মানৱ সম্পদ গঢ় দিয়াত এগৰাকী শিক্ষকৰ কিছু ব্যতিক্ৰমী চিন্তাধাৰা
বিমল বৰগোহাঁই
আমাৰ সমাজখন এখন বিচিত্ৰ জগত। এই বিচিত্ৰ জগতখনত ভিন্ন চৰিত্ৰৰ মানুহেৰে ভৰপূৰ। সেয়েহে, এই সমাজত বসবাস কৰা তথা লগ পোৱা সকলো মানুহকে আপুনি-মই একেটা চিনাকিতে ভাল বা বেয়া বুলি কোৱাটো সমীচীন নহব। তথাপি আমি সকলোৱে নিশ্চয় কম বেছি পৰিমাণে সমাজৰ প্ৰতি কিছু দায়বদ্ধতা বজাই ৰাখিবলৈ বা কাৰোবাক অকণমান সহানুভূতি দেখুৱাবলৈ প্ৰয়াস কৰোঁ। কিন্তু, কেতিয়াবা আপুনি-মই কেতিয়াও লগ নোপোৱা এগৰাকী ব্যক্তিয়ে যেতিয়া সমাজৰ কল্যাণৰ বাবে আগবঢ়াই যোৱা নিস্বাৰ্থ ত্যাগ, সামাজিক দায়বদ্ধতা, মানৱতাবোধ, কোনেও কৰিবলৈ সাহস নকৰা ইত্যাদি কিছুমান ব্যতিক্রমী কামবোৰ কৰি সকলোৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হয়, তেতিয়া নিশ্চয় সেই গৰাকী মহান তথা মানৱ দৰদী ব্যক্তিৰ বিষয়ে জানিবলৈ বা তেওঁক লগ পাবলৈ মনত এটা দুৰ্বাৰ হেঁপাহ থাকে। আমাৰ পৃথিৱীত এনে বহু মহান ব্যক্তি আছে, যি সকলৰ ত্যাগৰ বাবে আমাৰ সমাজৰ এচাম অভাৱী, দুদৰ্শাগ্ৰস্ত লোকে আজি সমাজত হাঁহি হাঁহি জীয়াই থাকিবলৈ সাহস আৰু প্ৰেৰণা লাভ কৰিছে। এক কথাত সেই সকল হৃদয়বান ব্যক্তিৰ বাবেই আমাৰ সমাজখন সুন্দৰ হৈ জিলিকি থাকিবলৈ সক্ষম হৈছে। গতিকে তেনে ব্যক্তিসকল আমাৰ সমাজৰ বাবে আদৰ্শ আৰু পথ প্ৰদৰ্শক বুলি কলেও বঢ়াই কোৱা নহয়। মই, আজি আমাৰ অসমৰ তেনে এজন হৃদয়বান ব্যক্তিৰ বিষয়ে লিখিবলৈ কিছু প্ৰয়াস কৰিছোঁ, যি গৰাকী ব্যক্তিৰ কৰ্ম্ম আৰু আদর্শই আমাক নিশ্চয় জীৱনত সুখ, আনন্দ তথা পৰম তৃপ্তি লাভ কৰিবলৈ কিদৰে আখৰা কৰিব পাৰি, তাৰ এটা আভাস পাব পাৰি। ইয়াৰ আগতে মই কৈ লওঁ যে আজি যি গৰাকী ব্যক্তিৰ বিষয়ে মই লিখিব বিচাৰিছো, তেওঁক মই ব্যক্তিগত ভাবে চিনি নাপাও আৰু কেতিয়াও তেখেতক লগ পোৱা নাই। কিন্তু তেওঁৰ ব্যক্তিত্ব, নিস্বাৰ্থ সামাজিক দায়বদ্ধতা, সমাজখনক ভাল পোৱা, এজন একেবাৰে সৰল আৰু সাধাৰণ জীৱন যাপন কৰা, সেই ব্যক্তিগৰাকীৰ বিষয়ে কিছু লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ।
