পুৱাই কাকৈ নদীত পুনৰ বান্ধ নিৰ্মাণ কৰিবলৈ বাধ্য হ’ল ঠিকাদাৰ

‘শতাব্দ’ৰ বাতৰিত থৰকাছুতি হেৰাল জলসম্পদ বিভাগৰ

0 23

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬ জুলাইঃ লখিমপুৰ জলসম্পদ বিভাগৰ অন্তৰ্গত কাকৈ নদীত খহনীয়া প্ৰতিৰোধৰ নামত ঠিকাদাৰে পাল মৰা কাম কৰি ফ্লাড ড্ৰীলৰ লাখ লাখ টকা সৰকাই নিবলৈ চেষ্টা চলোৱাৰ বিষয়ে আজি ‘শতাব্দ’ত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছত আজি থৰকাছুতি হেৰায় লখিমপুৰ জলসম্পদ বিভাগৰ৷ বিভাগীয় বিষয়াৰ কাড়া নিৰ্দেশত পুৱাই কাকৈ নদীৰ বান খহনীয়া পৰিত্ৰাণৰ বাবে ঠিকাদাৰে কাম আৰম্ভ কৰিবলৈ বাধ্য হয়৷ বৰষুণৰ বতৰতে আজি দুই ঠিকাদাৰ মনিষ বৰা আৰু দীপেন শইকীয়া বাহিনীয়ে বান্ধ প্ৰতিৰোধৰ কাম যুদ্ধকালিন প্ৰস্তুতিৰে তথা বাঁহৰ স্পাৰ মাৰি খহনীয়া অংশত মাটিৰ বস্তা স্থাপন কৰি খহনীয়া ৰোধৰ প্ৰচেষ্টা চলায়৷ উল্লেখ্য যে জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা উৎপল পেগুৰ চূড়ান্ত দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি কেইদিনমানৰ পূৰ্বে ঠিকাদাৰদ্বয়ে ফ্লাড ড্ৰীল আঁচনি নিৰ্মাণৰ নামত অতি সেৰেঙাকৈ বাঁহৰ গোঁজ পুতি বান খহনীয়া প্ৰতিৰোধৰ নামত আৱণ্টিত ধন সৰকাই নিয়াৰ চেষ্টা চলাইছিল৷ ঠিকাদাৰৰ এনে দুষ্কাৰ্যৰ বিষয়ে আজি বাতৰি প্ৰকাশৰ পিছতে লখিমপুৰ জলসম্পদ বিভাগত হাহাকাৰ লাগে আৰু লখিমপুৰ জলসম্পাদ বিভাগৰ কাৰ্যবাহী অভিযন্তাজনে আজি পুৱাই ঠিকাদাৰদ্বয়ক কাম বেয়া হোৱা স্থানত আঁচনিখনৰ পুনৰ সংশোধনৰ নিৰ্দেশ দিবলৈ বাধ্য হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More