পাঠশালা ৯ আগষ্টঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নৱাগত ছাত্ৰ ছাত্ৰী সকলৰ বাবে অনুষ্ঠিত কৰা সপ্তাহযোৰা দীক্ষাৰাম্ভ কাৰ্যসূচীৰ ৮ আগষ্ট তাৰিখে সফলতাৰে সমাপ্ত হয়। ২০২৩-২৪ শিক্ষা বৰ্ষৰ আৰম্ভণিৰ দিনাখন অৰ্থাৎ এক আগষ্ট তাৰিখে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে দীক্ষাৰাম্ভ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিছিল আৰু সেই সভাতেই বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক সুভাষ কুমাৰ দাসে বিশ্ববিদ্যালয়ৰ হৈ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিক ভাৱে আদৰণি জনাইছিল। উল্লেখ্যযোগ্য যে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ আধাৰত নৱাগত ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ পৰম্পৰাগত শিক্ষা পদ্ধতিৰ লগত জড়িত দীক্ষাৰাম্ভ পৰম্পৰাৰ বিষয়ে এটা আভাস দিয়াৰ লগতে তেওঁলোকক বিশ্ববিদ্যালয়খনৰ বিষয়ে এটা সম্যক ধাৰণা দিয়া আৰু বিশ্ববিদ্যালয় পৰিয়ালৰ একোগৰাকী সাদৰ সদস্য কৰি লোৱাৰ মানসেৰে এই দীক্ষাৰাম্ভ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীৰ অংশৰূপে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক বিভাগীয় শিক্ষক-শিক্ষয়িত্ৰীসকলে বিভাগীয় শিক্ষণ পদ্ধতি, পুথি, পাঠ্যক্ৰম আৰু পঠন সম্পৰ্কে বিস্তৃত আভাস দিয়ে। ইয়াৰ উপৰি একোগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ তত্বাৱধানত ছাত্ৰছাত্ৰীসকলক বিশ্ববিদ্যালয় চৌহদ পৰিদৰ্শন কৰোৱাই গ্ৰন্থাগাৰ, পৰীক্ষাগাৰ আৰু কাৰ্যালয় আদিৰ সৈতে পৰিচয় কৰাই দিয়া হয়। দীক্ষাৰাম্ভ কাৰ্যসূচীৰ তৃতীয় দিনা বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° অৰূপ ভড়ালীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ আধাৰত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিষয়ে খৰচি মাৰি আলোচনা কৰে। আন এগৰাকী সমল ব্যক্তি পৰীক্ষা নিয়ন্ত্ৰক ড° উৎপল মিশ্ৰই স্নাতক পৰীক্ষা পদ্ধতিৰ বিষয়ে বহলাই আলোচনা কৰে। ছাত্ৰ কল্যাণ পৰিষদৰ সঞ্চালক ড° পৰাগ বৰ্মন, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাৱধায়ক ড° ৰাজীৱলোচন শৰ্মা আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাৱধায়ক অঞ্জন শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ বহুমুখী প্ৰতিভা বিকাশৰ বাবে শিক্ষানুষ্ঠানখনত উপলব্ধ সা-সুবিধাবোৰৰ বিষয়ে আলোকপাত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, ৰাষ্ট্ৰীয় সমাজ সেৱা আঁচনিৰ সদস্য হ’বলৈ আহ্বান জনায়। দীক্ষাৰাম্ভ অনুষ্ঠানৰ লগত ৰজিতা খুৱাই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে ৭ আগষ্ট তাৰিখে বিশ্ববিদ্যালয় চৌহদত “জি ২০ ত ভাৰতৰ অধ্যক্ষতা”-শীৰ্ষক আলোচনা সত্ৰ আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দীক্ষাৰাম্ভ অনুষ্ঠানৰ সামৰণিৰ দিনাখন ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে “ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ জৰিয়তে বহুমুখী, সমগ্ৰ আৰু উদাৰ শিক্ষা” শীৰ্ষক বিষয়ত প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ আগত এক বিশেষ বক্তৃতা প্ৰদান কৰে। যোৱা ৮ আগষ্ট তাৰিখে বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু গণিত শাখাৰ ডীন ড° সজল কুমাৰ দাসে সভাপতিত্ব কৰা দীক্ষাৰাম্ভ কাৰ্যসূচীৰ সামৰণি সভাত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালিকা ড° নিৰদা দেৱী আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া গোঁসাইগাঁৱৰ মহকুমাধিপতি আৰণ্যক শইকীয়াই বিশিষ্ট অতিথিৰূপে অংশ কৰে। ড° নিৰদা দেৱীয়ে তেওঁৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলে নিজকে সফল আৰু সুনাগৰিকৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ ভূমিকাৰ কথা বুজাই কয়। আনহাতে আৰণ্যক শইকীয়াই বৰ্তমান প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলে কিদৰে গভীৰ অধ্যয়ন আৰু কঠোৰ পৰিশ্ৰমেৰে সৰ্বভাৰতীয় আৰু ৰাজ্যিক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱা উচিত সেইবিষয়ে গুৰুত্বপূৰ্ণ আলোকপাত কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক এনে প্ৰস্তুতিৰ বাবে নিয়মীয়াকৈ বাতৰি় কাকত পঢ়া আৰু পুথিভঁৰাল লৈ যোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। সভাত আন আন শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ একতা সভাপতি বিজিত খাটনিয়াৰ প্ৰমুখ্যে আন ছাত্ৰ-ছাত্ৰীয়ে দীক্ষাৰাম্ভ অনুষ্ঠান সম্পৰ্কে বক্তব্য ৰখাৰ লগতে ভট্টদেৱ বিশ্ববিদ্যালয়ত এনে এটি অনুষ্ঠান আয়োজন কৰাৰ বাবে কৰ্তৃপক্ষৰ শলাগ লয়। উল্লেখ্য যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসৰ বিশেষ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অৰিন্দম তালুকদাৰে দীক্ষাৰাম্ভ অনুষ্ঠানৰ আহ্বায়ক ৰূপে বিভিন্ন কাৰ্যসূচী পৰিচালনা কৰিছিল।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.