নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে অধ্যাপনা কৰাৰ অভিযোগ

অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ গুৰুতৰ অভিযোগঃ শোণিতপুৰৰ আয়ুক্তক অভিযোগ দাখিল

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩১ আগষ্টঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অনুসূচিত জাতি সংৰক্ষিত পদত এগৰাকী অধ্যাপকে ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি কৰি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই৷ ২৮ আগষ্টত শোণিতপুৰৰ জিলা আয়ুক্তক যুৱ ছাত্ৰ সন্থাই লিখিত অভিযোগ দাখিল কৰি কয় যে অধ্যাপক দীপক দাসে ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে দীৰ্ঘদিন ধৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অধ্যাপকৰ চাকৰি কৰি আছে৷ সেয়ে দীপক দাসৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ নাকচ কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোৱে দাবী জনায়৷ অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নৃপেন দাস, সম্পাদক নিত্যানন্দ দাস, শোণিতপুৰ জিলা সমিতিৰ সভাপতি মানস দাস আৰু সম্পাদক হিৰক দাসে প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰে যে দীপক দাসে নিজকে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ ১ নং ৱাৰ্ডৰ কালিচৰণ দাসৰ পুত্ৰ বুলি ১৯৯১ চনতে অনুসূচিত জাতিৰ কৈৱৰ্ত্ত সম্প্ৰদায় হিচাপে শোণিতপুৰৰ তদানীন্তন উপায়ুক্ত তথা জিলা প্ৰশাসনক মিছা তথ্য দাখিল কৰি অনুসূচিত জাতিৰ এখন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি বৰ্তমান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপনা কৰি আছে৷ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই অভিযোগত এই কথা উল্লেখ কৰে যে তেওঁলোকে নিজাববীয়াকৈ চলোৱা অনুসন্ধানত এই কথা পোহৰলৈ আহে যে দীপক দাস প্ৰকৃততে তেজপুৰ ঢেকিয়াজুলীৰ বাসিন্দা নহয়৷ তেওঁ বৰপেটা জিলাৰ হালধীবাৰী চিটৰ বণিয়াকুচি গাঁৱৰহে স্থায়ী বাসিন্দা৷ সেয়ে এনেদৰে ভুৱা তথ্যৰে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি অনুসূচিত জাতিৰ সংৰক্ষিত পদত অধ্যাপনা কৰি থকা দীপক দাসৰ বিৰুদ্ধে ৪২০ ধাৰাত গোচৰ ৰুজু কৰি তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই৷ সন্থাই এই কথাও অভিযোগ কৰে যে বণিয়াকুচিৰ গাঁওখনত এটা চুবুৰীত কেওঁট সম্প্ৰদায়ৰ আৰু আন এটা চুবুৰীত কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰে৷ দীপক দাসৰ ঘৰখন আচলতে কেঁওট চুবুৰীতহে আছে আৰু দীপক দাস কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোক নহয় বুলি গাঁও উন্নয়ন সমিতি, স্থানীয় গাঁওপ্ৰধানে সন্থাক লিখিত তথ্য প্ৰদান কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More