক আলম কৰি ৰচনা কৰা নাটকখনে ইতিমধ্যে চৰ্চা লাভ কৰাই নহয় বিদ্বৎ সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি কুশল কোঁৱৰৰ জীৱন আৰু দৰ্শন বৰ্তমান প্ৰজন্মই শুদ্ধ ৰূপত জনাতো উচিত বুলি কয় । উল্লেখ্য যে দেশৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ অহিংস নীতিৰে জড়িত হোৱাৰ পিছতো স্ব গোত্ৰীয় লোকৰ কুটিল চক্ৰান্তৰ বাবে ব্ৰিটিছৰ ৰেল বগৰোৱা দোষত দোষী সাব্যস্ত হৈ ফাঁচী কাঠত ওলমিব লগা হোৱা কুশল কোঁৱৰৰ জীৱনৰ কৰুণ মুহূৰ্ত সমূহৰে জীপাল হৈ পৰা নাটকখন কালি গৰিষ্ঠ সংখ্যক দৰ্শকে উপভোগ কৰি আপ্লুত হৈ পৰে। সামগ্ৰীক ভাৱে সফল মঞ্চায়ন হোৱা নাটকখনৰ মূল “কুশল কোঁৱৰ” চৰিত্ৰত দীপাংকৰ নাথে বলিষ্ঠ অভিনয় কৰি দৰ্শকক আপ্লুত কৰাৰ লগতে কুশল কোঁৱৰৰ পত্নী প্ৰভাৰ চৰিত্ৰত বিহুৱতী হিচাপে পৰিচিত নীলাক্ষি বৰুৱাই, ৰহমতৰ চৰিত্ৰত ভূপেন শৰ্মাই, মৌজাদাৰৰ চৰিত্ৰত ৰাজীৱ মহন্তই, গাঁওবুঢ়াৰ চৰিত্ৰত তিলক চন্দ্ৰ নাথে, পেহীৰ চৰিত্ৰত বীণা পটংগীয়াই, ধৰ্মকান্তৰ চৰিত্ৰত ৰাজীৱ শৰ্মাই আৰু পুকৌৰ চৰিত্ৰত অশ্বিনী বৰাই সাৱলীল অভিনয় কৰি দৰ্শকক মুগ্ধ কৰি তোলে। পৰিচালক মৃদুল চুতীয়াৰ নিজা সংগীত, নিতুমণি কলিতাৰ পোহৰ, কুলেন বৰা, তৰুণ নাথ, ৰঞ্জিত ভৰালীৰ দৃশ্য সজ্জা আৰু দিব্যজ্যোতি নাথৰ ৰূপ সজ্জাৰে বলিষ্ঠ মঞ্চায়ন হোৱা নাটকখনৰ অনান্য চৰিত্ৰ সমূহ ৰূপায়ণ কৰা সকল আছিল ক্ৰমে – দিলীপ বৰা, হেমন্ত কুমাৰ শৰ্মা, মনোৰঞ্জন মহন্ত, প্ৰদীপ শৰ্মা, সত্যদেৱ শৰ্মা, পুতুল বৰুৱা, গৌতম কোঁচ, বিপ্লৱ শৰ্মা, উজ্জ্বল শইকীয়া, ভূপেন শইকীয়া, দেৱাশিস কৌশিক, ৰিয়ন কৌশিক, মেঘৰঞ্জন কাশ্যপ, ৰাজদ্বীপ বৰা, মিন্টু নাৰায়ণ দাস, গুলেশ্বৰ বড়ো আৰু হাৰুণ ৰছিদ। নাট মঞ্চস্থৰ অন্তত নাট্যকাৰ ভূপেন গোস্বামী আৰু পৰিচালক মৃদুল চুতীয়াই চমু ভাষণ আগবঢ়াই দৰ্শকক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে মৃদুল চুতীয়াই “কুশল কোঁৱৰ”ৰ দৰে নাটক এখন পৰিচালনা কৰিবলৈ পোৱাতো ভাগ্যৰ কথা বুলি মন্তব্য কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More