পাম অইলৰ খেতিয়ে অসমৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি সংকেত !

0 182

গুৱাহাটী, ৯ আগষ্টঃ অসমৰ ১৮খন জিলাত পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইণ্ডিয়ান কাউন্সিল অব এগ্ৰিকালচাৰেল ৰিচাৰ্ছ চমুকৈ আইচএআৰে এই খেতিত অনুমোদন জনাইছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমৰ জলবায়ুৰ লগত এই খেতিৰ কোনো সম্পৰ্ক নাই বুলি ৰাজ্যখনৰ একাংশ কৃষি বিশেষজ্ঞই মন্তব্য কৰিছে। ইয়াৰ কাৰণ হ’ল এজোপা পূৰ্ণবয়স্ক পাম অইল বা তৈল খেজুৰ গছে দৈনিক ২০০-৩০০ লিটাৰ পানী সংগ্ৰহ কৰে। ইয়াৰ ফলত ভূগৰ্ভৰ পানী কমি যোৱাৰ আশংকা আছে আৰু অসম ক্ৰমে মৰুভূমিলৈ ৰূপান্তৰ হোৱাৰ ভয়ানক ঘটনা ঘটিব পাৰে। ইতিমধ্যে পাইলট প্ৰজেক্ট হিচাপে অসমৰ গোৱালপাৰা জিলাত এই খেতি কৰা হৈছিল আৰু উক্ত এলেকাত ভূমিৰ আৰ্দ্ৰতা কমি যোৱাৰ অভিযোগ উত্থাপন হৈছে। দেশৰ আন আন ৰাজ্যসমূহতো পাম খেতিৰ কোনো সুফলৰ বাতৰি প্ৰকাশ হোৱা নাই। ইয়াৰ বিপৰীতে বিশ্বৰ অন্যান্য দেশে লাহে লাহে পামখেতি পৰিহাৰ কৰিবলৈ আৰম্ভ কৰাৰ তথ্য আহিছে। বাবা ৰামদেৱ আৰু আন তিনিটা বিশেষ কোম্পানীক সহায় কৰিবৰ বাবে চৰকাৰে পাম খেতিৰ দ্বাৰা অসমৰ উৰ্বৰ ভূমিসমূহ নষ্ট কৰিব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ সাংসদ প্ৰদ্যুৎ বৰদলৈকে ধৰি কেবাজনেও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল যদিও বিষয়টো কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে গ্ৰহণ নকৰিলে। বিপৰীতে ভাৰত চৰকাৰে হাতত লোৱা মিছন পাম অইলৰ অধীনত অসমকো সামৰি ল’বলৈ চেষ্টাহে চলাই গৈছে। মিছন পাম অইলৰ বাবে চৰকাৰে ১১,০০০ কোটি টকাৰ অৰ্থ সাহায্যৰ কথা ঘোষণা কৰিছে, ইয়াৰে ৮৮৪৪ কোটি টকা কেন্দ্ৰ চৰকাৰে আৰু ২১৯৬ কোটি টকা সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে বহন কৰিব। পাম অইলৰ খেতিৰ সৈতে জড়িত খেতিয়কসকল যাতে লোকচানৰ সন্মুখীন নহয় তাৰ প্ৰতিও মিছন পাম অইলত গুৰুত্ব প্ৰদান কৰা হৈছে। এই অনুযায়ী প্ৰথমে প্ৰতি হেক্টৰত ১২ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হৈছিল আৰু শেহতীয়াকৈ সেই সাহায্যৰ পৰিমাণ ২৯ হাজাৰ টকালৈ চৰকাৰে বৃদ্ধি কৰিছে। পুৰণি পাম অইলৰ বাগিছা নতুনকৈ আৰম্ভ কৰিব খোজা খেতিয়কসকলকো প্ৰতিজোপা গছৰ বিপৰীতে ২৫০টকাকৈ সাহায্য প্ৰদানৰ কথাও আছে মিছন পাম অইলত। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ভাৰতত অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডুত পূৰ্বৰে পৰা পাম অইলৰ খেতি কৰি অহা হৈছিল। মিছন পাম অইলৰ অধীনত আন্দামান নিকোবৰত ইয়াৰ খেতি ব্যাপকভাৱে কৰাৰ পৰিকল্পনাও চৰকাৰে কৰিছে। কিন্তু অসমত এই খেতি কৰিলে হিতে বিপৰীত হ’ব পাৰে বুলি বিশেষজ্ঞসকলে বাৰম্বাৰ কৈ অহাৰ পিছতো বাবা ৰামদেৱক পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে। সেয়ে এতিয়া, মিছন পাম অইলৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিবলগীয়া সাহায্যৰ ধনৰাশি খেতিয়ক বাবা ৰামদেৱৰ হাতত তুলি দিয়া হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। কিয়নো অসমত অসমৰ সাধাৰণ খেতিয়কে নহয়, বাবা ৰামদেৱকহে অসম চৰকাৰে পাম অইলৰ খেতি কৰিবলৈ ভূমি আৱণ্টন দিছে। তলত পাম অইল বা তৈল খেজুৰৰ খেতিক লৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি ধৰণৰ কথা-বতৰা চলি আছে তাৰে কেইটামান বিষয় উল্লেখ কৰা হ’ল।

