বিশ্বত ক্ৰমাৎ বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা

0 14

শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে’: দুবছৰৰ পাছত বিশ্বৰ পৰ্যটন জগতখন পুনৰ উজ্জীৱিত হৈ উঠিছে। বিশ্বৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহলৈ মানুহে এতিয়া পুনৰ ঢাপলি মেলিছে। একপ্ৰকাৰ বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰ বাবে কাৰ্যত: স্তদ্ধ হৈ পৰা পৃথিৱীখন পুনৰ যেন জীৱন্ত হৈ পৰিছে। ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই জনোৱা মতে সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক পৰ্যটকৰ সংখ্যা ক্ৰমাৎ যথেষ্ট বৃদ্ধি পাইছে। সংস্থাটোৰ মতে ২০২১ চনৰ জানুৱাৰী মাহৰ তুলনাত ২০২২ চনৰ জানুৱাৰী মাহত আন্তৰ্জাতিক পৰ্যটক আগমণৰ পৰিমাণ ১৩০ শতাংশ বৃদ্ধি পাইছে। যোৱা সময়ছোৱাতকৈ ১৮ নিযুত পৰ্যটকৰ আগমন বৃদ্ধি হোৱাটো উদ্যোগটোৰ বাবেই আশাব্যঞ্জক। 19tourism superJumboযদিও ক’ভিড পৰিস্থিতিৰ পূৰ্বৰ অৱস্থালৈ আহিবলৈ এতিয়াও বহু দূৰ। ক’ভিড পৰিস্থিতিৰ পূৰ্বে ২০১৯ চনত আন্তৰ্জাতিক পৰ্যটকৰ পৰা পৰ্যটন উদ্যোগটোৱে ৰাজহ উপাৰ্জন কৰিছিল ১.৪৮ ত্ৰিলিয়ন আমেৰিকান ডলাৰ। ইয়াৰ পৰৱৰ্তী দুবছৰত এই ৰাজহৰ পৰিমাণ ক’ভিড নিষেধাজ্ঞাৰ বাবে দুই তৃতীয়াংশলৈ হ্ৰাস হৈছিল। ৰাষ্ট্ৰসংঘৰ পৰ্যটন সংস্থাটোৰ অধ্যয়নৰ পৰা দেখা গৈছে যে, এছীয়-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৰ বাহিৰে ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আফ্ৰিকা, মধ্য প্ৰাচ্য সকলোতে পৰ্যটকৰ সোঁত ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এছীয়-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কেইবাখনো দেশত এতিয়াও বাহাল থকা ক’ভিড নিষেধাজ্ঞাৰ বাবে পৰ্যটকৰ প্ৰৱেশ-প্ৰস্থানত বাধাৰ সৃষ্টি হোৱাৰ বাবেই এই অঞ্চলটোত পৰ্যটন উদ্যোগটোৱে থমকি ৰ’ব লগা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More