শোণিতপুৰত পোহৰলৈ আহিছে মানৱ সৰবৰাহৰ ঘটনা

দুই লাখ টকাৰ মুক্তিপণ দাবী - ভূক্তভোগী পৰিয়ালৰ আৰক্ষীক এজাহাৰ

0 36

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ এপ্ৰিল : শোণিতপুৰত এইবাৰ মানৱ সৰবৰাহৰ দৰে ভয়ানক ঘটনা সংঘটিত হোৱাৰ এক তথ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কৰ্ম সংস্থান দিয়াৰ প্ৰলোভনেৰে একাংশ ঠিকাদাৰে এই মানৱ সৰবৰাহ ঘটনা সংঘটিত কৰা তথ্য পোহৰলৈ আহিছে ৷ এই সন্দৰ্ভত লাভ কৰা এক তথ্য অনুসৰি লক্ষীমপুৰৰ হাছিনুৰ ৰহমান নামৰ এজন ঠিকাদাৰে ইটানগৰত কাম দিয়া প্ৰলোভনেৰে শোনিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ গটাইমাৰী চাপৰিৰ পৰা লৈ যোৱা ছয় গৰাকী শ্ৰমিকৰ সন্ধান নাই যোৱা এমাহ ধৰি ৷ এই শ্ৰমিকসকলৰ মুক্তিৰ দাবীত ঠিকাদাৰে ফোন যোগে মুক্তিপন হিচাপে দুইলাখ টকাকৈ বিচৰাৰ অভিযোগ কৰিছে ভূক্তভোগীৰ পৰিয়ালে ৷ আনকি ছয় গৰাকী শ্ৰমিকৰ মুক্তিৰ বাবে পৰিয়ালে ইতিমধ্যে এক লাখ টকা আদায় দিয়া বুলিও জানিব পৰা গৈছে ৷ মনকৰিবলগীয়া কথা যে এই এক লাখ টকা আদায় দিয়াৰ পিচতো ঠিকাদাৰে বৰ্তমানেও মুক্তি কৰি দিয়া নাই শ্ৰমিক কেইগৰাকীক ! শ্ৰমিকৰ পৰিয়ালে এতিয়া শংকিত হৈ শ্ৰমিক কেইগৰাকী উদ্ধাৰৰ বাবে শৰণাপন্ন হৈছে আৰক্ষীৰ ওচৰত ৷ নিৰুদিষ্ট শ্ৰমিকৰ বাবে আৰক্ষীক এজাহাৰ দাখিল কৰিছে ৷ জানিব পৰা মতে লক্ষীমপুৰৰ হাছিনুৰ ৰহমান নামৰ ঠিকাদাৰ জনে এমাহ পূৰ্বে ইটানগৰত কাম দিয়াৰ প্ৰলোভনেৰে জিলা খনৰ চতিয়া সমষ্টিৰ গটাইমাৰী অঞ্চলৰ পৰা কাচেম আলী (৩২ ) ; মুনতাজ আলী (২৩ ; ইক্ৰামুল হক (২৭ ); ৰফিকুল ইছলাম (৪৫ ); নৱেদ আলী(২২ ); আৰু জাকিৰ হুছেইন (২৭ )ক কাম দিয়া প্ৰলোভনেৰে এমাহ পূৰ্বে লৈ গৈছিল ইটানগৰলৈ ৷ কিন্তু সংস্থাপনৰতো দূৰৈৰে কথা ঠিকাদাৰ হাছিনুৰে শ্ৰমিক কেইগৰাকী মুক্তিৰ বাবে পৰিয়ালৰ লোকক ফোন যোগে দুই লাখ টকা দাবী কৰা কাৰ্যত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আজি সাংবাদিকৰ আগত ভূক্তভোগী পৰিয়ালৰ সদস্যই সকলো কথা বিৱৰি কোৱাত সৰ্বত্ৰে ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া কথা হ’ল ঠিকাদাৰে কামৰ প্ৰলোভনেৰে লৈ যোৱা শ্ৰমিক কেইগৰাকীৰ পৰিয়ালে আৰক্ষীক দিয়া এজাহাৰৰ পিচত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সিহে লক্ষনীয় হব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More