বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক, অলিম্পিক চেম্পিয়নক পৰাস্ত কৰিও স্বৰ্ণ-বঞ্চিত চানু

অলিম্পিক পদক বিজয়ী মীৰাবাই শ্ৰেষ্ঠ প্ৰদৰ্শনৰ ওচৰলৈয়ো নাহিল। তেনে হোৱা হ'লে তেওঁ বিশ্ব চেম্পিয়নশ্বিপত দ্বিতীয়টো সোণৰ পদক লাভ কৰাৰ সুযোগ পালেহেঁতেন। তেওঁৰ আৰম্ভণি ভাল কৰিব পৰা নাছিল।

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ডিচেম্বৰ : বিশ্ব মঞ্চত পুনৰ দেশক গৌৰৱান্বিত কৰিলে মীৰাবাই চানুৱে। ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মহিলা ভাৰোত্তোল চানুৱে বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে। ৪৯ কেজি শাখাত তেওঁ মুঠ ২০০ কেজি ভাৰ উত্তোলন কৰি ৰূপৰ পদক লাভ কৰে। স্বৰ্ণজয়ী চীনৰ জিয়াং হুইহুয়াই মুঠ ২০৬ কেজি ওজন দাঙে। মীৰাবায়ে তেওঁৰ তুলনাত ৬ কিলোগ্ৰাম কমকৈ দাঙে। সোণৰ পদক অৰ্জন কৰিব নোৱাৰিলেও ভাৰতীয় ভাৰোত্তোলকগৰাকীয়ে চীনৰ অলিম্পিক চেম্পিয়ন হৌ জিহুইক পৰাস্ত কৰে। হৌৱে মুঠ ১৯৮ কিলোগ্ৰাম ওজন তুলি ব্ৰঞ্জৰ পদক লাভ কৰে।

1670409626 pti07 30 2022 000326a sixteen nine

টকিঅ’ অলিম্পিকত মীৰাবায়ে মহিলাৰ ৪৯ কেজি ভাৰোত্তোলন শাখাতো ৰূপৰ পদক লাভ কৰিছিল। বগোটাত আয়োজিত বিশ্ব চেম্পিয়নশ্বিপতো সোণৰ পদকে তেওঁৰ বাবে অপেক্ষা কৰিছিল। মীৰাবায়ে স্নেচ শাখাত ৮৭ কেজি আৰু ক্লিন এণ্ড জাৰ্ক শাখাত ১১৩ কেজি ওজন তোলে। স্বৰ্ণ বিজয়ী জিয়াঙে স্নেচ শাখাত ৯৩ কেজি আৰু ক্লিন এণ্ড জাৰ্ক শাখাত ১১৩ কেজি ওজন তোলে। স্নেচ শাখাত পিছ পৰি ৰ’ল মীৰাবাই। ভাৰতীয় ভাৰোত্তোলকগৰাকীয়ে ক্লিন এণ্ড জাৰ্ক শাখাত ৬ কেজিৰ পাৰ্থক্য ক্লিয়াৰ কৰিব নোৱাৰিলে। প্ৰথম ৰাউণ্ডৰ শেষত তেওঁ তৃতীয় স্থানত আছিল। কাৰণ ব্ৰঞ্জৰ পদক বিজয়ী হাউৱে স্নেচ শাখাত ৮৯ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্ক শাখাত ১০৯ কিলোগ্ৰাম তুলিছিল।

মীৰাবাইৰ আৰম্ভণি ভাল নহ’ল। তেওঁ ৮৫ কিলোগ্ৰাম ওজনেৰে প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ কৰিছিল। দ্বিতীয় প্ৰয়াসত ৮৭ কেজি ওজন তুলিব নোৱাৰি পঞ্চম স্থানলৈ নামি আহে। তৃতীয়টো প্ৰচেষ্টাত সফল হোৱাৰ পিছত পুনৰ পদকৰ প্ৰতিদ্বন্দ্বিতালৈ উভতি আহে। ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ ওচৰলৈয়ো নাহিল মীৰাবাই। তেনে কৰা হ’লে তেওঁ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিব পাৰিলেহেঁতেন। তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল স্নেচত ৯৬ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১৯ কিলোগ্ৰাম। ক্লীন এণ্ড জাৰ্কত মহিলাৰ ৪৯ কেজি শাখাত বিশ্ব অভিলেখ তেওঁৰ নামতেই আছে। বিশ্ব চেম্পিয়নশ্বিপৰ পৰা দ্বিতীয়বাৰৰ বাবে পদক অৰ্জন কৰিছে মীৰাবায়ে। ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ সোণৰ পদক লাভ কৰিছিল। সেইবাৰ তেওঁ ৪৮ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More