বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ওপজা দিন

সুধাকণ্ঠ বন্দনাৰে মুখৰিত ঊষানগৰী তেজপুৰ

0 50

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ ছেপ্টেম্বৰঃবিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিনটোত আজি পুৱাই মুখৰিত হৈ পৰিল ড০ ভূপেন হাজৰিকাৰ সৰ্বাধিক প্ৰিয় ঠাই ঊষা নগৰী তেজপুৰ৷বিগত বছৰৰ দৰে এইবাৰো তেজপুৰৰ ঘৰপৰা চুবুৰীৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ অধ্যক্ষা দীপা দাসৰ নেতৃত্বত শিক্ষাৰ্থী সকলে পুৱা ৭ বজাতেই নৃত্যশালা প্ৰাংগনত পৰিবেশন কৰা নৃত্যই সকলোকে আপ্লুত কৰে৷ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়াই বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা, নাট্যকাৰ পুলক কুমাৰ ডেকা, শিক্ষাবিদ লিপিকা চহৰীয়া আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শিক্ষাৰ্থী সকলে অধ্যক্ষা তথা বিশিষ্ট নৃত্যশিল্পী দীপা দাসৰ নেতৃত্বত সুধাকণ্ঠৰ গীতো পৰিৱেশন কৰে৷আনহাতে আজি পুৱাৰে পৰা শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰৰ “সুৰসংগম“ নামৰ সাংস্কৃতিক অনুষ্ঠানটিয়ে তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত আয়োজন কৰা “অ’ সীপাৰৰ বান্ধ“ শীৰ্ষক সুৰীয়া – সাংগীতিক অনুষ্ঠানৰ কাৰ্যসূচী পুৱা কলাভূমি প্ৰাংগনত থকা সুধাকণ্ঠ গৰাকীৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে৷ সুৰসংগমৰ উপদেষ্টা পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথ, ড০ ভুবনেশ্বৰ চহৰীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, বিশিষ্ট বুৰঞ্জীবিদ ভুৱন চন্দ্ৰ গগৈ, বিশিষ্ট সাংস্কৃতিক কৰ্মী ইন্দিৰা গগৈ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, প্ৰবীণ নৃত্যশিল্পী কৃষ্ণা দাস নাথ, বিশিষ্ট অভিনেতা অৰুণ নাথ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱা, প্ৰবীণ কণ্ঠশিল্পী কল্পনা কলিতা, বিশিষ্ট সাংস্কৃতিক কৰ্মী ডা০ গোপাল বৰদলৈ, সুৰসংগমৰ উপদেষ্টা, বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্য, সভাপতি শান্তনু বৰুৱা, সম্পাদক প্ৰাঞ্জল বৰুৱা, বিশিষ্ট নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতি, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা, শোণিতপুৰ প্ৰেছ ক্লাবৰ বাৰ্লিন কুমাৰ শইকীয়া, জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ নাথ, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথ, প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, শোণিতপুৰ শিল্পী কাননৰ জয়শ্ৰী ভূঞা, প্ৰবীণ অভিনেত্ৰী তৰুলতা দাস, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্ৰ বড়া, প্ৰাক্তন ছাত্ৰ নেতা শান্তনু মহন্ত আদিৰ লগতে বিদ্বৎ সমাজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু বিধায়ক পৃথ্বিৰাজ ৰাভাই সুধাকণ্ঠৰ স্মৃতিচাৰণ কৰে৷সুৰসংগমৰ শিল্পী সকলে সমবেত ভূপেন্দ্ৰ সঙ্গীত পৰিৱেশন কৰাৰ লগতে এই অনুষ্ঠানতে কণ্ঠশিল্পী বিতোপন বৰাই ড০ ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰে৷কলাভূমিত আজি উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা