বিদেশী নাগৰিকলৈ বিশেষ আয়ুস ভিজা

0 15
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ঘোষণা কৰিছে যে ভাৰতবৰ্ষৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰে চিকিৎসা গ্ৰহণ কৰিবলৈ ইচ্ছুক বিদেশী নাগৰিকসকলৰ বাবে শীঘ্ৰেই ‘বিশেষ আয়ুস ভিজা’ৰ প্ৰৱৰ্তন কৰা হ’ব। গান্ধীনগৰত অনুষ্ঠিত ‘Global Ayush Investment & Innovation’ সম্পৰ্কীয় শীৰ্ষ সন্মিলনখন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে এনেদৰে কয়।
  • দিল্লীত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু ইয়াৰ অন্যথাই ৫০০ টকাৰ জৰিমনা বিহা হ’ব বুলি দিল্লী চৰকাৰে ঘোষণা কৰিছে। উল্লেখযোগ্য যে মঙ্গলবাৰে দিল্লীত নতুনকৈ ৬৩২ জন লোকৰ শৰীৰত ইয়াৰ সংক্ৰমণ ধৰা পৰিছে।
  • ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট খেলুৱৈ কিৰেণ প’লাৰ্ডে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। ৩৪ বছৰীয়া প’লাৰ্ডে ১৫ বছৰীয়া খেলুৱৈ জীৱনত ১২৩ খন এদিনীয়াত ২৭০৬ ৰান আৰু টি টুৱেণ্টীত মুঠ ১০১ খন খেলত ১৫৬৯ ৰান সংগ্ৰহ কৰিছিল। তেওঁ এদিনীয়াত ৫৫ টা আৰু টি টুৱেণ্টীত ৪২ টা উইকেটো দখল কৰিছিল। অৱশ্যে ৱেষ্ট ইণ্ডিজৰ হৈ তেওঁক টেষ্ট খেলাৰ কোনো সুযোগ দিয়া হোৱা নাছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More