বৰছলাৰ দৃষ্টিহীন নিত্যম দম্পতীক এটা চৰকাৰী আঁচনিৰ ঘৰৰ প্ৰয়োজন

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ 20230714 180843দেশৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ সৰ্বমুঠ তিনি লাখ সাতহেজাৰ আঠশ ৮১টা গৃহত এক উৎসৱ মুখৰ পৰিৱেশত গৃহপ্ৰৱেশ ঘটিল সৌভাগ্যৱান সকলৰ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী ভাবে আয়োজিত এই গৃহপ্ৰৱেশ অনুষ্ঠানত অংশ ল’লে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী,বিধায়ক,আমোলা বিষয়া আদিয়ে৷কিন্তু এই তিনি লক্ষাধিক সৌভাগ্যৱানৰ মাজত নাছিল শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ নিত্যম দাস নামৰ দৃষ্টিহীন আৰু চৰম দাৰিদ্ৰতাৰ মাজত দিন অতিবাহিত কৰা যুৱকজনৰ পৰিয়ালটো৷ উল্লেখযোগ্য যে,ঐতিহাসিক শিঙৰি অঞ্চলৰ চেন্টাৰত সম্পূৰ্ণৰূপে দৃষ্টিহীন পত্নী আৰু বৃদ্ধ পিতৃমাতৃৰ সৈতে বাস কৰে নিত্যমে৷ ৭০উৰ্দ্ধৰ পিতৃ হৰিপদ দাসে এতিয়া পৰিশ্ৰম কৰিব নোৱাৰে৷মাতৃও অসুস্থ৷গতিকে দৃষ্টিহীন পত্নী সহ চাৰিজনীয়া পৰিয়ালটোৰ দায়িত্ব সম্পূৰ্ণৰূপে দৃষ্টিহীন ৩৮বছৰীয়া নিত্যমৰ ওপৰত৷ঐতিহাসিক শিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ প্ৰৱেশদ্বাৰৰ কিছু নিলগত মন্দিৰ চৌহদৰ এজোপা বৃক্ষৰ তলত হাতত দোতোৰাখন লৈ যুৱকজনে পুৱাৰ পৰা বিয়লিলৈকে ধৰ্মমূলক বা লোক গীত গাই যায়৷কেতিয়াবা তেওঁক মন্দিৰ চৌহদলৈ লৈ অহা বৃদ্ধ পিতৃয়ে সহযোগ কৰে আৰু কেতিয়াবা কোনোবা এজন আত্মীয়ই৷দিনটোত এনেদৰে মন্দিৰলৈ অহা যাত্ৰীৰ একাংশই দি যোৱা ধনৰেই চলিছে পৰিয়ালটো৷এনেদৰে দিনটোত সংগ্ৰহ হোৱা এশ বা দুশ টকাৰেই চলি থকা নিত্যমৰ পৰিয়ালৰ নিজাকৈ এটুকুৰা মাটি আছে আৰু ইয়াতে থকা জুপুৰি সদৃশ ঘৰত পৰিয়ালটোৱে ৰ’দে বৰষুণে দিন অতিবাহিত কৰা দৃষ্টিহীন নিত্যমৰ ক্ষোভ তেওঁলোকৰ পৰিয়ালটোক এটা চৰকাৰী ঘৰ বিচৰা সত্বেও দিয়া হোৱা নাই৷উল্লেখযোগ্য যে বৰছলাৰ দক্ষিণ শিঙৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলৰ বাসিন্দা এই দৃষ্টিহীন যুৱকজন আৰু তেওঁৰ পিতৃ হৰিপদ দাসে স্হানীয় পঞ্চায়তক এটা চৰকাৰী বাসগৃহৰ বাবে কে’বাবাৰো কোৱা সত্বেও তেওঁলোকৰ কথাত কোনেও গুৰুত্ব নিদিলে৷একেদৰেই স্হানীয় বিধায়ক গণেশ কুমাৰ লিম্বু আৰু শোণিতপুৰৰ উপায়ুক্তকো এই দৃষ্টিহীন দম্পতী তথা পৰিয়ালটোক এটা চৰকাৰী গৃহ দিয়াৰ ব্যৱস্থা কৰিবলৈ স্হানীয় একাংশ লোকে অনুৰোধ জনাইছিল বুলি মন্দিৰত উপস্থিত থকা বহুকেজন লোকে প্ৰকাশ কৰি লগতে কয় যে, এই সকলো অনুৰোধ এই পৰ্যন্ত কামত নাহিল৷উল্লেখযোগ্য যে,বৃহস্পতিবাৰে যেতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ লাভ কৰি তেনে গৃহত গৃহপ্ৰৱেশ কৰাৰ সুযোগ ৰাজ্যৰ তিনি লক্ষাধিকে লাভ কৰিলে,সেই সময়ত নিত্যমে গুপ্তেশ্বৰ দেৱালয়ত এজন আত্মীয়ৰ সহযোগত গীত গাই চাউলমুঠি গোটোৱাৰ চেষ্টাতে অৱতীৰ্ণ হ’বলগীয়া হয়৷তেওঁৰ বৃদ্ধ পিতৃ আজি শাৰিৰীক অসুস্থতাৰ বাবে পুত্ৰৰ সৈতে উপস্থিত নাছিল৷এবুকু ক্ষোভ মনত লৈ থকা নিত্যমে কয়“মোৰ দৰেই মোৰ পত্নীও দৃষ্টিহীন৷মোৰ পিতৃ মাতৃৰ বহু বয়স হ’ল৷আমাক এটা চৰকাৰী ঘৰ লাগে৷কিন্তু আমাক পঞ্চায়ত সদস্যই ঘৰ নিদিয়ে৷ছমাহ আগতেও মই পঞ্চায়তলৈ গৈছিলোঁ কিন্তু মোক ক’লে তোমাৰ নাম তালিকাত নাই৷”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More