লখিমপুৰত কাইলৈ অত্যাধুনিক সা-সুবিধাৰে ডাঃ দাস মাল্টিস্পেচিয়েলিটি হাস্পতাল মুকলি হব

সদ্যোজাতৰ বাবে "বিলিপড" নামৰ বিশেষ যন্ত্ৰকক্ষৰ ব্যৱস্থা

0 297
  • ১১ টা বিভাগৰ অ’পিডি
  • টেলি আই চি ইউৰ সুবিধা
  • ৩ টা অস্ত্ৰোপচাৰ কক্ষ মডুলাৰ
WhatsApp Image 2023 09 08 at 6.36.02 AM
মডুলাৰ অস্ত্ৰোপছাৰ কক্ষ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৮ ছেপ্টেম্বৰঃ চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক সা-সুবিধাৰে লখিমপুৰ স্বাস্থ্য সেৱা খণ্ডত সংযোজিত হৈছে এটি নতুন নাম–“ডাঃ দাস মাল্টিস্পেচিয়েলিটি হাস্পতাল”। কাইলৈ অৰ্থাৎ ৯ ছেপ্টেম্বৰ ২০২৩ তাৰিখৰ পৰা জনগণৰ বাবে মুকলি হব নতুন চিকিৎসালয়খন।প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে উত্তৰ লখিমপুৰ নগৰৰ চাবতিৰ চেইণ্ট মেৰিজ স্কুলৰ প্ৰায় সন্মুখতে ৭ মহলীয়া সুদৃশ্য বিল্ডিঙেৰে চিকিৎসালয়খন স্থাপন কৰিছে লখিমপুৰৰ একালৰ প্ৰসিদ্ধ চিকিৎসক ডাঃ নোমল চন্দ্ৰ দাসৰ পৰিয়ালবৰ্গই। উল্লেখ্য যে প্ৰয়াত চিকিৎসকজনে ইতিপূৰ্বে স্থাপন কৰা “ডাঃ দাস হাস্পতাল এণ্ড ডায়গ্ন’চিছ চেণ্টাৰ”ক উন্নীত কৰি তেখেতৰে দুই পুত্ৰ তথা পৰিয়ালে নতুনকৈ নিৰ্মাণ কৰা হাস্পতালখনৰ আন্তগাঁথনি প্ৰায় সম্পূৰ্ণ হৈছে আৰু কাইলৈৰ পৰা চিকিৎসা সেৱা আৰম্ভ হব। প্ৰথম পৰ্যায়ত ১১ টা বিভাগৰ অ’পিডি আৰু মাল্টি স্পেচিয়েলিটি চিকিৎসা সেৱা আৰম্ভ হোৱাৰ পিছত পৰ্যায়ক্ৰমে একাধিক ছুপাৰ স্পেচিয়েলিটিৰ সুবিধা আগবঢ়াব হাস্পতালখনে। উদ্বোধনৰ প্ৰাকমুহূৰ্তত কালি চিকিৎসালয়খনৰ সন্দৰ্ভত কৰ্তৃপক্ষই সংবাদ মাধ্যমক অৱগত কৰায়।চিকিৎসালয়খনৰ সপ্তম মহলাৰ প্ৰেক্ষাগৃহত সন্ধিয়া অনুষ্ঠিত এক অনুষ্ঠানত কৰ্তৃপক্ষৰ হৈ প্ৰয়াত দাসৰ কনিষ্ঠ পুত্ৰ ডাঃ নিশান্ত ৰাজকাকতিয়ে সামগ্ৰিকভাবে চিকিৎসালয়খনত উপলব্ধ সা সুবিধা সন্দৰ্ভত বিস্তৃত ব্যাখা আগবঢ়ায়।তেঁও কয় যে কেবাটাও ক্ষেত্ৰত চিকিৎসালয়খনে অত্যাধুনিক সেৱা আগবঢ়াব।তাৰ ভিতৰত “টেলি আই চি ইউ” অন্যতম। এই সেৱাৰ বাবে ইতিমধ্যে নতুন দিল্লীৰ ফৰ্টিছ হাস্পতালৰ লগত চুক্তিবদ্ধ হৈছে।এই সেৱাৰ জৰিয়তে চিকিৎসালয়খনৰ আই চি ইউত থকা ৰোগীৰ সবিশেষ অনলাইন বা লাইভযোগে ফৰ্টিছ হাস্পতালৰ চিকিৎসকৰ নজৰত থাকিব আৰু সেই হাস্পতালৰ চিকিৎসকৰ নিৰন্তৰ পৰ্যৱেক্ষণৰ জৰিয়তে ডাঃ দাস হাস্পতালৰ ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হব। এনে সেৱা লখিমপুৰত এইটোৱেই প্ৰথম।আনহাতে চিকিৎসালয়খনৰ ৩ টা অস্ত্ৰোপচাৰ কক্ষ মডুলাৰ ৰূপত গঢ়ি তোলা হৈছে।এনে মডুলাৰ অস্ত্ৰোপছাৰ কক্ষৰ বতাহ বিশুদ্ধিকৰণৰ জৰিয়তে বতাহত থকা ভাইৰাছ নোহোৱা হব আৰু এনে প্ৰক্ৰিয়াৰ ফলত ৰোগীৰ “এণ্টিবায়’টিক” ঔষধ ব্যৱহাৰৰ মাত্ৰা হ্ৰাস কৰা হব।মডুলাৰ অস্ত্ৰোপছাৰ কক্ষৰ উত্তাপ নিয়ন্ত্ৰণৰ লগতে দেৱাল আৰু মজিয়া বেক্টেৰীয়া প্ৰতিৰোধীকৈ নিৰ্মাণ কৰা হৈছে। ডাঃ ৰাজকাকতিয়ে লগতে জনাই যে হাস্পতালখনত ৯৬ শ্লাইছৰ চি টি স্কেন স্থাপন কৰাৰ লগতে জৰুৰীকালিন সেৱা সমূহো উপলব্ধ হব। সদ্যোজাত শিশুৰ জন্মতে দেখা দিয়া ৰোগ আৰোগ্যৰ বাবে “বিলিপড” নামৰ বিশেষ যন্ত্ৰকক্ষৰ ব্যৱস্থা কৰা হৈছে।

