যুৱ কংগ্ৰেছ নেতাৰ আলফালৈ গমন কাণ্ডৰ নতুন মোৰঃ

শিৱসাগৰ বেতবাৰীৰ স্বপ্নিল বৰপাত্ৰ গোহাঁইক মাজনিশা আটক

0 14

শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৮ এপ্ৰিলঃ শদিয়াৰ উদয় নগৰৰ জনাৰ্দন গগৈ নামৰ এগৰাকী উচ্চ শিক্ষিত যুৱক তথা যুৱ কংগ্ৰেছৰ নেতাই, পত্নী, সন্তান, অসুস্থ মাতৃক এৰি থৈ আলফা স্বাধীনত যোগদানৰ বাবে ম্যানমাৰ অভিমুখী যাত্ৰা কৰাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই এইবাৰ ঘটনাৰ সৈতে যুগসূত্ৰ থকাৰ সন্দেহত শিৱসাগৰৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত । পুৱতি নিশা শদিয়া জিলাৰ এটা আৰক্ষী দলৰ সৈতে শিৱসাগৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই শোৱাপাটীৰ পৰাই আটক কৰা যুৱকজন বেতবাৰী চাংমাই গাঁৱৰ নিৱাসী স্বপ্নিল বৰপাত্ৰ গোহাঁই বুলি জানিব পৰা গৈছে । শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত শদিয়া আৰক্ষীয়ে স্বপ্নিলক লৈ শদিয়া অভিমুখে যাত্ৰা আৰম্ভ কৰে । প্ৰাপ্ত বাতৰি মতে যুৱ কংগ্ৰেছী জনাৰ্দন গগৈ আলফা স্বাধীনত যোগদান কৰাৰ পিছতেই শদিয়া আৰক্ষীয়ে বিভিন্ন উৎসৰ সন্দৰ্ভত অভিযান চলাই জনাৰ্দনক আটক কৰে বুলি জানিব পৰা গৈছে । এক শীৰ্ষ আৰক্ষীৰ সুত্ৰৰ পৰা জানিব পৰা মতে জনাৰ্দনে আলফাত যোগদান কৰাৰ ক্ষেত্ৰত স্বপ্নিল বৰপাত্ৰ গোহাইৰ বিশেষ ভূমিকা থকাৰ কথা প্ৰকাশ কৰাৰ লগতে মৱাইল চাৰ্ভিলেন্স পদ্ধতিৰে লাভ কৰা সাক্ষ্য, প্ৰমাণৰ ভিত্তিতেই স্বপ্নিল বৰপাত্ৰ গোহাঁইক আটক কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰটোৱে স্পষ্ট কৰি দিছে । উল্লেখ্য যে, বিগত সময়ত কেইবাবাৰো অসম আৰক্ষীয়ে আলফাৰ লগত যোগাযোগ থকাৰ সন্দেহত আটক কৰাৰ লগতে কেইবাবাৰো কাৰাগাৰৰ আলহী হোৱা স্বপ্নিল বৰপাত্ৰ গোহাঁইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে এই গ্ৰেপ্তাৰক ষড়যন্ত্ৰ বুলি আখ্যা দিয়াৰ লগতে স্বপ্নিল নিৰ্দোষী বুলি দাবী কৰিছে । স্মৰ্তব্য যে বিগত ১ মাৰ্চৰ দিনা এই বেতবাৰীৰে সুৰজ গগৈ নামৰ যুৱক জনক আলফাৰ লিংক মেনৰ সন্দেহত আচাম ৰাইফলচে আটক কৰি চৰাইদেউ আৰক্ষীক চমজাই দিয়াৰ পিছতেই আৰক্ষীৰ গুলিত আহত হৈ অৱশেষত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই পুনৰ বেতবাৰীৰে আন এজন যুৱকক একেই অভিযোগত আৰক্ষীয়ে আটক কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More