শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন উৎপীড়নৰ অভিযোগ

0 58

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯জুলাইঃ শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰত৷উল্লেখযোগ্য যে, তেজপুৰৰ গাভৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰবী শিলৰ বিৰুদ্ধে কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল কৰিছে শোণিতপুৰ জিলা শিশু সুৰক্ষা গোটে৷ কিশোৰী গৰাকীৰ পৰা জিলা শিশু সুৰক্ষা গোটে শিক্ষা বিষয়াজনে চলোৱা অত্যাচাৰৰ অভিযোগ গ্ৰহণ কৰাৰ লগতে কাউন্সেলিং অব্যাহত ৰাখিছে৷ ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে আই পি চি ৩৫৪ আৰু পস্ক আইনৰ অধীনত ৫৮৭/২৩ মৰ্মে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰবী শিলক কিন্তু এই পৰ্যন্ত ৰহস্যজনক ভাৱে গ্ৰেপ্তাৰ কৰা নাই তেজপুৰ আৰক্ষীয়ে৷ শিক্ষা বিষয়াজনে স্বাস্থ্যজনিত কাৰণত ছুটী লৈ আত্মগোপন কৰি আছে বুলি অভিযোগ উঠিছে৷তেওঁ বিগত প্ৰায় এসপ্তাহে কাৰ্যালয়ত উপস্থিত হোৱা নাই ৷ শিশু সুৰক্ষা বিষয়াই এইকথা উল্লেখ কৰে৷প্ৰণিধানযোগ্য যে ঘটনা সন্দৰ্ভত যোৱা ১০ জুলাইতে এজাহাৰ দাখিল কৰাৰ লগতে গোচৰ পঞ্জীয়ন কৰা হৈছিল যদিও আৰক্ষীয়ে শিক্ষা বিষয়াজনক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More