লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা প্ৰতিষ্ঠানত কৃষক-কৃষি বিজ্ঞানীৰ মাজত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰ্তব্য শীৰ্ষক আলোচনাচক্ৰ 

0 79

উত্তৰ লখিমপুৰ ২৬ জুনঃ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অন্তৰ্গত উত্তৰ অসমৰ লখিমপুৰ জিলাত অৱস্থিত একমাত্ৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত, আজি ইণ্ডো গ্ল’বেল চচিয়েল চাৰ্ভিছ চচাইটিৰ উদোগত আৰু ধেমাজি আৰু লখিমপুৰ জিলাৰ ৪০ জন কৃষকৰ উপস্থিতত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰ্তব্য শীৰ্ষক এক আলোচনাচক্ৰ অনুস্থিত কৰা হয়।WhatsApp Image 2023 06 26 at 7.49.49 PM ইণ্ডো গ্ল’বেল চচিয়েল চাৰ্ভিছ চচাইটিৰ প্ৰকল্প বিষয়া ৰাজেন শইকীয়াই আলোচনা চক্ৰৰ উদেশ্য অৱগত কৰি গৱেষণা প্ৰতিষ্ঠান সমূহ আৰু কৃষকৰ মাজত ব্যৱধান হ্ৰাস কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিত গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে কৃষিজীৱী জনসাধাৰণৰ কেনেকৈ আগুৱাই নিব পৰি সেই বিষয়ে আলোচনা চক্ৰ খন অনুস্থিত কৰাৰ কথা অৱগত কৰে। প্ৰকল্প বিষয়া ৰাজেন শইকীয়াই আঁত ধৰা সভাখনত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ড° প্ৰৱাল শইকীয়া, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ড° প্ৰশান্ত কুমাৰ পাঠক, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক ড° অৰ্পণ ভৌমিক, লখিমপুৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ জিলা বিষয়া ডাঃ কুলধৰ শইকীয়াৰ লগতে বিশ্বনাথ কৃষি মহাবিদ্যালয়, অধ্যাপক ড° প্ৰশান্ত নেওগ আদি ব্যক্তি সকলে বৰ্তমান অৱস্থাত জলবায়ু পৰিৱৰ্তনৰ ফলত কৃষক সকলে কেনেধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ আহিছে আৰু কৃষি ক্ষেত্ৰত আমি কেনেধৰণৰ সময়োপযোগী পদক্ষেপক ললে জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰি আগুৱাই যাব পাৰে সেই বিষয়ে কৃষক সকলৰ মাজত তথ্য সহকাৰে কৃষি বিজ্ঞানী তথা গৱেষক সকলে বিস্তৃতভাৱে অৱগত কৰে। লগতে আই জি এছ এছ এছৰ ৰাজ্যিক সমন্বয়ক ধৰণী পায়েঙে অনুষ্ঠানটোৰ কৰ্মৰাজি বিষয়ে অৱগত কৰাৰ লগতে গ্ৰাম্য আৰু নগৰ অঞ্চলৰ জনসাধাৰণৰ আৰ্থসামাজিক উন্নয়নৰ বিষয়ে অৱগত কৰে। আজি সভাখনত ধেমাজি আৰু লখিমপুৰ জিলাৰ পৰা অংশগ্ৰহণ কৰা কৃষক সকলে পোনপটীয়াকৈ বিজ্ঞানী সকলৰ মাজত সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়। যত কৃষকসকলে কৃষিপামৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হব পাৰে সেই কৌশল থকা প্ৰক্ৰিয়া সম্পৰ্কে যথেষ্ট জানিবলৈ সক্ষম হয়। গ্ৰাম্যাঞ্চলৰ পৰা অহা কৃষক সকলে এই সময়োপযোগী পদক্ষেপক লোৱাৰ বাবে সংস্থাটোক ধন্যবাদ জ্ঞাপন কৰে। সভাখনত আই জি এছ এছ এছৰ ৰেৱত বৰুৱা, অন্তৰা ৰাজকোঁৱৰ আদি  কেইবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More