মৰ্মন্তুদ! নাওবৈচাত দুই দেৱ শিশুক হত্যা কৰি মাতৃৰ আত্মহনন

দাৰিদ্ৰতাৰ কৰুণ পৰিণতি

0 68

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ জুনঃ লখিমপুৰ জিলাৰ অতি দুৰ্গম অঞ্চল নাওবৈচাৰ শালমৰাত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ নাওবৈচাৰ শালমৰা গাঁৱত অক্ষয় পায়েঙৰ পত্নী সৰুমাই পায়েঙে [২২] আজি দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগতে তেওঁৰে দুই পুত্ৰ-কন্যাক ডিঙি চেপি হত্যা কৰি নিজেও আত্মহত্যা কৰে৷ পাৰিবাৰিক অশান্তি আৰু চৰম দাৰিদ্ৰতাৰ বাবেই আজি মহিলাগৰাকীয়ে এনেদৰে দুই দেৱ শিশুক হত্যা কৰি নিজে চিপ লৈ আত্মহত্যা কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত গড়ছিগাৰ সমীপৱৰ্তী শালমৰাৰ নিবাসী অক্ষয় পায়েঙে আজি দিনহাজিৰা কৰিবলৈ যোৱাৰ সময়তে সৰুমাই পায়েঙে তেওঁলোকৰ দুই পুত্ৰ কন্যা ক্ৰমে ২ বছৰ আৰু ১৫ দিনীয়া দুয়োটি শিশুকে নিৰ্মম ভাৱে ডিঙি চেপি হত্যা কৰাৰ পিছতে পাষণ মাতৃ সৰুমাই পায়েঙে নিজৰ চাংঘৰত চিপ লৈ আত্মহত্যা কৰে৷ দিনৰ প্ৰায় ১ মান বজাত সংঘটিত হোৱা এই ঘটনাৰ খবৰ বিয়পি পৰাত ঘটনাস্থলীত লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ আজিৰ এই ঘটনাই সমগ্ৰ নাওবৈচা অঞ্চলক জোকাৰি গৈছে৷ উল্লেখনীয় কথা যে আৰ্থিক অনাটন তথা দৰিদ্ৰতাৰ লগত দীৰ্ঘদিন ধৰি যুঁজ দি আহিছিল পৰিয়ালটোৱে৷ ফলত মানসিক ভাৱে অশান্তিত থকা মহিলাগৰাকীয়ে এনে চৰম পন্থা বাছি ল’বলৈ বাধ্য হয়৷ ইফালে স্বামী অক্ষয় পায়েঙে দিনটো আনৰ ঘৰত কাম কৰি বিয়লি ঘৰলৈ ঘূৰি আহি এনে দৃশ্য প্ৰত্যক্ষ কৰি দিক-বিদিক হেৰুৱাই পেলাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More