বান্দৰদেৱাত পথ দুৰ্ঘটনাত হাৱাজানৰ যুৱকৰ মৃত্যুঃ কদমত বলেৰ’-ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষত আহত- ৬

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ , ১১ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ বান্দৰদেৱাত যোৱানিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ উক্ত দুৰ্ঘটনাত হাৱাজানৰ এজন যুৱক নিহত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা বান্দৰদেৱাৰ পৰা হাৱাজানৰ গৃহাভিমুখে এখন দুচকীয়া বাহন [বুলেট]ত মৃণাল বৰা [২২] আৰু অভি দাস [২৩] নামৰ যুৱক দুজন গৈ থকাৰ সময়তে বান্দৰদেৱাৰ পি টি চি ১নং গেটৰ সমীপত তথা বালিগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পুঁতি ৰখা পকী খুঁটাত তীব্ৰ জোৰত খুন্দা মৰাৰ ফলত দুয়োজন যুৱক গুৰুতৰ ভাৱে আহত হয়৷ যোৱা নিশা প্ৰায় ৯ বজাত এই ঘটনা সংঘটিত হোৱাৰ পিছত দুয়োকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁলোকৰ অৱস্থা গুৰুতৰ হোৱাত দুয়োকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও মৃণাল বৰা নামৰ যুৱকজনৰ ডিব্ৰুগড়তে আজি পুৱা মৃত্যু হয়৷ নিহত মৃণাল বৰাৰ ঘৰ হৈছে হাৱাজান দেউৰী গাঁৱত আৰু অভি দাসৰ ঘৰ হাৱাজান জৰিগুৰিত৷ যুৱকজনৰ অকাল বিয়োগত হাৱাজান অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে৷ ইফালে অভি দাসে চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে৷ আনহাতে যোৱা নিশা লখিমপুৰ জিলাৰে কদমৰ সমীপৱৰ্তী কুলাবালিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আন এটা পথ দুৰ্ঘটনা সংঘটিত হয়৷ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত নিশা প্ৰায় ৯.৩০ বজাত এখন বলেৰ’ [এ আৰ ০৯ চি ৮৩২১] আৰু এখন ট্ৰেক্টৰৰ [এ এচ ০৭ বি চি ৫০৩১] মাজত মুখামুখি সংঘৰ্ষ লাগে৷ ফলত ট্ৰেক্টৰখনৰ চালক হেণ্ডিমেনৰ লগতে বলেৰ’খনৰ চাৰিজন আৰোহী গুৰুতৰ ভাৱে আহত হয়৷ আহত আটাইকেইজনকে বগীনদী আৰক্ষীয়ে ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ আহত লোককেইজন অৰুণ দলে, বাবু টাইদ, বিক্ৰম পেগু, ৰাজু টাইদ বুলি জানিব পৰা গৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More