তেজপুৰত বাণ থিয়েটাৰৰ নিষ্ঠাবান শিল্পী, শিল্পী পেন্সনাৰ গোপাল চন্দ্ৰ শৰ্মাক স্মৰণ

প্ৰথম বাৰ্ষিক পুণ্য তিথিত সোঁৱৰণী গ্ৰন্থ "পৰমোৎকৰ্ষ" উন্মোচন

0 10

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ২৯ ছেপ্টেম্বৰ :তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ অগ্ৰণী ব্যক্তিত্ব, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ এগৰাকী নিষ্ঠাবান শিল্পী, শিল্পী পেন্সনাৰ দা ধৰা বামুণ চুবুৰি নিবাসী গোপাল চন্দ্ৰ শৰ্মাৰ প্ৰথম বাৰ্ষিক পুণ্য তিথিৰ আজিৰ দিনটোত তেজপুৰৰ বিভিন্ন ব্যক্তি – অনুষ্ঠানে স্মৰণ কৰাৰ লগতে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত সোঁৱৰণী গ্ৰন্থ “পৰমোৎকৰ্ষ” আনুষ্ঠানিক ভাৱে উন্মোচন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই। স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত উত্তৰ আঞ্চলিক যুৱ – শিশু বিকাশ কেন্দ্ৰত অনুষ্ঠিত আজিৰ এই বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিশিষ্ট ব্যক্তি সকলে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ কৰে ।স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি পংকজ বৰুৱাই আঁত ধৰা আৰু সম্পাদক দেৱব্ৰত শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটিৰ আৰম্ভণিতে বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে দীঘলীয়া সময় বাণ থিয়েটাৰৰ সৈতে জড়িত থকা গোপাল চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ কৰি তেজপুৰৰ সাংস্কৃতিক- সামাজিক জীৱনলৈ এক গতি প্ৰদান কৰাসকলৰ ভিতৰৰ এগৰাকী অন্যতম পুৰোধা আছিল গোপাল চন্দ্ৰ শৰ্মা বুলি কৈ বাণ ৰঙ্গমঞ্চৰ মাধ্যমেৰে তেজপুৰৰ তথা অসমৰ সাংস্কৃতিক ইতিহাসলৈ অমূল্য অবদান আগবঢ়োৱা প্ৰয়াত গোপাল চন্দ্ৰ শৰ্মাৰ বিৰল অবদান কালে মচিব নোৱাৰা বুলি মন্তব্য কৰে। বিশিষ্ট সংস্কৃত পণ্ডিত টংকেশ্বৰ শৰ্মাই মংগলাচৰণ কৰা অনুষ্ঠানটিত উন্মোচনী ভাষণত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই কীৰ্তিমানসকলৰ মৃত্যু নাই বুলি কৈ গোপাল চন্দ্ৰ শৰ্মাৰ দৰে কীৰ্তমন্ত পুৰুষক সমাজ আৰু সংস্কৃতিয়ে কাহানীও পাহৰিব নোৱাৰে বুলি মন্তব্য কৰি তেখেতৰ স্মৃতিত প্ৰকাশিত তথা উন্মোচিত আজিৰ এই স্মৃতিগ্ৰন্হত নিশ্চিতভাবে তেখেতৰ জীৱন আৰু কৃতীক আলোকপাত কৰিছে বুলি কয়। উত্তৰ আঞ্চলিক যুৱ – শিশু বিকাশ কেন্দ্ৰৰ সভাপতি অৰুণ শৰ্মাই স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁটে গোপাল চন্দ্ৰ শৰ্মা কেৱল শিল্পীয়েই নাছিল, তেওঁ সামাজিক দায়িত্ববোধসম্পন্ন ব্যক্তি আছিল বুলি কৈ অস্তিত্ব ৰক্ষা আন্দোলনৰ ছাত্ৰসকল জাগৰিত হোৱাৰ সময়ত দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি অৱলীলাক্ৰমে নিজৰ চাকৰিটোক প্ৰয়োজন সাপেক্ষে দলিয়াই পেলোৱাৰ নৈতিক দায়িত্বৰে পৰিপূৰ্ণ এগৰাকী সমাজ সচেতক ব্যক্তি আছিল বুলি মন্তব্য কৰে। আনহাতে ঘনিষ্ঠ সান্নিধ্য লাভ কৰা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই তেজপুৰৰ নাট্য শিল্পীৰ উৰ্বৰ পথাৰখনত টিঘিলঘিলাই ফুৰা নাট্য শিল্পী গোপাল চন্দ্ৰ শৰ্মা প্ৰকৃতাৰ্থত ভাওনা বলীয়া মানুহ আছিল বুলি কৈ শিল্পীসুলভ সৰলতাৰে সম্পৃক্ত আদৰ্শবান শিল্পী গৰাকীৰ আদৰ্শ কঢ়িয়াই লৈ যাব পাৰিলেহে তেখেতেৰ প্ৰতি জনোৱা শ্ৰদ্ধা অধিক অৰ্থবহ হ’ব বুলি মন্তব্য কৰে ।অনুষ্ঠানটিত বিশিষ্ট নাট্যকাৰ – পৰিচালক ঐশ্বৰ্য কাকতিয়ে স্মৃতিচাৰণ কৰি বাণ থিয়েটাৰৰ নাট্যশিল্পী হিচাপে অগ্ৰজ গোপাল চন্দ্ৰ শৰ্মাৰ সান্নিধ্য আমাৰ জীৱনৰ এক সুমধুৰ প্ৰাপ্তি বুলি মন্তব্য কৰি গোপাল চন্দ্ৰ শৰ্মাৰ দৰে অগ্ৰজ প্ৰতিম শিল্পীসকল আমাৰ শিল্পী জীৱনক গঢ়ি তোলাত অনিৰ্বাণ অৱদান আগবঢ়াইছিল বুলি মন্তব্য কৰে। পুত্ৰ হিৰক শৰ্মাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিত পৰিয়ালৰ ফালৰ পৰা গুৰুপ্ৰসাদ শৰ্মা, মৃন্ময়ী শৰ্মাই স্মৃতিচাৰণ কৰে। অনুষ্ঠানটিৰ আৰম্ভণিতে গোপাল চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিত সহধৰ্মিনী সুচিত্ৰা দেৱীয়ে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত বিশিষ্ট শিক্ষাবিদ তথা দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰবীণ চন্দ্র শৰ্মা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, সহকাৰী সম্পাদক তথা অধ্যাপক পল্লৱ ভট্টাচাৰ্য্য, ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি বাতাচ ওৰাং, স্হানীয় সমাজকৰ্মী ৰবীন শৰ্মা, মহেন্দ্ৰ নাথ শৰ্মা, গুণমণি মহন্ত, মাজগাঁও আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰেখা বৰুৱা, মাজগাঁও পঞ্চায়তৰ সভানেত্ৰী সীমা ৰেখা বৰুৱা, বিশিষ্ট সমাজকৰ্মী গুৰুপ্ৰসাদ শৰ্মা ক্ষিতিশ শৰ্মা আদি বিশিষ্ট ব্যক্তি সকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More