তেজপুৰৰ জ্যোতি – বিষ্ণু মইনা পাৰিজাতৰ সপ্তদশ দ্বি বাৰ্ষিক শিশু সমাৰোহ

কণ কণ মইনাৰ বাগ্মিতাপূৰ্ণ ভাষণত মুগ্ধ ৰাইজ - - মইনাৰ মৌমাত আৰু গীত, নৃত্য, আবৃত্তি, আকস্মিক বক্তৃতাৰে মুখৰিত

0 33

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ জুলাই : তেজপুৰৰ জ্যোতি – বিষ্ণু মইনা পাৰিজাতৰ সপ্তদশ শিশু সমাৰোহ উপলক্ষে কালিৰ দিনটোত পুৱাৰ পৰা গীত, নৃত্য, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা ৰ পিছত বিয়লিৰ পৰা মুকলি সভাত তেজপুৰৰ কেবাখনো শাখা মইনা পাৰিজাতৰ মইনাৰ বাগ্মিতাপূৰ্ণ ভাষণ, শিশুপ্ৰেমী বিশিষ্ট অতিথিৰ ভাষণ আৰু মইনাৰ মৌমাতেৰে মুখৰিত হৈ পৰে তেজপুৰ বামুণ গাঁৱৰ মধ্য বাৰিকা চুবুৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগন। বিয়লি জ্যোতি – বিষ্ণু মইনা পাৰিজাতৰ মইনা স্নেহাল গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাখন আৰম্ভ হয় জ্যোতি – বিষ্ণু মইনা পাৰিজাতৰ মইনাসকলৰ সমবেত গীতেৰে ।আনহাতে জ্যোতি – বিষ্ণু মইনা পাৰিজাতৰ সম্পাদক ধন শইকীয়াই আঁত ধৰা আৰু সভাপতি মমী ভাগৱতীয়ে আদৰণী ভাষণ আগবঢ়োৱা মুকলি সভাখনত লুইতপাৰ মইনা পাৰিজাতৰ মইনা গাৰ্গী শইকীয়াই নিৰ্দিষ্ট বক্তা হিচাবে, নটৰাজম মইনা পাৰিজাতৰ মইনা কাব্যা নাংছেং চেতিয়াই মইনা অতিথি ৰূপে আৰু বেছেৰীয়া আঞ্চলিক মইনা পাৰিজাতৰ মইনা ৰিয়া দেৱীয়ে সাৱলীল ভাৱে আগবঢ়োৱা ভাষণে ভৱিষ্যতৰ একোগৰাকী সু বক্তা হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তোলে। আটাইকেইগৰাকী মইনা বক্তাই ককা মহাদেৱ শৰ্মা, ত্ৰৈলোক্য নাথ গোস্বামী, আইতা নলিনীবালা দেৱীৰ দৰে প্ৰাত:স্মৰণীয় ব্যক্তি সকলে শিশুৰ বৌদ্ধিক, মানসিক আৰু শাৰিৰীক বিকাশৰ বাবে গঢ়ি তোলা মইনা পাৰিজাতৰ লক্ষ্য – উদ্দেশ্য আৰু ইতিহাস সাৱলীল ভাৱে ব্যাখ্যা কৰি এই মইনা পাৰিজাতৰ মঞ্চৰ জৰিয়তে তেওলোক কেনেকৈ উপকৃত হৈছে তাৰ সবিশেষ দাঙি ধৰে। আনহাতে মুকলি সভাখনত আমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক নিলীমা বেজবৰুৱা, অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা, তেজপুৰ জিলা মইনা পাৰিজাতৰ সম্পাদক চিত্তৰঞ্জন নাথ আৰু তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি মৃদুল শৰ্মাইও শুভেচ্ছামূলক ভাষণ আগবঢ়ায় ।অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই মইনা পাৰিজাতৰ মঞ্চ গৰকী অহা এসময়ৰ প্ৰত্যেক মইনা একোগৰাকী প্ৰকৃত আদৰ্শ ব্যক্তি হোৱাৰ নজিৰ আছে বুলি কৈ উপস্থিত থকা অভিভাৱক সকলক নিজ নিজ সন্তানক সকলো দিশতে সুস্থ প্ৰতিযোগিতাৰে আগবঢ়াই নিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰদৰ্শনতকৈ যিকোনো বিষয় শুদ্ধ শৈলীৰে, প্ৰণালীৱদ্ধ ভাৱে আয়ত্ব কৰাতহে গুৰুত্ত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায়। মুকলি সভাখনত মইনাৰ মৌমাতৰ অনুষ্ঠানত মইনা শুভাষণা, কাক্সী আৰু কাব্যাই গীত, কবিতাৰে উপস্থিত সকলোকে আপ্লুত কৰি তোলে। আনহাতে এই মুকলি সভাতে শিশুপ্ৰেমী আমন্ত্ৰিত অতিথি সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অসম অসামৰিক সেৱাৰ পৰীক্ষাত কৃতিত্ব প্ৰদৰ্শন কৰা ৯ গৰাকীকৈ জ্যোতি – বিষ্ণু মইনা পাৰিজাতৰ প্ৰাক্তন মইনাক গামোচা, শৰাই আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে। অভিনন্দন জ্ঞাপন কৰা এই প্ৰাক্তন মইনা সকল হ’ল ক্ৰমে – হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাংকৃতা বৰা, কাজল কুণ্ডু, বনজিতা দাস, ৰিস্মিতা কাশ্যপ, চন্দনা শৰ্মা, প্ৰজ্বলিতা ভৰদ্বাজ আৰু শশাংক গোস্বামী, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নিলোৎপল বনিয়া আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ গাৰ্গী গোস্বামী। ইয়াৰ আগেয়ে পুৱা মইনা ময়ূৰী দাসৰ দ্বাৰা পতাকা উত্তোলন, প্ৰিয়াংশী শইকীয়াৰ দ্বাৰা স্মৃতি তৰ্পণৰ লগতে আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More