বিহপুৰীয়াত বিজেপিৰ প্ৰাক্তন জিলা সভাপতি সহ ১৮ জনৰ কংগ্ৰেছত যোগদান

দেশৰ গণতন্ত্ৰক আজি নৰেন্দ্ৰ মোডী চৰকাৰে নিঃশেষ কৰিব বিচাৰিছে, ভাৰতৰ অখণ্ডতা আজি বিপদত পৰিছেঃ ভূপেন বৰা

0 38

 বিজেপিত এতিয়া দলৰ নিষ্ঠাবান নেতা-কৰ্মী চূড়ান্ত উপেক্ষিতঃ বিজেপিৰ প্ৰাক্তন সভাপতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ বিজেপিত এতিয়া অন্তঃকন্দলৰ সৃষ্টি হৈছে৷ দলটোত পুৰণা অধিকাংশ কৰ্মীয়েই দলটোৰ প্ৰতি বিতুষ্ট হৈ পৰিছে৷ এই কথা আজি ইয়াত বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰিবলৈ অহা এই লোকসকলৰ কথাই সকলো স্পষ্ট কৰি দিছে৷– এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাৰ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ ভোগপুৰত অনুষ্ঠিত কংগ্ৰেছৰ এখন সভাত বিজেপিৰ নেতা-কৰ্মীয়ে যোগদান কৰা এখন সভাত আজি ভূপেন বৰাই এনেদৰে কয়৷ তেওঁ আৰু কয় আজি এই লোকসকলে বিজেপিৰ দলটোৰ প্ৰতি কেৱল ক্ষোভিত হোৱাই নহয় বিজেপি চৰকাৰৰ বাবেই দেশৰ গণতন্ত্ৰ আজি নিঃশেষ হ’ব ধৰিছে ৷ নৰন্দ্ৰে মোডী চৰকাৰৰ বাবেই আজি দেশ বিপদত পৰিছে৷ দেশৰ অখণ্ডতাৰ প্ৰতি চৌদিশে বিপদ আহিছে৷ ভাৰতবৰ্ষৰ গণতন্ত্ৰ নিঃশেষৰ পথত আগবঢ়াৰ বাবেই দলটোৰ বহু নেতা-কৰ্মীৰ এতিয়া মোহভংগ ঘটিছে৷ কৰৰ বোজাই দেশবাসীক কোঙা কৰি পেলোৱাৰ লগতে দেশখনত পুঁজিবাদী একনায়কত্ববাদলৈ লৈ গৈ আছে৷ আজি ইয়াত যোগদান কৰিবলৈ অহা এই লোকসকলে এনেবোৰ কথা উপলব্ধি কৰিব পাৰিছে৷ যাৰবাবে তেওঁলোকৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দললৈ আগমন ঘটিছে বুলি ভূপেন কুমাৰ বৰাই মন্তব্য আগবঢ়ায়৷ উল্লেখ্য যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰ, ৰাজ্যত ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ থকাৰ সময়তে আজি লখিমপুৰ জিলাৰ বিহপুৰীয়াত বিজেপিৰ ভালেকেইজন জ্যেষ্ঠ নেতা-কৰ্মীয়ে আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰা কাৰ্যই গেৰুৱা দলটোৰ প্ৰতি দলীয় কৰ্মীৰ যে মোহভংগ ঘটিছে সেই কথা প্ৰতীয়মান কৰে৷ আজি বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাৰ ভোগপুৰস্থ বাসগৃহত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এখন সভাত ১৮ জন বিজেপি-অগপ নেতা কৰ্মীয়ে আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে৷ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ উপস্থিতিত দুপৰীয়া ১২.৩০ বজাত অনুষ্ঠিত সভাখনৰ আঁতধৰে লখিমপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক [প্ৰশাসনিক] গংগাজ্যোতি টায়েগাম আৰু সম্পাদক অৰুণ হাজৰিকাই৷ লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন বৰাৰ সঞ্চালনাত অনুষ্ঠিত যোগদান সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া কোষৰ উপ-সভাপতি বেদব্ৰত বৰায়ো অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়৷ বিজেপিৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছত যোগদান কৰা বিজেপিৰ নেতা-কৰ্মীসকল হৈছে বিজেপি লখিমপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি কুশ শৰ্মা, বিজেপি লখিমপুৰৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি নাৰায়ণ বৰুৱা, লখিমপুৰ জিলা বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক জ্যোতিপ্ৰসাদ বৰগোহাই, লখিমপুৰ জিলা বিজেপিৰ প্ৰচাৰ সমন্বয়ক [বৰ্তমানৰ] নিত্যানন্দ মিলি, মাজুলীৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক কুশল হাজৰিকা, ঢকুৱাখনা জিলা অগপৰ সাধাৰণ সম্পাদক সূয্য পাতিৰ, ঢকুৱাখনা বিজেপিৰ প্ৰাক্তন সভাপতি অসীম পাংগিং, অগপৰ যুৱ পৰিষদৰ সভপাতি নিপেন বৰপাত্ৰ গোহাঁই, বিজেপি সদস্য ঘনকান্ত সোণোৱাল, বিজেপিৰ যুৱ মৰ্চাৰ সদস্য ধন বসুমতাৰী, বিজেপিৰ ৱাৰ্ড সভাপতি খগেন কোঁৱৰ, বিজেপিৰ ৱাৰ্ড সভাপতি বিশ্বজিৎ শৰ্মা, বিজেপিৰ সদস্য পপী সোণোৱাল, বিজেপিৰ তেলাহী মণ্ডলৰ প্ৰাক্তন সভাপতি লখিমী বৰুৱাকে ধৰি প্ৰায় ১৮ জন বিজেপি, অগপ নেতা-কৰ্মীয়ে আজি দুপৰীয়া কংগ্ৰেছ দলত যোগদান কৰে৷ যোগদান কৰা লোকসকলে নিজৰ মন্তব্যত কয় যে বৰ্তমানৰ বিজেপি দলীয় নেতা-কৰ্মীসকলে পূৰ্বৰ জ্যেষ্ঠ বিজেপি নেতা-কৰ্মীসকলক চূড়ান্ত ভাৱে উপেক্ষিত কৰি আহিছে৷ বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে আমাক আঁতৰাবলৈ এক প্ৰকাৰে আমাক হত্যা কৰিব বিচাৰিছে৷ দলৰ কোনো সভা-সমিতিলৈ আমাক নিমন্ত্ৰণ নজনায়, কোনো দায়িত্ব নিদিয়ে, সভালৈ গলেও উপেক্ষিত হ’ব লগা হয়, চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ কোনো সুবিধাই আমাক নিদিয়ে৷ এই মন্তব্য আজি বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা ঘূনাসুতি হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ তথা বিজেপিৰ লখিমপুৰ জিলা সমিতিৰ প্ৰচাৰ বিভাগৰ সমন্বয়ক নিত্যানন্দ মিলিৰ৷ সভাত বক্তব্য প্ৰদান কৰি জ্যেষ্ঠ নাগৰিকজনে বিজেপি দলৰ নেতা-কৰ্মীৰ প্ৰতি এনে মন্তব্য আগবঢ়ায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More