ভোজমাৰী চাপৰিত বাঘিনীৰ মৃতদেহ উদ্ধাৰ

0 10

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন তথা চতিয়াৰ গমিৰিপালৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ ভোজমাৰী টাপুত এক ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়।এয়া এজনী বাঘিনীৰ মৃতদেহ বুলি নিশ্চিত কৰা হৈছে৷ এসপ্তাহ পূৰ্বে মৃত্যু হোৱা বুলি ধাৰণা কৰা আৰু অনুমানিক ১০ বছৰ বয়সৰ বাঘজনীৰ মৃতদেহ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ বিষয়া, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ প্ৰতিনিধিৰ উপস্থিতিত পশু চিকিৎসক দিগন্ত শৰ্মাই মৰনোত্তৰ পৰীক্ষা কৰে। মৰনোত্তৰ পৰীক্ষাৰ পিছত বাঘজনীৰ কিছু মাংস,পাকস্থলীৰ কিছু অংশ আৰু কাণৰ কিছু অংশ পৰৱৰ্তী পৰীক্ষাৰ বাবে ফৰেনচিক বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰা হৈছে। পিছত বাঘজনীৰ মৃতদেহ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰী নীতি অনুসৰি দাহন কৰা হয়। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ বন সংমণ্ডল প্ৰাধিকাৰী খৰ্গেশ্বৰ পেগুৱে মৃত বাঘজনীৰ দাঁত,নখ অক্ষত অৱস্থাত থকালৈ লক্ষ্য কৰি বাঘজনী বেমাৰৰ বাবে মৃত্যু বুলি সন্দেহ কৰিছে। উল্লেখ যে,বন্য জীৱ-জন্তুৰ হাড়-ছালৰ এটা দল শোণিতপুৰ জিলাখনৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ভিতৰুৱা অঞ্চলত সক্রিয় হৈ থকাৰ কথাও এক সূত্ৰই প্ৰকাশ কৰে। বাঘজনী কোনো চোৰাং চিকাৰীৰ হত্যা কৰাৰো আশঙ্কা নুই কৰিব নোৱাৰি ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More