গুগল ডুডলত গামা পেহালৱান

অপৰাজিত ভাৰতীয় মল্লযুঁজাৰুলৈ সন্মান

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’ : আজি ২২ মে’। আপুনি Google ভ্ৰমণ কৰিছেনে আজি? যদি নাই কৰা, তেন্তে এবাৰ গৈ গুগলত পাক এটা মাৰি আহক। হয়, আজি গুগল ডুডলে প্ৰাক-স্বাধীন ভাৰতৰ অন্যতম প্ৰখ্যাত মল্লযুঁজাৰু গামা পেহালৱানৰ জন্ম দিৱস উদযাপন কৰিছে। অপৰাজিত মল্লযুঁজ বিশ্ব চেম্পিয়ন হিচাপে তেওঁৰ ৰিং নাম ‘দ্য গ্ৰেট গামা’ৰ উপৰি ‘ৰুস্তাম-ই-হিন্দ’ নামেৰেও পৰিচিত আছিল। আনকি ব্ৰুচলী এজন পৰিচিত প্ৰশংসক আছিল আৰু তেওঁ গামাৰ কণ্ডিচনিঙৰ কিছুমান দিশ নিজৰ প্ৰশিক্ষণ ৰুটিনত অন্তৰ্ভুক্ত কৰিছিল বুলিও গুগলে কয়।1653187877705 ১৮৭৮ চনত অমৃতসৰত গোলাম মহম্মদ বাক্স বাট (Ghulam Mohammad Baksh Butt) নামেৰে জন্মগ্ৰহণ কৰা গামা মল্লযুঁজাৰু পৰিয়ালৰ পৰা আহিছিল। ১৯১০ চনত তেওঁক বিশ্ব হেভিৱেট খিতাপ প্ৰদান কৰা হৈছিল।তেওঁৰ ৱৰ্কআউট ৰুটিনত ১০ বছৰ বয়সত ৫০০ ‘বেথাক’ আৰু ৫০০ পুছ-আপ আছিল বুলি জনা যায়। ১৮৮৮ চনত গামাই এখন প্ৰতিযোগিতাত জয়লাভ কৰে য’ত সমগ্ৰ উপমহাদেশখনৰ ৪০০ৰো অধিক মল্লযুঁজাৰুৱে অংশগ্ৰহণ কৰিছিল। যাৰ ফলত তেওঁ অতি কম বয়সতে খ্যাতি লাভ কৰে। গামাই অৰ্জন কৰা অন্যতম উল্লেখযোগ্য কৃতিত্ব আছিল ১৯০২ চনত যেতিয়া তেওঁ ১২০০ কিলোগ্ৰাম ওজনৰ এটা শিল তুলিছিল। এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, এই শিলটো এতিয়া বৰোদা সংগ্ৰহালয়ত ৰখা হৈছে। গামাৰ সন্মুখত অন্যতম ভয়ংকৰ প্ৰতিদ্বন্দ্বী আছিল ৫ ফুট ৮ ইঞ্চিৰ প্ৰায় সাত ফুট উচ্চতাৰ, তেতিয়াৰ বিশ্ব চেম্পিয়ন ৰহীম বাক্স চুলতানিৱালা (Raheem Bakhsh Sultaniwala)। দুয়োৰে মাজত চাৰিবাৰ যুঁজ হয়, প্ৰথম তিনিটা ৰাউণ্ডত ড্ৰ’ত অন্ত পৰে আৰু শেষৰটোত গামাই জয়লাভ কৰে। ৱেলছৰ ৰাজকুমাৰে ভাৰত ভ্ৰমণৰ সময়ত গামাৰ শক্তিক সন্মান জনাই ৰূপালী গদা উপহাৰ দিয়ে। গামাই শেষ দিনবোৰ লাহোৰত কটায় আৰু ১৯৬০ চনত মৃত্যু হয়। আজিৰ ডুডলে গামা পেহালৱানৰ ৰিঙত সাফল্যৰ লগতে ভাৰতীয় সংস্কৃতিলৈ তেওঁ কঢ়িয়াই অনা প্ৰভাৱ আৰু প্ৰতিনিধিত্বকো উদযাপন কৰে বুলি গুগলে জনায়। এই ডুডল সৃষ্টি কৰিছে শিল্পী বৃন্দা জাভেৰীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More