বিহুৰ মাজতে আলফাত যোগদান কৰিবলৈ যোৱা যুৱকক আটক

0 85

 

শতাব্দ প্ৰতিনিধি চৰাইদেউ, ১৬ এপ্ৰিল : বিহুৰ আনন্দৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনলৈ ধাৱমান অসমীয়া যুৱক। বিগত কেইটামান দিনত বহু কেইগৰাকী অসমীয়া যুৱক-যুৱতীয়ে সংগঠনটোত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে ইতিমধ্যে। ইফালে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত নতুন সদস্যই যোগদান কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰখাৰ সময়তে সোণাৰিত সষ্টম হৈ উঠিছে চৰাইদেউ আৰক্ষী। অসম-নগালেণ্ড সীমান্তৰ নামতোলাত চৰাইদেউ আৰক্ষীয়ে গঢ়ি তুলিছে নিছিদ্ৰ তালাচী অভিযান। এই তালাচী অভিযানৰ সময়তে সোণাৰিৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাওকাক অঞ্চলত আজি পুনৰ আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা এজন যুৱকক আটক কৰে আৰক্ষীয়ে। আটকাধীন যুৱকজন তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক অঞ্চলৰ নিৰজ ফুকন বুলি জানিব পৰা গৈছে। সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাইদি নাগালেণ্ডত প্ৰৱেশ কৰি পাহাৰীয়া ৰাজ্যখনৰ মন জিলাৰ ভাৰত-ম্যানমাৰ সীমান্ত হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ ৰাওনা হোৱা সময়তে নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাওকাক চাহ বাগিচা এলেকাত আৰক্ষীৰ তালাচীৰ সময়তে আটক কৰে যুৱকজনক। বিশেষ সূত্ৰে জানিব পৰা মতে আলফা স্বাধীনৰ এগৰাকী শীৰ্ষ নেতাৰ সৈতে যোগাযোগ কৰি যুৱকজনে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ ব’হাগ বিহুৰ উৰুকাৰ দিনাই ঘৰৰ পৰা ওলাই আহিছিল আৰু সুযোগ বুজি অট’ৰিক্সাৰে অসম-নগালেণ্ড সীমান্তৰ নামতোলা অভিমুখে ৰাওনা হৈ নাগালেণ্ডৰ মন জিলাত প্ৰৱেশ কৰি নগা উগ্ৰপন্থী সংগঠনৰ এগৰাকী সদস্যৰ সহযোগত আলফা স্বাধীনৰ শিবিৰ লৈ যোৱাৰ পৰিকল্পনা আছিল যুৱকজনৰ। এই সন্দৰ্ভত চৰাইদেউ আৰক্ষীয়ে বিশেষ সূত্ৰে তথ্য লাভ কৰি অভিযান চলাই আজি আটক কৰিবলৈ সক্ষম হয় যুৱকজনক । মন কৰিবলগীয়া যে বিগত দিনকেইটাত ৰাজ্যৰ বহুকেইগৰাকী যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে অসম-নগালেণ্ড সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে চৰাইদেউ আৰক্ষীয়ে। আনহাতে আটকাধীন যুৱকজনক সম্প্ৰতি সোধাপোছা অব্যাহত ৰাখিছে চৰাইদেউ আৰক্ষীয়ে।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More