প্ৰকৃতিপ্ৰেমীৰ অনন্য নিদৰ্শন নলবাৰীৰ দ্বীপেন দত্ত

লকডাউনৰ সময়ত সিঁচা নিম গছৰ বীজৰ পাঁচ হাজাৰ পুলি বিতৰণ

0 28

শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৭ এপ্ৰিলঃ নলবাৰী জিলাৰ এজন যুৱ ব্যৱসায়ীয়ে প্ৰকৃতিৰ পৰিৱেশৰ হকে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰাত সচেতন মহলে প্ৰশংসা কৰিছে। এই যুৱ ব্যৱসায়ীজন হৈছে জিলাখনৰ পূৱ বনগাঁৱৰ দীপেন দত্ত। ক’ভিডকালীন পৰিস্থিতিৰ বাবে ঘোষিত লকডাউনৰ সময়ছোৱাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ থকাত দ্বীপেন দত্ত নামৰ যুৱ ব্যৱসায়ীজনে নিজৰ ঘৰতে সিঁচিছিল নিম গছৰ বীজ। নলবাৰী নাট্য মন্দিৰৰ সন্মুখৰ পি এন চি পথৰ ‘নলবাৰী গ্লাছ হাউচ’ৰ স্বত্বাধিকাৰ দ্বীপেন দত্তই ২৫ এপ্ৰিলত তেওঁৰ প্ৰতিষ্ঠানখনৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে পাঁচ হাজাৰ নিম গছৰ পুলি বিতৰণৰ লক্ষ্য আগত ৰাখি এনে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছিল। পূৱ বনগাঁওৰ নিজ ঘৰৰ চৌহদতে তেওঁ পাঁচ হাজাৰ নিম গছৰ বীজ সিঁচিছিল। সম্প্ৰতি লহপহকৈ বাঢ়ি অহা নিম গছৰ পুলিবোৰ নলবাৰী গ্লাছ হাউছৰ ৰূপালী জয়ন্তী উপলক্ষে যুৱ ব্যৱসায়ীজনে ৰাইজৰ মাজত বিতৰণ কৰি আছে । ব’হাগৰ পহিলা দিনটোত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰী নগৰ উন্নতি সভাৰ উদ্যোগত অনুষ্ঠিত ‘নাচিব লাগিব ব’হাগ বিহু বুলি’ শীৰ্ষক অনুষ্ঠানৰ আৰম্ভণিতে আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত নলবাৰী গ্লাছ হাউছৰ তৰফৰ পৰা নিম গছৰ পুলি বিতৰণৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে । ইয়াৰ পিছৰে পৰা স্থানীয় দোকানীসকলৰ লগতে শুভকাংক্ষীৰ মাজত নলবাৰী গ্লাছ হাউছৰ পৰাই নিম গছৰ পুলি বিতৰণ কৰি থকা বিষয়টোৱে এক নিদৰ্শন দাঙি ধৰিছে বুলি চৰ্চিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More