শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯জুলাইঃ দেশৰ নৱজাগৰণ আন্দোলনৰ মহান মনীষী আৰু আধুনিক শিক্ষাৰ অন্যতম পথিকৃৎ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ১৩৩ সংখ্যক মৃত্যু দিৱসৰে সংগতি ৰাখি আজি ছাত্ৰ সংগঠন এ আই ডি এছ অ’ৰ ৰাজ্যিক কমিটিৰ আহ্বানত শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত ৰাজ্যৰ শিক্ষাখণ্ডৰ চূড়ান্ত অব্যৱস্থা দূৰীকৰণ আৰু চৰকাৰৰ বিভিন্ন শিক্ষাবিৰোধী আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। শোণিতপুৰ জিলা কমিটিৰ এটা সজাতি দলে দিনৰ ১২ বজাত জিলা আয়ুক্ত দেব কুমাৰ মিশ্ৰক সাক্ষাৎ কৰি ছয় দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। স্মাৰকপত্ৰত উল্লেখ কৰা হয় যে শিক্ষা ব্যৱস্থাৰ স্বাধিকাৰ হৰণৰ কৰাৰ উদ্দেশ্যে জাৰি কৰা স্বৈৰাচাৰী ফৰ্মান প্ৰত্যাহাৰ কৰাৰ লগতে শিক্ষা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ছাত্ৰ, শিক্ষক, অভিভাৱক আৰু শিক্ষাবিদসকলৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে৷ ভাষাবিদ সকলৰ পৰামৰ্শ মানি মাতৃভাষাতেই প্ৰাথমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলৰ পঠন -পাঠন ব্যৱস্থা কৰা আৰু প্ৰথম শ্ৰেণীৰ পৰা ইংৰাজী ভাষা গুৰুত্ব সহকাৰে শিকোৱাৰ ব্যৱস্থা কৰাৰ সংগঠনৰ পক্ষৰ পৰা দৃঢ়তাৰে দাবী জনোৱা হয়। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ বিৰোধী চাৰি বছৰীয়া ডিগ্ৰী কৰ্চ বাতিল কৰা, ছাত্ৰ ছাত্ৰীসকলক নাম ভৰ্তিৰ সুযোগ সুনিশ্চিত কৰা আৰু শিক্ষা প্ৰতিষ্ঠান সমূহৰ শূন্য পদ পূৰণ কৰা তথা অবিলম্বে পাঠ্যপুথিৰ প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও স্মাৰক পত্ৰত দাবী জনোৱা হয়।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.