বান্দৰদেৱাত চৰকাৰী বন ভূমিত বে-দখলঃ সঘনাই ভূমি দখল-বিক্ৰীক লৈ বিবাদ

0 40

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দৰদেৱাত বন বিভাগৰ চৰকাৰী ভূমিত এতিয়া যিকোনো লোকে বে-দখল আৰম্ভ কৰি বিক্ৰী পৰ্যন্ত কৰি আহিছে৷ যাৰফলত ভূমি বে-দখল আৰু বিক্ৰীক লৈ সময়ে সময়ে সংঘাতৰ সৃষ্টি হৈ আহিছে৷ আজিও দুটা ফৈদৰ মাজত এনে সংঘাতৰ সৃষ্টি হয়৷ প্ৰাপ্ত অভিযোগ অনুসৰি ডিক্ৰং নদীৰ নিচেই কাষত ১ নং পাৰ্বতীপুৰত চৰকাৰী বনভূমি বহুলোকে বে-দখল কৰি সময়ে সময়ে এনে ভূমি বিভিন্ন লোকক বিক্ৰী কৰি আহিছে৷ বিভিন্ন সম্প্ৰদায়ৰ লোকে এনে ভূমি বে-দখল কৰি ঘৰ সাজি অহাৰ লগতে চৰকাৰী বন ভূমি কৌশলেৰে বিক্ৰী কৰি আহিছে৷ উক্ত স্থানত অ সামাজিক কাৰ্যকলাপ সংঘটিত হৈ অহা বুলিও এক সূত্ৰই অৱগত কৰিছে৷ বিশেষকৈ নদীপৰীয়া এই ঠাইখনত বহু দুষ্ট চক্ৰই থিতাপি লৈ মদ, ভাং, জুৱা, ড্ৰাগছ আদিৰ ঘাটি স্থাপন কৰি অঞ্চলটোৰ পৰিৱেশ বিঘ্নিত কৰি আহিছে৷ ইতিমধ্যে ভূমি বিবাদক লৈ বান্দৰদেৱা থানাই সঘনাই এই অঞ্চলত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰি আহিব লগা হৈছে৷ আজিও তেনে এক অনুৰূপ ঘটনা পুৱাই সংঘটিত হোৱাত বান্দৰদেৱা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয়৷ চৰকাৰী ভূমি বে-দখল কৰি একপ্ৰকাৰে বে-আইনী ভাৱে বিভিন্ন লোকক বিক্ৰী কৰি অহা কাৰ্যই সচেতন ৰাইজক আচৰিত কৰি তুলিছে৷ এইক্ষেত্ৰত বিহপুৰীয়া ৰাজহ চক্ৰৰ দুৰ্বল ভূমিকাকো বহুতে সমালোচনা কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More