ফৰিঙে ধৰা পেলাব কেন্সাৰ !

অধ্যয়নে মুকলি কৰিছে নতুনৰ সম্ভাৱনা

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ আগষ্ট : বহু সময়ত যেতিয়া কেন্সাৰ ধৰা পৰে, তেতিয়া ইমান দেৰি হয়গৈ যে ইয়াৰ চিকিৎসা কৰাটো অতি কঠিন হৈ পৰে। কেতিয়াবা চিকিৎসকে কৰিব পৰা একো নাথাকে। গতিকে সময়মতে ৰোগ নিৰ্ণয় কৰাটো অতি প্ৰয়োজনীয়। আৰু এই সমস্যা সমাধানত ফৰিং উপযোগী হ’ব পাৰে। যদিও শুনিবলৈ আচৰিত, তথাপি মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ গৱেষকসকলে এই দাবী কৰিছে। মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ বায়’মেডিকেল ইঞ্জিনিয়াৰিং বিভাগৰ গৱেষকসকলে দাবী কৰিছে যে ফৰিঙৰ মগজুত এনে সংবেদনশীল কোষ থাকে যিয়ে কৰ্কট ৰোগ আৰু সুস্থ কোষৰ মাজত পাৰ্থক্য ক’ব পাৰে। বিজ্ঞানীসকলৰ মতে, ই যেন ৰাসায়নিক গোন্ধৰ গোন্ধ লোৱাৰ দৰেই। ফৰিঙৰ অতি প্ৰাৰম্ভিক পৰ্যায়ত কৰ্কট কোষ ধৰা পেলোৱাৰ ক্ষমতা আছে। তাত্ত্বিকভাৱে যদি এই শক্তি ব্যৱহাৰ কৰি কোনো যন্ত্ৰ নিৰ্মাণ কৰিব পৰা যায়, তেন্তে সেই যন্ত্ৰটোত ফুঁৱাই সংশ্লিষ্ট ব্যক্তিজন কোনো বিশেষ ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছেনে নাই সেয়া ক’ব পৰা যাব। গৱেষকসকলে বিগত ১৫ বছৰে এনে এটা যন্ত্ৰ নিৰ্মাণৰ চেষ্টা চলাই আহিছে। এই নতুন আৱিষ্কাৰৰ পিছত ইয়াক বনোৱাটো সম্ভৱ হ’বনে নহয় সেয়া লক্ষণীয় হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More