পাকিস্তান-চীন সীমান্তলৈ ৰাছিয়ান S-400

ভাৰতৰ প্রতিৰক্ষাক লৈ পেন্টাগনৰ প্ৰতিবেদন

0 33

দাদুল দেৱকৃষ্ণ বৰুৱা

আগন্তুক মাহ, অর্থাৎ জুন মাহতেই ভাৰতীয় সীমান্তত মেতায়েন কৰা হ’ব পাৰে ৰাছিয়াৰ পৰা কিনা এছ-৪০০ মিছাইল ছিষ্টেম। চীন আৰু পাকিস্তানৰ ক্রমাগত ভাবুকিৰ কথা মনত ৰাখিয়েই এই অত্যাধুনিক মিছাইল চিষ্টেম প্রতিস্থাপন কৰা হ’ব। পেন্টাগনৰ সূত্রত এনে খবৰেই পোৱা গৈছে। মার্কিন কংগ্রেছৰ এক বৈঠকত পেন্টাগনৰ শীর্ষ গুপ্তচৰ বিষয়াই জনাইছে যে, পাকিস্তান আৰু চীনৰ ভাবুকিৰ মাজতে ভাৰতে নিজকে ৰক্ষা কৰাৰ বাবে দেশৰ প্রতিৰক্ষা ব্যৱস্থা সজাইছে। নৌ, স্থল আৰু বিমান বাহিনীক কৌশলগত পাৰমাণৱিক বাহিনীৰ অন্তর্ভুক্ত কৰাৰ চেষ্টা কৰিছে।1652882430698

* কি ক’লে আমেৰিকান গুপ্তচৰ সংস্থাই
আমেৰিকাৰ প্রতিৰক্ষা গুপ্তচৰ সংস্থাৰ পৰিচালক লেফটেনেন্ট জেনেৰেল ষ্টক বেৰিয়াৰে কয় যে, ২০২১ চনৰ ডিচেম্বৰত ৰাছিয়ান এছ-৪০০ মিছাইল চিষ্টেম হাতত পৰিছে ভাৰতৰ। আৰু এক গুৰুত্বপূর্ণ স্থানত ২০২২ চনৰ জুন মাহৰ ভিতৰত মোতায়েন কৰাৰ লক্ষ্যৰে সকলো ধৰণৰ প্রয়োজনীয় পদক্ষেপ কৰিছে ভাৰতে। এই ব্যৱস্থা এনে ঠাইত মোতায়েন কৰাৰ লক্ষ্য লৈছে ভাৰতে য’ৰ পৰা একেলগে চীন আৰু পাকিস্তানৰ আক্রমণ প্রতিহত কৰিব পৰা যাব। পেন্টাগনে আৰু জনাইছে যে, ভাৰতে নিজা হাইপাৰচনিক, বেলিস্টিক, ক্রুজ আৰু বিমান প্রতিৰক্ষা ক্ষেপণাস্ত্রৰ সক্ষমতা বিকাশ অব্যাহত ৰাখিছে। ২০২১ চনত একাধিক পৰীক্ষাও কৰিছে। মার্কিন কংগ্রেছৰ শুনানিত কোৱা হৈছে যে, কক্ষপথত যথেষ্ট উপগ্রহ আছে ভাৰতৰ। মহাকাশতো ভাৰত শক্তিশালী হোৱাৰ চেষ্টা কৰিছে। আক্রমণাত্মক মহাকাশনীতি পৰিচালনা কৰাৰ চেষ্টা কৰিছে ভাৰতে।

* বিদেশীৰ সমানে দেশীয় প্ৰযুক্তিত গুৰুত্ব
লেফটেনেন্ট জেনেৰেল বেৰিয়াৰে মার্কিন কংগ্রেছৰ সদস্যসকলক জনায় যে, ভাৰতে দেশীয় প্রতিৰক্ষা উৎপাদনৰ ওপৰত জোৰ দিছে। একাধিক সামৰিক সৰঞ্জাম তৈয়াৰ কৰিছে। তদুপৰি বিদেশৰ পৰা কিনা নানা সৰঞ্জাম পৰীক্ষা আৰু আধুনিকীকৰণৰ কামো কৰিছে। মার্কিন কংগ্রেছত ভাৰতে প্রতিৰক্ষা ব্যৱস্থাক লৈ কৰা ভৱিষ্যতৰ পৰিকল্পনাও তুলি ধৰিছে পেন্টাগনে। কোৱা হৈছে যে, ভাৰত ইন্টিগ্রেটেড থিয়েটাৰ কমাণ্ড প্রতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। এই ব্যৱস্থাই তিনিওটা সামৰিক পৰিসেৱাৰ মাজত যৌথ সক্ষমতা বঢ়োৱাত সহায় কৰিব। অৱশ্যে এতিয়াও ভাৰতে বিদেশনীতিৰ ক্ষেত্ৰত নিৰপেক্ষ অৱস্থান বজাই ৰাখিছে। আগন্তুক দিনতো সেই নীতি অব্যাহত থাকিব বুলিও অনুমান কৰিছে পেন্টাগনে। কোৱা হৈছে যে, ৰাছিয়া-ইউক্রেইন যুদ্ধত ভাৰতে প্রথমৰ পৰাই নিৰপেক্ষ অৱস্থান লৈছিল। এতিয়াও সেই অৱস্থাই বজাই ৰাখিছে। অৱশ্যে পাকিস্তান আৰু চীন সীমান্তৰ অস্থিৰতাই ভাৰতক কিছু হ’লেও উদ্বিগ্ন কৰি তুলিছে বুলিও পেন্টাগনে প্ৰকাশ কৰিছে। পেন্টাগনৰ পক্ষৰ পৰা আৰু কোৱা হৈছে যে, আফগানিস্তানৰ পতনৰ পিছত নতুন দিল্লীয়ে পাকিস্তানৰ মদতপুষ্ট উগ্ৰপন্থী সংগঠনসমূহৰ সক্রিয়তাৰ বিষয়ে ৰীতিমত উদ্বেগ প্রকাশ কৰিছিল। ভাৰতৰ আশঙ্কা আছিল পাকিস্তানৰ মদতপুষ্ট উগ্ৰপন্থী গোষ্ঠীবোৰে নতুনকৈ কাশ্মীৰ সীমান্তত বহু বেছি সক্রিয় হ’ব। সেয়ে ভাৰতেও যথাযথ ব্যৱস্থা লৈছিল পাকিস্তান সীমান্তত।

