বাৰেকুৰিবাসীৰ মৰমৰ হলৌ বান্দৰ ”কলীয়া”ৰ চিৰবিদায়

0 59

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ বাৰেকুৰিবাসীৰ মৰমৰ কলীয়া আৰু নাই ৷ প্ৰায় চাৰিটা দশক বাৰেকুৰিৰ কোলাত উমলি পাৰ কৰা কলীয়াই সোমবাৰে নিশা সকলোকে কন্দুৱাই প্ৰাণ ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত কলীয়াৰ বয়স হৈছিল প্ৰায় ৩৮-৪০ বছৰ ৷ দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্য্টনৰ ভেটি গঢ় লৈ উঠা তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকো গাঁৱৰ চাৰিজনীয়া হলৌ পৰিয়ালটোৰ জ্যেষ্ঠ সদস্য আছিল কলীয়া৷ বাল্যকালৰ পৰাই হলৌৰ সংৰক্ষণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ সভাপতি দিপ্লৱ চুতীয়াই জানিবলৈ দিয়া মতে হলৌ বান্দৰে সদায় গছৰ উচ্চতাত আশ্ৰয় লয় ৷ তললৈ নামি অহা মানেই বুজিব লাগিব যে হলৌটোৱে কিবা সমস্যাত ভুগিছে৷ এনে সময়ত তাৎক্ষণিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে হলৌৰ মৃত্যু অনিবাৰ্য্য৷ কলীয়াই সোমবাৰে বিয়লিৰ পৰা গছৰ ওপৰলৈ উঠিবলৈ এৰি নিম্নাংশতে আশ্ৰয় গ্ৰহণ কৰিছিল ৷ ইয়াকে দেখি সংশ্লিষ্ট চৰকাৰী বিভাগৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও উপযুক্ত সময়ত তাৎক্ষণিক সঁহাৰি নোপোৱাৰ বাবে কলীয়াৰ মৃত্যু নিশ্চিত হৈ পৰে আৰু আজি পুৱাৰ ভাগত উদ্ধাৰ হয় কলীয়াৰ মৃতদেহ ৷ মৰণোত্তৰ পৰীক্ষাত কলীয়াৰ যকৃৎ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ আজি দিনৰ ভাগত বন বিভাগৰ লোকৰ উপস্থিতিত কলীয়াৰ সৎকাৰ কৰা হয় ৷ উল্লেখ্য যে সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা দুষ্প্ৰাপ্য হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো পৰ্যটন ক্ষেত্ৰত এক পৰিচিত নাম হৈ পৰিছে ৷ বৰ্তমান বৃহত্তৰ বাৰেকুৰি অঞ্চলত ২৩ টা হলৌ আছিল যদিও কলীয়াৰ মৃত্যুৰ পাছত এই সংখ্যা ২২ টালৈ হ্ৰাস পালে ৷ হলৌৰ সৈতে বাৰেকুৰিবাসীৰ গঢ়ি উঠা আত্মিক সম্পৰ্কই অন্য এক বৈশিষ্ট্য বহন কৰি আহিছে ৷ প্ৰতিবছৰে বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি আৰু স্থানীয় অন্যান্য দল, সংগঠনে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰি আহিছে হলৌ দিৱস৷ বাৰেকুৰিবাসীৰ নিবিড় সান্নিধ্যত মুকলিমূৰীয়াকৈ উমলি জামলি থকা হলৌ দেশ-বিদেশৰ অগণন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যদিও দুষ্প্ৰাপ্য হলৌ বান্দৰ সংৰক্ষণৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More