১। বোৰ্নিও দ্বীপৰ ছাৰাবাক আৰু কালিমস্তান ৰাজ্য আৰু মালয়েছিয়াৰ চাবাহ ৰাজ্যৰ খিলঞ্জীয়া লোকৰ মাটিত পাম খেতি কৰাত স্থানীয় লোক আৰু কৰ্পৰেটৰ মাজত সংঘাতৰ সৃষ্টি হৈছে আৰু স্থানীয় লোকসকল উচ্ছেদৰ সন্মুখীন হৈছে।
২। ভাৰতবৰ্ষৰ ১১৭ গৰাকী গৱেষক-পৰিৱেশবিদে ইতিমধ্যে এই খেতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মিছন পাম অইলৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছে৷
৩। মিজোৰাম আৰু নগালেণ্ডৰ কৃষকসকলে পাম অইলৰ পৰা ক্ষতিগ্ৰস্ত হৈ নিজেই গছবোৰ কাটি পুনৰ পূৰ্বৰ ধৰণে খেতি কৰিবলৈ ঐক্যবদ্ধ হৈছে।
৪। ২০১৮ চনৰে পৰা বিশ্বৰ কেবাখনো উন্নত দেশে স্বাস্থ্যজনিত দিশলৈ চাই পাম অইলৰ ব্যৱহাৰত পৰ্যায়ক্ৰমে নিষেধাজ্ঞা আৰোপ কৰিবলৈ আৰম্ভ কৰে। ফলত পাম অইল উৎপাদনকাৰী দেশসমূহৰ তালিকাত শীৰ্ষ স্থানত থকা মালয়েছিয়াই ২০২০ চনত ‘পাম অইল বা তৈল খেজুৰ আল্লাহৰ অৱদান’ বুলি শ্ল’গান দিছিল।
৫। পাম অইলৰ খেতিৰ ফলত পাম অইল উৎপাদনকাৰী বিশ্বৰ দুই শীৰ্ষৰ দেশ ক্ৰমে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত ব্যাপক জলবায়ু পৰিৱৰ্তন পৰিলক্ষিত হৈছে। লগতে দেশ দুখনত বনধ্বংস আৰু পৰিৱেশৰ ওপৰত বিভিন্ন ধৰণৰ বিৰূপ প্ৰভাৱো পৰা দেখা গৈছে।
৬। পাম অইলৰ খেতিৰ ফলত ব্যাপক কাৰ্বন নিৰ্গমন হয়। একেদৰে গোলকীয় উষ্ণতাতো বিৰূপ প্ৰভাৱ পৰে বুলি বিজ্ঞানীসকলে গৱেষণাৰ অন্তত নিশ্চিত হৈছে।
৭। ইউৰোপীয়ান ইউনিয়নে ইতিমধ্যে ২০২৬ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ পাম অইল ব্যৱহাৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে। যদিহে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াই জৈৱ বৈচিত্ৰ্যলৈ গুৰুত্ব নিদি পাম অইলৰ খেতি কৰি গৈ থাকে তেন্তে সমগ্ৰ ইউৰোপত পাম অইল নিষিদ্ধ হৈ পৰিব। আনহাতে, মিছন পাম অইলৰ জৰিয়তে ভাৰত চৰকাৰে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াই কৰাৰ দৰে একেটা ভুলকৈ কৰিবলৈ গৈ আছে বুলিও মন্তব্য কৰিছে বিশেষজ্ঞসকলে। বিশেষকৈ অসম, আন্দামান নিকোবৰ, মিজোৰাম, নাগালেণ্ড, অৰুণাচলৰ দৰে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ঠাইত পাম অইলৰ খেতি কৰিবলৈ লোৱাৰ ফলত পাৰিপাৰ্শ্বিক দিশটোলৈ যে সংকট নামি আহিব সেয়া নিশ্চিত।
৮। কৃষি বিজ্ঞানীসকলৰ মতে ভাৰতৰ জলবায়ু পাম অইলৰ খেতিৰ বাবে অনুকূল নহয়। ফলত পাম অইলৰ খেতিৰ পৰা উৎপাদিত হোৱা তেলৰ গুণগত মানদণ্ড ইণ্ডোনেছিয়া আৰু মালয়েছিয়াতকৈ কম হোৱাত আন্তঃৰ্জাতিক বজাৰতেই হওক বা ঘৰুৱা বজাৰতেই হওক ইয়াৰ চাহিদা আশা কৰা ধৰণে নহ’ব। ফলত এই খেতিৰ সৈতে জড়িত খেতিয়কসকলে পিছলৈ মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হোৱাৰ পূৰ্ণমাত্ৰাই সম্ভাৱনা আছে।
৯। পাম অইলৰ মেল্টিং পইণ্ট অধিক আৰু ইয়াত ছেচুৰেটেড ফেট বহুত থাকে। ফলত পাম অইলৰ মাত্ৰাধিক ব্যৱহাৰে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে। সেয়ে বিশ্বৰ বহু দেশে লাহে লাহে পাম অইলৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে। যদিহে অহা ৫ বছৰত বিশ্বৰ অধিকাংশ দেশে পাম অইলৰ ব্যৱহাৰ বন্ধ কৰে তেতিয়া পাম অইল নিৰ্ভৰ অৰ্থনীতি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিব। এফালে পাম অইলৰ খেতিয়ে অসমৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰিব, আনফালে যেতিয়া ৫ বছৰ পিছত তেল উৎপাদন হ’বলৈ আৰম্ভ কৰিব তেতিয়া চাহিদা হ্ৰাস পোৱাত লোকচানৰ বাদে আন একো নহ’ব।
১০। পাম অইলৰ খেতিৰ ফলত ইণ্ডোনেছিয়া, মালয়েছিয়া, সুমাত্ৰা আৰু জাভা দ্বীপত ওৰাংওটাং, পিগমি হাতী, সুমাত্ৰাৰ গঁড়ৰ দৰে জন্তুসমূহ বিলুপ্তপ্ৰায় হৈ পৰাৰ উপক্ৰম ঘটিছে। গতিকে অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে এনে খেতি কৰিবলৈ ল’লে তাৰ প্ৰভাৱ যে বন্য জীৱ-জন্তুৰ ওপৰত নপৰিব তাৰ কোনো নিশ্চয়তা নাই।
১১। WWF-ৰ মতে পাম অইলৰ খেতিয়ে জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে মাটি, পানী আৰু বায়ু উভয়তে প্ৰদূষণৰ সৃষ্টি কৰে।

