মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত “দক্ষ-দীক্ষা” বৰণীয় নেতৃত্ব যুগজয়ী কৃতিত্ব শীৰ্ষক কৰ্মশালা অনুষ্ঠিত

0 91

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ডিচেম্বৰঃ ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত “দক্ষ-দীক্ষা” বৰণীয় নেতৃত্ব যুগজয়ী কৃতিত্ব শীৰ্ষক এখনি অতি গুৰুত্বপূৰ্ণ সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। সন্থাৰ সাধাৰণ সম্পাদক দেৱকান্ত মৰাণে আঁতধৰা কৰ্মশালাখনিৰ সঞ্চলনা কৰে উপদেষ্টা দুলাল মৰাণে। আদৰণি ভাষণ আগবঢ়াই ভাৰপ্ৰাপ্ত সভাপতি পলিন্দ্ৰ বড়াই লগতে সন্থাৰ স্থায়ী সভাপতি নৱ মৰাণে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। কৰ্মশালাখনিত ‘মৰাণ জাতীয় দায়বদ্ধতা আৰু ছাত্ৰ সংগঠনৰ দায়িত্ব কৰ্তব্য’ ওপৰত সন্থাৰ প্ৰাক্তন সভাপতি হৰকান্ত মহন্তই প্ৰশিক্ষণ প্ৰদান কৰে। “নেতৃত্বৰ গুণ, ব্যক্তিত্ব প্ৰশাসনিক দক্ষতা ”ওপৰত বক্তব্য আগবঢ়াই সাপেখাতিৰ কানু ভোগবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অৰুণ গগৈয়ে। অনুষ্ঠানত মূল বক্তা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ প্ৰাধ্যাপক ড° দিপেন বেজবৰুৱাই ‘নেতৃত্বৰ গুণ আৰু ব্যক্তিত্বৰ লগতে ছাত্ৰ সংগঠনৰ কৰণীয়’ বিষয়ত পৰাৰ্মশ আগৱঢ়ায়। কৰ্মশালাখনিত সন্থাৰ সকলো পৰ্য্যায়ৰ তিনিশতাধিক বিষয়বৱীয়া লগতে মৰাণ জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী সম্পাদিকাকে প্ৰমুখ্য কৰি ৫০ গৰাকী বিষয়ববীয়া অংশগ্ৰহণ কৰে। কৰ্মশালাখনিত শলাগৰ শৰাই আগবঢ়াই সন্থাৰ অন্যতম সাংগঠনিক সম্পাদক প্ৰহ্লাদ বড়াই। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনি বিয়লি ২ বজাত সামৰণি পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More