লখিমপুৰত ওজা সোমনাথ বড়াক ‘বিহু সম্ৰাট’ উপাধি প্ৰদান

0 56

 

শতাব্দ প্ৰতিনিধি,লখিমপুৰ ১৬ এপ্ৰিল: অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত লখিমপুৰ ত্যাগ ক্ষেত্ৰত ১৪ এপ্ৰিলত ষষ্ঠ বাৰ্ষিক উৰুকা উৎসৱ আৰু বিহু আদৰণি অনুষ্ঠান দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । পুৱা ৯ বজাত পতাকা উত্তোলন কৰে লখিমপুৰ জিলা সমিতিৰ সভাপতি হৰেন বৰুৱাই । শ্বহীদ তৰ্পণ কৰে জিলাৰ সাধাৰণ সম্পাদক মোবিন আহমেদে। উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতাই আঁতধৰা অনুস্থানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা উপদেষ্টা উত্তম বৰা , জিলা সভাপতি হৰেন বৰুৱা , জিলা সাধাৰণ সম্পাদক মোবিন আহমেদ, জিলা বিত্ত সম্পাদক মৃদুল শইকীয়া , লখিমপুৰ জিলাৰ বিশিষ্ট সমাজ কৰ্মী উদয় শংকৰ হাজৰিকা, সাংবাদিক প্ৰিয়মজ্যোতি ফুকন, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈ, যুৱ নেতা অজিত বুঢ়াগোহাঁই, চুতীয়া জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়া,লগতে প্ৰাগ নিউজৰ লখিমপুৰ জিলাৰ সাংবাদিক কুশল শইকীয়া, লখিমপুৰ জিলাৰ সাংস্কৃতিক কৰ্মী দীপা দাস হাজৰিকা আদি । তাৰপাছতে থলুৱা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ১১.৩০ বজাত লখিমপুৰ জিলাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা ক্ৰীড়া সংগঠক আহমেদ আশ্ৰফ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ কানন বৰগোঁহাইক সম্বৰ্ধনা জনোৱা হয় । মনোজ কলিতাই আঁতধৰা অনুষ্ঠানত বয়োজ্যেষ্ঠ সকলক সম্বৰ্ধনা জনোৱা হয়। উৰুকা উৎসৱ আৰু বিহু আদৰণি অনুষ্ঠানৰ মুখ্য অনুষ্ঠান আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্ন্ন শিল্পী ঢোলৰ ওজা সোমনাথ বড়াক বিহু সম্ৰাট উপাধি প্ৰদান কৰা হয়। এখন বিহুৱান ,চেলেং, এটা জাপি, এখন সঁফুৰা, এটা কাহৰ জাপি, নগদ ৩০.০০০ টকা ,আৰু বিহু সম্ৰাটৰ উপাধিৰ এটা স্মাৰক প্ৰদান কৰা হয় । দিনৰ ৩ বজাত অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰে এখন বাৰ্ষিক অসমীয়া কেলেণ্ডাৰ উন্মোচন কৰা হয়। উন্মোচন কৰে উদয় শংকৰ হাজৰিকাই। সন্ধিয়া ৪.৩০ অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহৰ বঁটা বিতৰণ কৰা হয় লগতে কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলৰ মান পত্ৰ বিতৰণ কৰা হয় লগতে বৰ বিহুৱতীৰ প্ৰতিযোগিতাৰ মাজৰ ইন্দু বৰাক লখিমপুৰ লখিমী২০২২ বটা প্ৰদান কৰা হয়।কৰ্মশালাখনিৰ সহযোগী প্ৰশিক্ষক স্বপ্নীল আঞ্জন বড়া , ভৈৰৱ জ্যোতি দত্ত, মৃদুস্মিতা বৰগোহাঁইক এখনি মানপত্ৰ , বিহুৱান চেলেং, সঁফুৰাৰে সম্বৰ্ধনা জনোৱা হয় । জিলা সমিতিৰ সাধৰন সম্দপাক মোবিন আহমেদে শলাগৰ শৰাই আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More