শিৱসাগৰৰ বিলাসী ৰিজৰ্টত সুৰাক কেন্দ্ৰ কৰি কয়লা মাফিয়া দলৰ সন্ত্ৰাস

দণ্ডাধীশ জয়সাগৰ আৰক্ষীৰ আলহীঃ ৰহস্যজনক বুজাজিৰ অভিযোগ

0 23

শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৬ এপ্ৰিলঃ বিজতৰীয়া চেটাৰ ডে নাইটৰ লগতে নিয়মিত অসামাজিক কাৰ্যকলাপৰ কেন্দ্ৰ বিন্দু হৈ পৰা শিৱসাগৰ জিলাৰ ভটীয়াপাৰাস্থিত জোন স্কাই নামৰ বিলাসী ৰিজৰ্টখনত পহিলা বহাগৰ দিনা সংঘটিত হল এক ভয়ংকৰ সংঘৰ্ষৰ ঘটনা । অসম নাগালেণ্ড সীমান্তৰ বিহুবৰৰ পৰা জোন স্কাইত সুৰাৰ পাৰ্টী কৰিবলৈ অহা এজন দণ্ডাধীশসহ এটা কুখ্যাত কয়লা মাফিয়াৰ দলে সুৰাপানক কেন্দ্ৰ কৰি সংঘৰ্ষত লিপ্ত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । সুৰাত মগন মাফিয়া দলৰ এজন চালকৰ পৰা সূত্ৰপাত হোৱা ঘটনাই পৰৱৰ্তী সময়ত সংঘৰ্ষলৈ ৰূপান্তৰিত হোৱাত ঘটনাস্থলীলৈ আৰক্ষীৰ দল মোতায়েন কৰিব লগীয়া হয় । আৰক্ষীয়ে দণ্ডাধীশ সহিতে কুখ্যাত কয়লা মাফিয়াৰ দলটোক জয়সাগৰ আৰক্ষী চকীত আটক কৰি ৰখাৰ পিছতহে পৰিস্থিতিৰ শাম কাটে । উল্লেখ্য যে নতুন প্ৰজন্মৰ যুৱ চামক কঠোৰ নিৰাপত্তাৰ আৱেষ্টনীৰ মাজত ৰাগীয়াল দ্ৰব্য সেৱনৰ বাবে পূৰ্ণ সুযোগ প্ৰদান কৰি অহা ভটীয়াপাৰৰ জোন স্কাই নামৰ ৰিজৰ্টখনত সম্প্ৰতি চেটাৰ ডে নাইটকে ধৰি কেতবোৰ বিজতৰীয়া আৰু অসামাজিক কাৰ্যকলাপৰ অভিযোগক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে । বাৰৰ অনুমতিৰ ভিত্তিত মুকলি সুৰাৰ অৱাধ প্ৰচলন ঘটা ৰিজৰ্টখনত সুৰাৰ পাৰ্টীত অংশগ্ৰহণৰ বাবে পহিলা বহাগৰ দিনা পাঁচখন থাৰ গাড়ীৰে অসম নাগালেণ্ড সীমান্তৰ পৰা ১০ জনীয়া এটা কুখ্যাত কয়লা মাফিয়াৰ দল উপস্থিত হৈছিল । যি কয়লা মাফিয়া দলৰ সংগী আছিল এগৰাকী অসম চৰকাৰৰ দণ্ডাধীশ আৰু দুজন নগা যুৱক । দীৰ্ঘ সময় ৰিজৰ্টত দণ্ডাধীশসহ কয়লা মাফিয়াৰ দলটোৱে সুৰাপান কৰি থকাৰ সময়তেই মাফিয়াসহ দণ্ডাধীশক কঢ়িয়াই অনা দলটোৰ এখন থাৰ গাড়ীৰ চালকৰ সৈতে ৰিজৰ্টৰ কৰ্মচাৰীৰ তৰ্কাতৰ্কি হয় । পৰৱৰ্তী সময়ত সুৰাৰ ৰাগীত মাতাল মাফিয়া, দণ্ডাধীশৰ দলটোৱে এই কথাক লৈয়ে ৰিজৰ্ট স্বত্বাধিকাৰীৰ ভাতৃৰ সৈতেও মাৰপিটত লিপ্ত হোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । ইফালে ৰিজৰ্টখনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত জয়সাগৰ আৰক্ষীক অৱগত কৰাত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়লা মাফিয়াসহ দণ্ডাধীশ গৰাকীক জয়সাগৰ আৰক্ষী চকীলৈ কৰায়ত্ত কৰি লৈ আনে । একে সময়তেই ৰিজৰ্ট কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত কুখ্যাত কয়লা মাফিয়াসহ দণ্ডাধীশৰ দলটোক আৰক্ষী চকীত কিছু সময় আটক কৰি ৰখাৰ পিছতেই এক ৰহস্যজনক বুজাবুজিৰ ভিত্তিত শনিবাৰে পুনৰ উপস্থিত হোৱাৰ নিৰ্দেশেৰে ঘৰলৈ যাবলৈ দিয়ে । শিৱসাগৰৰ সংবাদ মাধ্যমৰ পৰা অতি গোপনে জয়সাগৰ আৰক্ষীয়ে মাফিয়াসহ দণ্ডাধীশৰ দলটোক আজি পুনৰ উপস্থিত হোৱাৰ পিছতেই বৃহৎ অংকৰ ধনৰ বিনিময়ত গোপন বুজাবুজিৰে গোচৰ নিস্পতিৰে থানাৰ পৰা মুকলি কৰি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অভিযোগ অনুসৰি থানাখনৰ বহু বিতৰ্কিত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কেইবা লাখ টকাৰ বিনিময়ত চক্ৰটোক সাক্ষ্য প্ৰমাণ নৰখাকৈ মুকলি কৰি দিয়াৰ ঘটনাই প্ৰকৃততে শিৱসাগৰত একাংশ আৰক্ষী বিষয়াই কুখ্যাত কয়লা মাফিয়াৰ আঙুলিৰ ঠাঁৰত যে পৰিচালিত হৈ আছে সেয়া জোন স্কাইৰ ঘটনাতেই স্পষ্ট হৈ পৰিছে । আনহাতে জোন স্কাই নামৰ ৰিজৰ্ট খনতো কিদৰে নিতৌ ৰাগীয়াল দ্ৰব্যৰ অৱাধ প্ৰচলন আৰু অসামাজিক চক্ৰৰ ঘাটী হৈ পৰিছে তাক লৈও প্ৰশ্নৰ সৃষ্টি হৈছে । যি সময়ত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসামাজিক কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সময়ত শিৱসাগৰৰ জোন স্কাইত সুলভ সুৰা, আৰু হোকাৰ আমেজ লবলৈ গৈ খোদ চৰকাৰী দণ্ডাধীশ সহ কুখ্যাত কয়লা মাফিয়াৰ দলে সন্ত্ৰাস চলাবলৈ সাহস কৰিলে সেয়াহে লাখ টকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More