যোৰহাটত ‘সম্প্ৰীতিৰ জলপানেৰে ব’হাগক আদৰো আহক’ শীৰ্ষক অনুষ্ঠান

0 12

শতাব্দ প্ৰতিনিধি,যোৰহাট , ১৬ এপ্ৰিল : যোৰহাটৰ উপকণ্ঠৰ হাতীগড় সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত পঞ্চদশ বাৰৰ বাবে কালি অনুষ্ঠিত কৰা হয় ‘সম্প্ৰীতি জলপানেৰৰ ব’হাগক আদৰো আহক ‘ শীৰ্ষক অনুষ্ঠান। বৃহত্তৰ হাতীগড়বাসীৰ উপস্থিতিত অগ্ৰজজনৰ আশিস লৈ হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ আৰম্ভণিতে পদূলিৰ পৰা ঢোল-পেঁপাৰ মাতেৰে প্ৰত্যেকৰে হাতত এখনকৈ গুৱা গুজি দি আদৰণি জনাই অনা হয় প্ৰত্যেকজন ব্যক্তিক। ইয়াৰ পিছতে বিহুৰ পৰম্পৰা ৰক্ষা কৰি অগ্রজনৰ চৰণত সেৱা লৈ বছৰটোৰ বাবে আশিস লয় মঞ্চখনৰ প্ৰতিজন সদস্যই। অর্ধ শতাধিক ককা-আইতাক এখনি বিহুৱান আৰু এখনকৈ গুৱা আগবঢ়াই চৰণত সেৱা লয় মঞ্চখনৰ সদস্য সকলে। ইয়াৰ পিছতে মঞ্চৰ পৰিয়ালে প্ৰতি বছৰৰ দৰে সাজু কৰা জলপান আগবঢ়াই উপস্থিত থকা বিহুপ্ৰেমীক আপ্যায়ন কৰে। মঞ্চৰ সদস্য তথা হাতীগড় অঞ্চলৰ অগ্ৰজসকলে এযোৰা বিহু মাৰে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে। এই অনুষ্ঠানতে মঞ্চৰ উদ্যোগত ১২ দিনীয়াকৈ অনুষ্ঠিত কৰা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অংশগ্ৰহণকাৰীসকলে বিহু নাচ আৰু ঢোল বাদন পৰিৱেশন কৰি পৰিৱেশ আনন্দ মুখৰ কৰি তোলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More