গতিকে আমি স্পষ্টকৈ ক’ব খোজো যে যি খেতিৰ ফলত ভৱিষ্যতে ক্ষতি হোৱাৰ আশংকা আছে আৰু বিশ্বত উক্ত খেতিৰ পৰা উৎপাদিত দ্ৰব্যবিধৰ চাহিদা হ্ৰাস পোৱাৰো সম্ভাৱনা আছে তেনে খেতি অসমৰ ১ লাখ হেক্টৰ মাটিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক আচলতে এক ভয়ংকৰ বিপদৰ দিশে ঠেলি দিছে। একেদৰে এই খেতিৰ কৰিবলৈ বাবা ৰামদেৱ আৰু আন বৃহৎ পুঁজিপতি প্ৰতিষ্ঠানক অসমৰ ইমান বৃহৎ পৰিমাণৰ ভূমি চৰকাৰী উদ্যোগত এৰি দি চৰকাৰে ভিতৰুৱাকৈ কোনো কমিছনৰ অংক কৰিছে বুলিও আমাৰ মনত সন্দেহৰ উদ্ৰেক ঘটিছে। সেয়ে আমি অসমৰ জলবায়ু, মাটি, পানী, বায়ুৰ লগতে আন একাধিক ক্ষেত্ৰলৈ বিপদ কঢ়িয়াই আনিব পৰা পাম অইলৰ দৰে এবিধ বিদেশী উদ্ভিদৰ খেতি কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু অনতিপলমে তেনে সিদ্ধান্ত পৰিহাৰ কৰিবলৈ চৰকাৰক সকীয়াই দিছো। লগতে স্বদেশী সামগ্ৰী ব্যৱহাৰ কথা কোৱা বাবা ৰামদেৱে বিদেশী পাম অইলৰ খেতি কৰিবলৈ অসমক বাচি লোৱা কাৰ্যকো গৰিহণা জনাইছো। শেষত ইয়াকে ক’ব পাৰি যে কেৱল পুঁজিপতিৰ স্বাৰ্থ পূৰণৰ লগতে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বৰ্তমানৰ চৰকাৰখনৰ একাংশ নেতা-মন্ত্ৰীয়ে নিজৰ লাভালাভৰ বাবেই এই সৰ্বনাশী খেতি কৰিবলৈ বহিৰাগত লোকক অসমৰ ভূমি গতাই দিবলৈকো কুণ্ঠাবোধ কৰা নাই।

( অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ 
উপাধ্যক্ষ বেদব্ৰত বৰাৰ পৰা প্ৰাপ্ত )

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More