বানৰ পিছত তেজপুৰৰ কৃষকৰ ওপৰত খৰাঙৰ মাধমাৰ

ছিৰালফাঁট পথাৰতঃজলসিঞ্চনৰ অভাৱত ক্ষুন্ন কৃষক

0 70

শতাব্দ, ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪ছেপ্টম্বৰঃ এফালে চৰকাৰৰ পথাৰত নিজৰ উৎপাদনৰে ৰাজ্যৰ বজাৰ দখলৰ উদাত্ত আহ্বান আৰু আনহাতে শিক্ষিত তথা আগ্ৰহী কৃষকৰ বাৰম্বাৰ আহ্বান সত্বেও প্ৰয়োজনীয় বহু কৃষিপথাৰত নাই জলসিঞ্চন ব্যৱস্থা৷ সম্প্ৰতি শোণিতপুৰৰ পক্ষীয়াঝাৰ অঞ্চলৰ লগতে কাষৰীয়া কেবাশ বিঘা কৃষিপথাৰ ছিৰালফাট দিয়াৰ লগতে বান আৰু খৰাঙত সমানে জুৰুলা হোৱা কমেও ডেৰশ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থাৰ উদ্ভৱ হৈছে৷উল্লেখযোগ্য যে,এইবাৰ জুন মাহৰ পৰাই অঞ্চলটোৰ বহু কৃষিপথাৰ বানৰ কৱলত পৰিছিল৷ ভাদৰ অধিকাংশ সময়েই ঘগৰা আৰু ডিপোটা নৈৰ বানত জুৰুলা হোৱা এই অঞ্চল সমূহৰ দ কৃষিপথাৰ সমূহ দীৰ্ঘদিন পানীৰ তলত থকাৰ পাছত এনে অৱস্থাতে আৰম্ভ হোৱা প্ৰখৰ ৰ’দ আৰু প্ৰচণ্ড উত্তাপত পথাৰত আৱদ্ধ হৈ থকা পানী ইমানেই গৰম হৈ পৰে যে ইয়াৰ তলত থকা নকৈ ৰোৱা ধান সকলো নস্ত হৈ পৰে৷উল্লেখযোগ্য যে,তেজপুৰৰ নিকটৱৰ্তী পক্ষীয়াঝাৰ,বিন্দুকুৰি,বাঁহবাৰী আদি অঞ্চলত এইবাৰ দুবাৰকৈ ধান খেতি নষ্ট কৰে বানে৷প্ৰনিধানযোগ্য যে,তেজপুৰৰ পক্ষীয়াঝাৰত কৰা ধানখেতিৰ ভিতৰত ৰঞ্জিত চাপ ১ শ্ৰেণীৰ ধানো আছিল আৰু এইবিধ ধান পানীৰ তলত থাকিলেও সহজে নমৰে৷কিন্তু কৃষিপথাৰত বাঢ়নি পানী আৱদ্ধ হৈ পৰাত আৰু প্ৰচণ্ড উত্তাপৰ ফলত এইবাৰ এই অঞ্চলৰ ন্যূনতম সাতশ বিঘা মাটিৰ ধান বিনস্ত হয়৷এনেদৰে ধান গেলি পচি নস্ত হোৱাৰ পাছত সম্প্ৰতি আৰম্ভ হোৱা তীব্ৰ খৰাঙৰ ফলত শ শ বিঘা মাটিত চিৰাল ফাট মেলাত ইয়াত নতুনকৈ কৃষি কৰাৰ সম্ভাৱনীয়তা নোহোৱা হৈ পৰিছে৷উল্লেখযোগ্য যে,ইয়াত একোজন কৃষকে তিনিবিঘাৰ পৰা ৪০বিঘা, এশ বিঘা পৰ্যন্ত খেতি কৰে৷অঞ্চলটোত সম্প্ৰতি শিক্ষিত যুৱকেও কৃষিকাৰ্যত নিষ্ঠাসহকাৰে মনোনিৱেশ কৰিছে৷কিন্তু এই অঞ্চলৰ কৃষকে বাৰম্বাৰ জলসিঞ্চন ব্যৱস্থাৰ বাবে দাবী জনাই আহিছে য’দিও চৰকাৰী বিভাগে কে’বাবছৰ ধৰি ইয়াত মাত্ৰ জৰীপ চলায়েই দায়িত্ব সামৰিছে৷আজিলৈকে জলসিঞ্চনৰ ব্যৱস্থা নোহোৱাৰ বিষয়ে প্ৰকাশ কৰি একাংশ কৃষকে লগতে কয় যে অঞ্চলটোৰ বহু কৃষকে ঋণ লৈ খেতি কৰে৷কিন্তু এইসকল কৃষকৰ বহুতৰে কৃষিবীমা নায়৷উল্লেখযোগ্য যে,বহু কৃষকে আনৰ ভূমিত খেতি কৰে আৰু কৃষকজনে কৃষি বীমা কৰাৰ বাবে প্ৰয়োজনীয় নথিত ভূমিৰ প্ৰকৃত গৰাকীয়ে চহী নকৰে৷পৰিণতিত কৃষকসকল জলসিঞ্চনৰ অভাৱৰ লগতে বীমা অবিহনে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷সম্প্ৰতি তেজপুৰৰ এই বৃহত্তৰ অঞ্চলৰ ধাননি পথাৰৰ ছিৰালফাঁট দিয়া অৱস্থাই স্হানীয় কৃষক সকলক অসহায় অৱস্থাৰ সন্মুখীন কৰাৰ বিপৰীতে জলসিঞ্চনৰ অভাৱ তথা চৰকাৰী বিভাগৰ অৱহেলাই কৃষক সকলক ক্ষুন্ন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More