সেই সাধাৰণ কিন্তু অসাধাৰণ ব্যক্তি গৰাকী হল ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ এগৰাকী যুৱ অধ্যাপক। ধেমাজি জিলাৰ বাসিন্দা এই অধ্যাপক গৰাকীৰ এটি সাক্ষাৎকাৰ আজি কিছুদিনৰ আগতে এটা ফেচবুকৰ লিংকৰ জৰিয়তে চোৱাৰ সৌভাগ্য হৈছিল। সঁচাকৈ সেই সাক্ষাৎকাৰ চাই মই অভিভূত হৈ পৰিলোঁ । মই আগতেই উল্লেখ কৰিছোঁ যে এই বিচিত্ৰ জগতখনত কিছুমান বিচিত্ৰ মানুহৰ বিচৰণ ঘটে। এই অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁইও মোৰ বোধেৰে তেনে এগৰাকী বিচিত্ৰ ব্যক্তি। তেখেত যদিও এখন বিশ্ববিদ্যালয়ৰ অধ্যাপক, সেই লৈ তেওঁ কেতিয়াও কোনো অহংকাৰ, আত্মগৌৰৱ আদি মানুহৰ আগত প্ৰকাশ কৰি পোৱা নাই। তেওঁ মাথোঁ আমাৰ সমাজৰ শিশু তথা ছাত্র-ছাত্ৰী সকলৰ ভবিষ্যতটো যাতে নিৰাপদ হয় আৰু তেওঁলোকে নিজৰ ভৰিত নিজে থিয় হৈ এক আদৰ্শ দেখুৱাবলৈ সক্ষম হয়, তেনে এক শিক্ষা প্ৰদান কৰিবলৈ এক সপোন দেখিছিল, মনত এটা প্ৰবল ইচ্ছা পুহি ৰাখিছিল। সেয়ে, তেওঁ এক ব্যতিক্ৰমী কৰ্ম হাতত লৈ ২০২০ বৰ্ষত ধেমাজিৰ এখন অতি দুৰ্গম আৰু সীমামুৰীয়া অঞ্চল তথা এক প্রাকৃতিক পৰিবেশৰে আবৃত্ত “সুবহি”ত একমাত্ৰ নিজৰ প্রচেষ্টাত “বিদ্যা -দ্যা লিভিং স্কুল (Vidya – the living School) নামৰ এখন এক আশ্রম সদৃশ বিদ্যালয় স্থাপন কৰিলে। তেখেতৰ বিষয়ে জানিবলৈ মই সাক্ষাৎকাৰটো বাৰে বাৰে চাই আপ্লুত আৰু আৱেগিক হৈ পৰিছিলোঁ। তেখেতৰ কথাবোৰ শুনিলে শুনি থাকিবলৈ মন যায়। কেনেকৈ আৰু কিয় সেই বিদ্যালয়খন খোলাৰ ধাৰণাটো তেওঁৰ মনলৈ আহিল, সেই সকলোবোৰ কথা সাক্ষাৎকাৰটোত বৰ সুন্দৰভাৱে উল্লেখ কৰিছে। তেওঁৰ কথাৰ পৰা এটা কথা স্পষ্টভাৱে কব পাৰি যে ছাত্র-ছাত্ৰীসকলক সংস্কাৰ, গুণগত শিক্ষাৰ দিয়াৰ লগতে শৃংখলাবদ্ধতা আৰু কিছুমান কৌশল(skill)আয়ত্ত কৰিবলৈ এই বিদ্যালয়খনত শিকোৱা হয়, যাতে সেই শিক্ষা আৰু কৌশল গ্ৰহণ কৰি ভৱিষ্যতে প্ৰতিগৰাকী ছাত্র-ছাত্রীয়ে আত্মগৌৰৱ আৰু আত্মসন্মানেৰে সমাজত জীয়াই থাকিবলৈ সক্ষম হয়। সঁচাকৈ, প্ৰাঞ্জল বুঢ়াগোহাঁইৰ এনে ব্যতিক্ৰমী চিন্তাধাৰাই সেই বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰী সকলৰ ভৱিষ্যৎ জীৱনত যে এক ইতিবাচক প্ৰভাৱ পেলাব, সেই কথা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। লগতে তেওঁ ৰোৱা ফচলে যে এদিন গোটেই বিশ্বজুৰি আলোড়ন সৃষ্টি কৰিব, সেই কথা প্ৰায় নিশ্চিত। আচলতে, মানুহে জীৱনত বহু কিবা কিবা কৰিব পাৰে। কিবা এটা ভাল কাম কৰিবলৈ মানুহৰ হাতত প্ৰচুৰ টকা-পইছা নালাগে। লাগে মাথোঁ এটা ইতিবাচক মন আৰু সাহস। তাৰ জ্বলন্ত উদাহৰণ এই প্ৰাঞ্জল বুঢ়াগোহাঁই। নিজৰ দৰমহাৰ সিংহভাগ তেওঁ এই বিদ্যালয়ৰ কল্যাণ বা উন্নয়নৰ বাবে খৰচ কৰে আৰু তেওঁ নিজে এজন সাধাৰণ ব্যক্তিৰ দৰে জীৱন যাপন কৰে, যিটো