শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়াই চৰকাৰী গাড়ীচালকক ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ কেবাজনো চৰকাৰী গাড়ী চালকক এতিয়া এনে একাংশ বিষয়াই চৰকাৰী কামত ব্যৱহাৰ কৰাৰ উপৰিও বজাৰ কৰিবলৈ পঠোৱা, বিদ্যালয়ৰ পৰা নিজৰ ল’ৰা-ছোৱালীক অনা নিয়া কৰা আদি বিভিন্ন কামত নিয়োজিত কৰি অহাত একাংশ চালকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ উল্লেখনীয় যে লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰায় ১৩-১৪ জন চালক নিয়োজিত হৈ আছে আৰু এনে চালকৰে ৩-৪ জনক একাধিক বিষয়াই কাৰ্যালয়ৰ সময়ত ব্যক্তিগত কামত নিয়োজিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.