শতাব্দ ষ্টাফ ৰিপ’টাৰ ১৭ছেপ্টেম্বৰ: ভাদ মাহৰ একাদশীত উদযাপন কৰা হয় অসম চাহ জনগোষ্ঠীসকলৰ কৰম উৎসৱ।এই উৎসৱে জনজাতীয় লোকসকলৰ পৰম্পৰাত এক বিশেষ গুৰুত্ব বহন কৰে । আজিৰ দিনটোতেই চাহ জনজাতীয় পুৰুষ আৰু মহিলাসকলে একেলগে কৰম দেৱতাৰ উপাসনা কৰে । মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা হিচাপে জনাজাত । কৃষিকাৰ্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে পালন কৰা হয় এই উৎসৱ।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তেজপুৰ চহৰৰ নিকটবৰ্তী বাঁহবাৰীত আনন্দ উল্লাহেৰে পালন কৰম উৎসৱ ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা) বাঁহবাৰী উপ শাখাৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত চতুৰ্দশ বাৰ্ষিক কৰম উৎসৱ ব্যাপক উৎসাহ উদ্দীপনাৰে পালন কৰা পৰিলক্ষিত হয় ।যুৱক-যুৱতীসকলে ঝুমুৰৰ তালে-তালে হাতে-হাত ধৰি নৃত্য কৰাও পৰিলক্ষিত হৈছে। বাঁহবাৰীৰ অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ প্ৰাংগনত অনুষ্ঠিত কৰম পূজাত সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে কদম গছ ৰোপন কৰি বেদী স্থাপনেৰে ধূপ-দীপ-নৈবদ্যৰে পূজা অৰ্চনা কৰি সকলোৰে মংগল কামনা কৰে।সম্পূৰ্ণ ৰীতি-নীতিৰে জাৱা জাগা ব্ৰতৰে তিনি দিন উপবাসে থাকি ব্ৰত পালন কৰা গাঁৱৰ কুমাৰী কন্যাসকলৰ দ্বাৰা কৰম ডাল আনি প্ৰতিষ্ঠা কৰাৰ পিছত পূজা-পাতল আৰম্ভ হয় আৰু পূজা ভাগত ধৰ্মা-কৰ্মাৰ কাহিনী সাৱলীলভাৱে ব্যাখ্যা দাঙি ধৰে কাহিনীকাৰ ললিত কৰ্মকাৰ আৰু সহযোগ কৰে পূৰ্নকান্ত কৰ্মকাৰে।আখড়া মুকলি আৰু ঝুমুৰ প্ৰতিযোগিতাৰ উদ্বোধন কৰে বৰঘোপ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক লোহিত চন্দ্ৰ ৰাজৱাৰে।কৰম উদযাপন সমিতিৰ কাৰ্যবাহী সভাপতি প্ৰাঞ্জল কুৰ্মি আৰু বাঁহবাৰী উপ শাখাৰ (আটছা)ৰ সম্পাদক শোভানন্দ ৰাজৱাৰে আত ধৰা মুকলি সভাত অংশগ্ৰহন কৰি হামৰো প্ৰজাশক্তি কাকতৰ মুখ্য পৰিচালন সঞ্চালক অঞ্জন উপাধ্যায়ে কয়- চাহ জনগোষ্ঠী আৰু নেপালী সম্প্ৰদায় দেশৰ ভিতৰতে আটাইতকৈ পিছপৰা। চৰকাৰে এই সম্প্ৰদায়ক ভূমিৰ অধিকাৰ দিব লাগে। ভূমিৰ অধিকাৰ সম্প্ৰদায় দুটাৰ মুখ্য দাবী বুলি তেওঁ উল্লেখ কৰে। সভাত অংশগ্ৰহন কৰি আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মোহন তাঁতীয়ে চাহ শ্ৰমিকসকলক মজুৰিসহ কৰম পূজা দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ আহ্বান জনায় । কালি সন্ধিয়া ৯ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত আদিবাসী উন্নয়ন পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য দ্বীপেন নায়ক, শোণিতপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি বাতাশ ওৰাং, চাৰিদুৱাৰ চাহ বাগিছাৰ জেষ্ঠ পৰিচালক পংকজ ভাটিয়া,অনিল কুৰ্মি, দৌলত ৰাজৱাৰকে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
পূৰ্বৱৰ্তী লেখা
নৱ-প্ৰভাত আৰু এন পি আই এফ টিৰ উদ্যোগত ৰাজ্যিক বঁটা প্ৰদান আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন
পৰৱৰ্তী লেখা