আমি কেতিয়াও কল্পনা কৰিব নোৱাৰো। অথচ আমাৰ সমাজত এনে বহু কোটিপতি লোক আছে, যি সকলে সদায় নিজৰ বেংক বেলেন্স, মাটি-সম্পত্তি, বিলাসী গাড়ী আদি বৃদ্ধি কৰিবলৈ সদায় দৌৰি আছে। তেওঁলোকে কিন্তু ভাল কাম এটাৰ বাবে এটকাও দিবলৈ টান পায় কিন্তু সমাজত নিজৰ status কিনিব বিচাৰে। গতিকে, প্ৰাঞ্জল বুঢ়াগোহাঁই দৰে ব্যক্তিৰ মহান ত্যাগ আৰু কৰ্ম আমাৰ সকলোৰে বাবে আদৰ্শ হোৱা উচিত। অকল যে তেখেত এগৰাকী অধ্যাপক তেনে নহয়, তেখেত একেধাৰে এগৰাকী নাট্যকাৰ, অভিনেতা, লেখক আৰু এগৰাকী সুবক্তাও। সঁচাকৈ তেখেতে কৰি যোৱা কামবোৰে তেওঁক যি আনন্দ আৰু সুখ দিয়ে, সেয়াই তেওঁৰ জীৱনৰ পৰম প্ৰাপ্তি বুলি বিবেচনা কৰে। তেওঁ বিলোৱা জ্ঞানৰ পোহৰে যে এদিন সমাজখন কিছু হলেও সংস্কাৰ কৰিব, সেইকথাত তেওঁ আশাবাদী। এই খিনিতে হোমেন বৰগোহাঞি ডাঙৰীয়াই তেওঁৰ “প্ৰজ্ঞা আৰু সাধনা” গ্ৰন্থৰ “প্ৰজ্ঞা সাধনা” প্ৰৱন্ধটিত উল্লেখ কৰা এষাৰি বাক্য বৰকৈ মনত পৰিছে। তেখেত লিখিছিল, ধন ঘটিবলৈ জ্ঞান লাগে; কিন্তু জীৱনক সুন্দৰ কৰাৰ কামত সেই ধন খৰচ কৰিবলৈ প্ৰয়োজন প্ৰজ্ঞাৰ। সঁচাকৈ, হোমেন বৰগোহাঞি ছাৰৰ সেই কথাষাৰ যেন আজি প্ৰাঞ্জল বুঢ়াগোহাঁইৰ ক্ষেত্ৰতেই প্ৰযোজ্য হৈছে। প্ৰজ্ঞা আছে বাবেই তেওঁ সৎ উপায়েৰে আৰ্জন কৰা ধন সৎ কামত খৰছ কৰি আজি জীৱনটো সুন্দৰ আৰু আনন্দেৰে পাৰ কৰিব পাৰিছে। নাই কোনো অভাৱ আৰু বিষাদ।
প্ৰাঞ্জল বুঢ়াগোহাঁই দৰে বোধকৰোঁ আন এনে বহু ব্যক্তি আছে যিসকলেও নিৰৱে আৰু নিৰলে সমাজৰ হিতৰ বাবে নিস্বাৰ্থ ভাবে কাম কৰি আছে। আমিও যদি আমাৰ বস্তুবাদী মানসিকতাৰ পৰা অকণমান আঁতৰি নিস্বাৰ্থ ভাবে তেখেতৰ আদর্শৰে অনুপ্ৰাণিত হৈ সমাজৰ কল্যাণৰ বাবে কিছু সেৱা আৰু কাম কৰিবলৈ পৰিকল্পনা কৰোঁ, তেন্তে নিশ্চয়কৈ আমিও জীৱনৰ সাৰ্থকতা উপলব্ধি কৰিব পাৰিম আৰু মনত কিছু হলেও আনন্দ আৰু প্ৰশান্তি লাভ কৰিব পাৰিম, সেইটো মোৰ দৃঢ় বিশ্বাস। কাৰণ এটা কথা সদায় মনত ৰখা উচিত যে আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হোৱাটোহে জীৱনৰ প্ৰকৃত সাৰ্থকতা। গতিকে, জীৱনটো হাঁহি আৰু আনন্দেৰে ভৰি থাকিবলৈ হলে আহকচোন আমিও আমাৰ নিজৰ গৰ্ব, অহংকাৰ, অভিমানসমূহ একাষৰীয়া কৰি প্ৰাঞ্জল বুঢ়াগোহাঁই ডাঙৰীয়াই দেখুৱাই যোৱা পথেৰে যাত্ৰা কৰিবলৈ পণ লও আৰু সমাজৈ কিছু ইতিবাচক বাৰ্তা বিলাবলৈ প্রয়াস কৰো।
( লেখকৰ ঠিকনাঃ বৰবিল নং: ২ ডিগবৈ, তিনিচুকীয়া, ফোন:৯৪৩৫০৩৫১৭৭)
বৰ ভাললাগিল