শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত বাধা আৰোপ

0 14

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৬ জুলাই: শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত গধুৰ বোজা বহন কৰা অৰ্থাৎ ১২/১৬/২২/২৪ চকীয়া বাহন আদিৰ চলাচলৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতিবেদনৰ ভিত্তিত শোণিতপুৰ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ দেৱ কুমাৰ মিশ্ৰই দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ ৰ অধীনত শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা বাহনৰ বাহিৰে আন গধুৰ বাহন অৰ্থাৎ ১০ চকীয়াতকৈ অধিক চকীয়া বাহনৰ চলাচলত বাধা আৰোপ কৰিছে। বৰ্তমান বাৰিষাৰ বতৰত অবিৰত বৰষুণৰ বাবে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অধিক অৱনতি ঘটাৰ আশংকা কৰি আৰু যিকোনো বাহন চলাচলৰ বাবে বিপজ্জনক হৈ পৰাৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ১৭ জুন,২০২৩ তাৰিখে অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত সংশ্লিষ্ট সকলোকে ৰাষ্ট্ৰীয় ঘাইপথত ১০ চকীয়াতকৈ অধিক গধুৰ বোজা বহন কৰা বাহনৰ চলাচলত বাধা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই নিৰ্দেশ ৰূপায়ন কৰা ক্ষেত্ৰত কোনো বিষয়া, কাৰ্যনিৰ্বাহক সংস্থা, বিভাগ, প্ৰতিষ্ঠান আৰু ব্যক্তি আদিক কাম সম্পন্ন কৰা সময়ত বাধা আৰোপ কৰিলে তেনে লোকৰ বিৰুদ্ধে প্ৰচলিত আইন আৰু নীতি অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জিলাখনত জাৰি কৰা হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More