লক্ষীমপুৰত মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেলৱ ৩ ছেপ্টেম্বৰত

জিলাভিত্তিত অনুষ্ঠিত ১৯ বছৰ অনুৰ্দ্ধ

0 17

 উত্তৰ লক্ষীমপুৰ, ৩১ আগষ্ট: অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত লক্ষীমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত লক্ষীমপুৰত জিলাভিত্তিত অনুষ্ঠিত হৈ থকা ১৯ বছৰ অনুৰ্দ্ধ মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেল অহা ৩ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত ডিজু চাহ বাগানৰ খেলপথাৰত অনুষ্ঠিত হব। জিলাভিত্তিত অনুষ্ঠিত হোৱা উক্ত খেলখনত ইতিমধ্যে তিনিটা দল ছেমি ফাইনেললৈ উন্নীত হৈছে।দলকেইটা হ’ল ক্ৰমে ডিজু, চিনাতলীয়া আৰু কয়লামাৰি চাহ বাগানৰ ফুটবল দল। সেয়েহে, তিনিটা দলৰ মাজৰপৰা চূড়ান্ত খেলত অংশগ্ৰহণৰবাবে যোগ্যতা নিৰ্ণয় কৰিবলৈ দল কেইটাৰ পৰিচালক আৰু খেলুৱৈ সকলৰ উপস্থিতিত যোৱা ২৫ আগষ্টত জিলা আয়ুক্ত কার্যলয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত লোৱা সিদ্ধান্ত অনুসৰি লটাৰীৰ সহায় লোৱা হয়। লটাৰীৰ ফলাফল হিচাপে কয়লামাৰি চাহ বাগানৰ ফুটবল দলটোৱে “বাই”(BYE) লাভ কৰে। সেই অনুসৰি, ৩ ছেপ্টেম্বৰত পুৱা ১০ বজাত ডিজু আৰু চিনাতলীয়া চাহ বাগানৰ মাজত একমাত্ৰ ছেমি ফাইনেল খেলখনি অনুষ্ঠিত হব আৰু সেই খেলখনৰ বিজয়ী দলটোৰ সৈতে “বাই” লাভ কৰা কয়লামাৰি দলটোৱে একেদিনাই আবেলি ৩ বজাত চূড়ান্ত খেলখনত অৱতীৰ্ণ হব। খেলখনিত উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰিবলৈ লক্ষীমপুৰ জিলা প্ৰশাসন আৰু লক্ষীমপুৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগে আন্তৰিকতাৰে আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More