WhatsApp Image 2023 09 08 at 9.59.03 AM 1
বিলিপদ

আনহাতে ৰোগীৰ বাবে আধুনিক বিচনাৰে সুন্দৰ কেবিন নিৰ্মাণ কৰাৰ লগতে বিশেষ কোঠাত ৰন্ধনশালাও স্থাপন কৰা হৈছে। ৰোগীয়ে নিজা কক্ষতে বিচনাৰ কাষতে প্ৰয়োজনীয় অক্সিজেন পাব পৰাকৈ মেডিকেল গেছ পাইপ লাইনৰ ব্যৱস্থা কৰা হৈছে।সামগ্ৰিকভাবে চিকিৎসালয়খন ২৪x৭ হিচাপে খোলা থাকিব। চিকিৎসালয়ত থাকিব লগা সকলো সুবিধা আধুনিকৰূপত উপলব্ধ কৰোৱাৰ বাবে কৰ্তৃপক্ষই চেষ্টা চলাই যাব বুলি সদৰী কৰে চিকিৎসালয়খনৰ অন্যতম স্বত্বাধিকাৰী সুশান্ত ৰাজ কাকতিয়ে। তেঁও কয় যে তেঁওৰ পিতৃ প্ৰয়াত ডাঃ নোমল চন্দ্ৰ দাসৰ ইচ্ছা আছিল লখিমপুৰত এখন উন্নত মানৰ চিকিৎসালয় স্থাপন কৰা।পিতৃৰ সপোন জীৱিত কালত সম্পূৰ্ণ হোৱা নাছিল বাবে পৰিয়ালে এই মাল্টি স্পেচিয়েলিটি হাস্পতালখন নিৰ্মাণ সম্ভৱ কৰি তুলিলে। উল্লেখ্য যে ১৯৪১চনত অবিভক্ত লক্ষীমপুৰ জিলাৰ বৰদলনিৰ এটা কৃষিজীৱী পৰিয়ালত জন্মগ্ৰহণ কৰা নোমল চন্দ্ৰ দাসে নানা ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি ১৯৬৮ চনত চৰকাৰী চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৯৯ চনত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে।প্ৰয়াত দাসে ১৯৮০ চনতে নকাঁড়ীৰ নিজ গৃহৰ এটা সৰু কোঠাত এটা লেবৰেটৰী স্থাপন কৰে।১৯৯০ চনত সেই লেবৰেটৰীকে উন্নীত কৰি “ডাঃ দাস লেবৰেটৰী এণ্ড এক্স ৰে” প্ৰতিষ্ঠা কৰে। ২০০১ চনত সেই প্ৰতিষ্ঠানখনকে “ডাঃ দাস হাস্পতাল এণ্ড ডায়েগ্ন’ষ্টিক চেণ্টাৰ”লৈ উন্নীত কৰা হয়। তাৰেই পৰৱৰ্তী সংস্কৰণৰ হাস্পতালখন কাইলৈ আনুষ্ঠানিকভাবে উদ্বোধন কৰা হব।

WhatsApp Image 2023 09 08 at 6.36.01 AM
প্ৰয়াত ডাঃ দাসৰ পৰিয়াল

কালিৰ অনুষ্ঠানত প্ৰয়াত দাসৰ সহধৰ্মিনী কল্পনা দত্ত উপস্থিত থকাৰ লগতে দুই পুত্ৰ ক্ৰমে সুশান্ত, ডাঃ নিশান্ত, দুই বোৱাৰী শকুন্তলা বৰা ৰাজকাকতি আৰু ডাঃ সৰিতা ৰায়ে সাংবাদিকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে চিকিৎসালয়খন পৰিদৰ্শন কৰোৱায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More