সুধাকণ্ঠৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা প্ৰবীণ অভিনেত্ৰী কৃষ্ণা দাস নাথ আৰু বিশিষ্ট অভিনেতা অৰুণ নাথে সুধাকণ্ঠৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি একপ্ৰকাৰ আবেগিক হৈ পৰে৷ অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী ড০ ভূপেন হাজৰিকাৰ গীত মানেই কথা আৰু সুৰৰ যুগল বন্দী৷ গীতৰ কথাৰ অপূৰ্ব শব্দচয়ন, মায়াময় সুৰ বিন্যাস সুধাসনা কণ্ঠৰে ড০ ভূপেন হাজৰিকাৰ কেইবাটিও গীত গাইছে ভাৰতৰ কেইবাগৰাকীও প্ৰসিদ্ধ সঙ্গীত শিল্পীয়ে৷ তেনেদৰে কেইবাগৰাকীও অনা অসমীয়া সংগীত শিল্পীৰ কণ্ঠত প্ৰাণ পাই উঠা ভূপেন হাজৰিকাৰ কেইটিমান বিশেষ গীতেৰে সন্ধিয়া মুখৰিত হৈ পৰে তেজপুৰৰ ভূপেন হাজৰিকা কলা ভূমি৷ মহম্মদ ৰফী, কিশোৰ কুমাৰ, লতা মাঙ্গেশকাৰ, আশা ভোসলে, শ্যামল মিত্ৰ, ইলা বসু, তালাত মেহমুদ, মান্না দে, সুমন কল্যাণপুৰ, হেমন্ত কুমাৰ, মুকেশ আদি শিল্পীৰ কণ্ঠত আজিও চিৰ সেউজ হৈ থকা ভূপেন হাজৰিকাৰ যাউতিযুগীয়া গীতেৰে সজাই তোলা এই সুৰীয়া – সাংগীতিক অনুষ্ঠানটিত বিশিষ্ট সংগীতশিল্পী অনিল ভট্টাচাৰ্য্যৰ পৰিচালনা আৰু সুৰসংগমৰ সভাপতি শান্তনু বৰুৱাৰ কথা আৰু প্ৰাঞ্জল বৰুৱাৰ লগতে একাংশ সংগীতশিল্পীৰ মাজত কণ্ঠদান কৰে ক্ৰমে – ভাস্কৰ মৌনস, দীক্ষিত মহন্ত, মণিষা চৌধুৰী, অনিমা কলিতা, সান্ত্বনা বৰুৱা, বিউতি শৰ্মা, পংকিতা শইকীয়া, প্ৰিয়ংকা বৰ্মন, বিতোপন বৰা, নিশা বৰঠাকুৰ, পৱন দাস, প্ৰাঞ্জল শইকীয়া, প্ৰীতম নাথ, ৰাজশ্ৰী বৰুৱা, আলিম্পন চৌধুৰী, পৰিস্মিতা ফুকনে৷ আনহাতে সুধাকণ্ঠৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সভাপতি বংকিম শৰ্মাই৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, ভৱানন্দ দাস, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সম্পাদক দ্বীজেন নাথ, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাকে ধৰি কাৰ্যনিৰ্বাহক সদস্য সকলে অংশগ্ৰহণ কৰি ড০ ভূপেন হাজৰিকাৰ স্মৃতিচাৰণ কৰে৷ সেইদৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ তেজপুৰৰ জ্যোতি ভাৰতীত বিয়লি গীতে মাতে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ শোণিতপুৰ জিলা কবি সন্মিলনৰ সহযোগত অনুষ্ঠিত আৰু জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা প্ৰশান্তি ৰয় আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক গীতাৰ্থ কৌশিক বৰঠাকুৰে গীত সুধাকণ্ঠৰ কালজয়ী গীত পৰিবেশন কৰাৰ লগতে একাংশ শিল্পীয়ে গীতে মাতে স্মৰণ কৰে৷ একেদৰে তেজপুৰ সাহিত্য সভাৰ উদ্যোগতো অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সভাপতি ৰমেশ চন্দ্ৰ কলিতাই৷ সম্পাদক দ্বীজেন নাথে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট বুৰঞ্জীবিদ ভুৱন চন্দ্ৰ গগৈয়ে স্মৃতিচাৰণ কৰাৰ লগতে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্ৰ বড়াৰ লগতে কাৰ্যনিৰ্বাহক সদস্য সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান তৰুণ অসম সংঘতো সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়াই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত সদস্য সকলে শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More