লখিমপুৰৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ কেবাশ কুইণ্টল চাউল অন্তৰ্ধান

সভাপতিক বিচাৰি আৰক্ষীৰ অভিযানঃ কেলেংকাৰি গাপ দিয়াৰ চেষ্টাঃ ৰহস্যৰ আৱৰ্তত তদন্তকাৰী বিষয়া

0 59

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ আগষ্টঃ লখিমপুৰ জিলাৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ ৭২০ কুইণ্টল চাউল অন্তৰ্ধানৰ ঘটনাই নতুন মোৰ লৈছে৷ সমবায় সমিতিখনৰ পৰা চাউল অন্তৰ্ধান হোৱা ঘটনাক কেন্দ্ৰ কৰি নাওবৈচাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি সংবাদ মাধ্যমত এই সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছত সমবায় সমিতিখনৰ লগতে লখিমপুৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ উল্লেখ যে সমবায় সমিতিখনলৈ জুলাই মাহত দৰিদ্ৰ সীমাৰেখা তলৰ হিতাধিকাৰীলৈ আগষ্ট মাহৰ ৮৮১ কুইণ্টল ৯০ কিলোগ্ৰাম চাউল আৱণ্টন হোৱাৰ পিছত ইয়াৰে ৭২০ কুইণ্টল চাউল সমবায় সমিতি খনৰ গুদামৰ পৰা হৰলুকি হোৱাৰ বিষয়টো চলিত সপ্তাহত লখিমপুৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তদন্তত পোহৰলৈ আহে৷ এই সন্দৰ্ভত বিভাগীয় ভাৱে সমবায় সমিতিখনৰ সভাপতি আৰু সচিবৰ বিৰুদ্ধে লালুক থানাত গোচৰ তৰাৰ লগতে সমবায় সমিতিখনক নিলম্বন কৰি শিঙৰা সমবায় সমিতি খনক নাওবৈচা সমবায় সমিতিৰ লগত সংলগ্ন কৰে৷ তাৎপৰ্যপূৰ্ণ কথা যে ইয়াৰ পিচতে শিঙৰা সমবায় কতৃৰ্পক্ষই হৰলুকি হোৱা চাউল সমূহ যিকোনো প্ৰকাৰে পুনৰ জোৰা মৰাৰ বাবে কৌশল ৰচনা কৰে৷ ইফালে লখিমপুৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক কিশোৰ শৰ্মাই সমগ্ৰ বিষয়টো তদন্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ পিচতে যোগান বিভাগে এনে ব্যৱস্থা গ্ৰহণ কৰে যদিও পুনৰ বিষয়টো তদন্তৰ আউটিলৈ অনাৰ ব্যৱস্থা কৰাত ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে তদন্তকাৰী বিষয়াই তদন্তৰ পিছত গুদাম সমূহ ছীল কৰিব লাগিছিল যদিও তেনে নকৰাৰ বাবেই হৰলুকি হোৱা চাউলৰ জোৰা মাৰিবলৈ নিশা গোপনে অন্য স্থানৰ পৰা চাউল শিঙৰা সমবায় সমিতিৰ গুদামলৈ অনাৰ অভিযোগ উত্থাপিত হৈছে৷ আনহাতে সমবায় সমিতিখনৰ সভাপতি প্ৰবীণ হাজৰিকাক আজি আৰক্ষীয়ে ঘৰত বিচাৰি যায় যদিও আৰক্ষীয়ে তেওঁক পাবলৈ সক্ষম নহল৷ সমবায় সমিতিখনৰ উপভোক্তা সকলৰ দাবী- চাউল কেলেংকাৰিৰ এই ঘটনা প্ৰশাসনে সঠিক ভাৱে তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰক৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More