* কি এই এছ-৪০০ মিছাইল চিষ্টেম
উল্লেখযোগ্য যে এছ-৪০০ মিছাইল ব্যৱস্থাক বিশ্বৰ শ্ৰেষ্ঠ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ ভিতৰত গণ্য কৰা হয়। বহু দিশত আমেৰিকাৰ মিছাইল ডিফেন্স চিষ্টেমতকৈ এছ-৪০০ ভাল। ইয়াৰ জৰিয়তে মিছাইল, যুঁজাৰু বিমান, ৰকেট আনকি ড্ৰ’নৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়। প্ৰতিটো ৰেজিমেণ্টত ৮টা লঞ্চাৰ আছে। প্ৰতিখন লঞ্চাৰত ৪টা মিছাইল থাকে। অৰ্থাৎ এটা ৰেজিমেণ্টে এটা সময়ত ৩২টা মিছাইল নিক্ষেপ কৰিব পাৰে। এই ব্যৱস্থাৰ কমাণ্ড চেণ্টাৰে ৬০০ কিলোমিটাৰ দূৰত্বৰ পৰা আক্ৰমণকাৰী ক্ষেপণাস্ত্ৰ বা বিমানক অনুসৰণ কৰে আৰু তাৰ পিছত ২ কিলোমিটাৰৰ পৰা ৪০০ কিলোমিটাৰ দূৰত্বত ধ্বংস কৰা হয়। এই ব্যৱস্থাই এটা সময়ত ৮০টা লক্ষ্য অনুসৰণ কৰিব পাৰে আৰু ৰেঞ্জত আহিলে সেইবোৰ ধ্বংস কৰিব পাৰে। প্ৰয়োজন হ’লে ইয়াক ট্ৰাকত ভৰাই আগুৱাই নিব পাৰি আৰু তেতিয়াও মাত্ৰ ১০ৰ পৰা ১৫ মিনিটতে আক্ৰমণৰ বাবে সাজু হৈ পৰে। যদি এই ব্যৱস্থাপ্ৰণালী মোতায়েন কৰা হয় তেন্তে ই সংকেত গ্ৰহণ কৰাৰ ৩ মিনিটৰ ভিতৰত প্ৰতিশোধৰ বাবে সাজু হয়। এই ব্যৱস্থাৰ ৰাডাৰ জাম কৰিব নোৱাৰি।

* ৩৯ হাজাৰ কোটি টকাৰ চুক্তি
২০১৮ চনৰ ৫ অক্টোবৰত ৰাছিয়াৰ সৈতে ৫.৪৩ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৩৯ হাজাৰ কোটি টকাৰ বাবে ৰাছিয়াৰ সৈতে এছ-৪০০ৰ পাঁচটা ৰেজিমেণ্টৰ বাবে ভাৰতে চুক্তি স্বাক্ষৰ কৰিছিল। চীন আৰু পাকিস্তানৰ পৰা অহা বায়ু আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতৰ বাবে এই ধৰণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ অতি প্ৰয়োজন। চীনত কেৱল বৃহৎ সংখ্যক ভাল যুঁজাৰু বিমানেই নহয়, দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইলৰ বৃহৎ মজুত আছে। ভাৰতৰ সৈতে ৰাছিয়াৰ এই চুক্তিক লৈ আমেৰিকাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। আমেৰিকাই CAATSA আইনৰ অধীনত ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ হুংকাৰো দিছিল। কিন্তু ভাৰতে স্পষ্ট কৰি দিছিল যে নিজৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত সিদ্ধান্ত লোৱাৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ মানি নলয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More