বজাৰত লাগিছে জুই চৰকাৰ আছে শুই : তিনিচুকীয়াত আছুৰ প্ৰতিবাদ

0 21

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুলাই : আজি সদৌ অসম ছাত্র সন্থাৰ আহ্বানক্ৰমে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ খাদ্যবস্তুকে ধৰি প্ৰায় সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলোৱাৰ পাছতো চৰকাৰে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি অহাৰ প্ৰতিবাদকল্পে আজি জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সভাপতি ৰাজা বলিমৰা, সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইৰ লগত জিলা ছাত্র সন্থাৰ অন্যান্য বিষয়ববীয়া আৰু কৰ্মীসকল উপস্থিত থাকে ৷ তিনিচুকীয়া আছুৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁয়ে চৰকাৰে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত আন্দোলন অধিক তীব্ৰ কৰি তোলা হ’ব বুলি সকীয়াই দিয়ে ৷ তেওঁ লগতে ৰাজ্যৰ ব্যৰ্থ যোগান মন্ত্রীক শীঘ্ৰে পদত্যাগ কৰিবৰ বাবে দাবী জনায় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More