বহিঃৰাজ্যৰ গামোচাৰ প্ৰচলন নিষিদ্ধ কৰাৰ দাবী আছুৰ

গদাজাতীয় বস্তুৰ চিহ্ন থকা গামোচাই অসমৰ শিপিনীক তুচ্ছ তাচ্ছিল্য কৰিছে -- দীপাংক কুমাৰ নাথ

0 20

নলবাৰীৰ পৰা চম্পক বৈশ্য, ১৬ এপ্ৰিলঃ শীঘ্ৰে বহিঃৰাজ্যৰ গামোচাৰ প্ৰচলন নিষিদ্ধ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। পহিলা ব’হাগত নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু নলবাৰী নগৰ উন্নতি সভাৰ সহযোগত অনুষ্ঠিত ‘নাচিব লাগিব ব’হাগ বিহু বুলি’ শীৰ্ষক অনুষ্ঠানত মুকলি বিহু উদ্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে এই দাবী উত্থাপন কৰি কয়- ‘অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। আমাৰ যিবোৰ চিহ্ন সেইবোৰ প্ৰতিফলিত কৰাকৈ তাঁতশালৰ জৰিয়তে শিপিনীয়ে গামোচাত ফুল তোলে। কিন্তু ইয়াৰ বিপৰীতে ভীমৰ গদাজাতীয় বস্তু কিছুমান অংকন কৰা বহিঃৰাজ্যৰ গামোচাৰ প্ৰচলনে জাতিটোৰ সপোন ৰচা অসমৰ শিপিনীসকলক তুচ্ছ তাচ্ছিল্য কৰা হৈছে। সেয়ে শীঘ্ৰে অসম চৰকাৰে বহিঃৰাজ্যৰ এনে গামোচা নিষিদ্ধ কৰিব লাগে। আমাৰ শিপিনীক সকাহ দিব লাগে। এনেয়ে কিছুমান হিতাধিকাৰী সৃষ্টি কৰি ধন অপচয় কৰাতকৈ শিপিনীসকলক যথেষ্ট বৰঙনি দিয়ক। চৰকাৰে শিপিনীসকলক অতিৰিক্তভাৱে এটা মাননি দিয়ক। এনে কৰিলে আমাৰ শিপিনীসকলে প্ৰস্তুত কৰা গামোচা নিশ্চিতভাৱে বহিঃৰাজ্যৰ
পৰা আমদানিকৃত গামোচাৰ সমমূল্যত বিক্ৰী কৰিব পাৰিব।অন্যথা বাহিৰৰ পৰা অহা লোকসকলে অসমৰ পৰা লৈ যোৱা বহিঃৰাজ‌্যৰ গামোচা ডিঙিত ল’লে খজুৱতি কিম্বা সূতাৰ আঁচোৰ খাই গাৰ ছাল যোৱাৰ দৰে ঘটনা ঘটিব। গতিকে এনে ধৰণৰ সূতাৰে নিৰ্মিত গামোচা আমাক নালাগে।’ ইয়াৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ছাত্ৰ সন্থাই পদক্ষেপ গ্ৰহণ কৰিব বুলিও আছু নেতা গৰাকীয়ে হুংকাৰ দিয়ে। উল্লেখ্য, পহিলা ব’হাগত প্ৰতি বছৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰী নগৰ উন্নতি সভাই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰি আহিছে ‘নাচিব লাগিব ব’হাগ বিহু বুলি’ শীৰ্ষক অনুষ্ঠান। এইবেলিও পুৱাৰ ভাগত নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰুবুল বৰ্মন আৰু নলবাৰী নগৰ উন্নতি সভাৰ সভাপতি ড° দিনমণি ভাগৱতীয়ে পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহুৰ পতাকা উত্তোলন কৰে ,বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়ে। শ্বহীদ তৰ্পণ আৰু মাল্যাৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰে ক্ৰমে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই। বিহুৱান আৰু আশিস অনুষ্ঠান মুকলি কৰে সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই। আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নৱ কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানটোত নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত দুই শতাধিক ব্যক্তিক বিহুৱান ,অসমীয়া দিনপঞ্জী, ওলগ পত্র প্ৰদান কৰা হয়। উল্লেখ্য, উক্ত অনুষ্ঠানত তেজপুৰৰ থেছপিয়ান দলৰ সাংস্কৃতিক অনুষ্ঠানে উপস্থিত সকলোকে আপ্লুত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More