নৰ্থ লখিমপুৰ কলেজত ‘ভাষাবিজ্ঞানঃ তত্ত্ব আৰু প্ৰয়োগ’ শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন

0 76

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ চেপ্তেম্বৰঃ নৰ্থ লখিমপুৰ কলেজ [স্বায়ত্তশাসিত]ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি ‘ভাষাবিজ্ঞানঃতত্ত্ব আৰু প্ৰয়োগ’ শীৰ্ষক এক বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়৷ বিভাগৰ মুৰব্বী ড০ অৰবিন্দ ৰাজখুৱাই সঞ্চালনা কৰা অনুষ্ঠানটিৰ উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় সহকাৰী অধ্যাপক মুন্‌মী দত্তই৷ নিমন্ত্ৰিত প্ৰথম গৰাকী সমল ব্যক্তি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ড০ গৌতম কাকতীয়ে ভাষাতত্ত্ব আৰু ভাষাবিজ্ঞান সম্পৰ্কীয় প্ৰাথমিক পৰিচয়মূলক চৰ্চাত থকা বিভ্ৰান্তিসমূহৰ বিষয়ে আলোচনা কৰে৷ পৰৱৰ্তী সময়ত তেওঁ অসমীয়াকে ধৰি বিভিন্ন ভাষাগোষ্ঠীৰ ভাষিক উপাদানৰ উদাহৰণেৰে বিষয়টো গভীৰভাৱে ব্যাখ্যা কৰে৷ আন গৰাকী সমল বক্তি ড০ বিন্দুভূষণ বৰাই অসমীয়া ভাষাৰ লিখন আৰু কথনত সততে হোৱা ভুলসমূহৰ বিষয়ে বক্তৃতা আগবঢ়ায়৷ তেওঁ ভাষাবিজ্ঞানৰ সহায়ত কিদৰে অসমীয়া ভাষাটো শুদ্ধ ৰূপত ব্যৱহাৰ কৰিব পাৰি সেয়া উদাহৰণ সহকাৰে কয়৷ মূলতঃ ছাত্ৰ-ছাত্ৰীসকলৰ বৈৗদ্ধিক উত্তৰণৰ বাবে অসমীয়া বিভাগে দীৰ্ঘদিন ধৰি এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি আহিছে৷ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ ধনৰঞ্জন কলিতাই সমল ব্যক্তিদ্বয়ৰ লগতে অংশগ্ৰহণকাৰী সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More