বিষয় – প্লাষ্টিক নিষিদ্ধকৰণ

0 20

বিনয় কৃষ্ণ তামুলী ফুকন

প্লাষ্টিক নিষিদ্ধকৰণ–এই ঘোষণাটো বছৰ চেৰেগ মূৰে মূৰে শুনি থাকোঁ। শেষত একো নহয় গৈ। ঘোষণা কৰা সকলে দায় সাৰে – “এবাৰ ব্যৱহাৰ যোগ্য.. ইমান মাইক্ৰণৰ প্লাষ্টিকৰ ক্ষেত্ৰতহে এই নিষেধাজ্ঞা।”
হেৰ’ মাছ, শাক-পাচলি, গেলামালৰ দোকানীয়েই আলু, পিঁয়াজ, শাক-পাচলি ভৰাই দিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ ঠোঙাবোৰ কেৱল নিষিদ্ধ নে, কি?
বজাৰত উপলব্ধ বিস্কুট, চিপচৰ পেকেটবোৰ, মিনাৰেল ৱাটাৰ, ড্ৰিংকিং ৱাটাৰৰ বটলবোৰ, দুবাৰ ব্যৱহাৰ হয় নেকি?

সম্প্ৰতি মানুহৰ ৰাতিপুৱা আৰম্ভ হয় প্লাষ্টিকেৰে, নিশা শেষ হয় প্লাষ্টিকৰে।
পুৱা চকু মেলি হাতত লোৱা মবাইল ফোনটোৰ কভাৰ প্লাষ্টিকৰ, দাঁত ঘঁহা ব্ৰাছডাল প্লাষ্টিকৰ, টুথ পেষ্টৰ টিউৱটো প্লাষ্টিকৰ।ৰাতি শুৱৰ পৰত ফ্ৰীজত থোৱা খাদ্যৰ কন্টেইনাৰবোৰ প্লাষ্টিকৰ। চকুৰ পিন্ধা বিতচকুৰ যোৰৰ ফ্ৰেমটো প্লাষ্টিকৰ। ক’ত নাই প্লাষ্টিক? নুমুৱাই দিব লগা লাইটৰ বাল্বটো (LED) প্লাষ্টিকৰ, চুইছ বৰ্ড খন প্লাষ্টিকৰ…কেৱল মাত্ৰ এবাৰ ব্যৱহাৰযোগ্য পলিথিন বুলি শাক-পাচলিৰ বেপাৰী, গেলামালৰ বেপাৰীয়ে ব্যৱহাৰ কৰা থোঙা কেইটাৰ ওপৰত !
দাদাগিৰি কৰি কি লাভ?product 500x500 1
তাতকৈও ডাঙৰ কথা পৰিৱেশ সংৰক্ষণৰ নামত প্লাষ্টিকৰ বেনাৰ ছপাই প্ৰচাৰ কৰা সকলে বেনাৰ বোৰ recycling কৰে নে?
তাতকৈ আগৰ দিনৰ থান কাপোৰত হাতেৰে লেখা বেনাৰ কিয় ব্যৱহাৰ নকৰে? প্লাষ্টিকৰ ঠোঙা উৎপাদন কৰা কাৰখানাবোৰ গুৰিতে বন্ধ নকৰে কিয়?
এইবোৰ একো একোখন নাটক।
পৃথিৱীৰখন যদি প্ৰজন্মৰ বাবে সুৰক্ষিক কৰিব বিচাৰে এই নাটক বন্ধ কৰক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More