লখিমপুৰ ডায়েটত ৰঙালীক আদৰণি

0 166

উত্তৰ লখিমপুৰ, ১৫ এপ্ৰিলঃ আজাদস্থিত লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (ডায়েট) নিজা প্ৰাঙ্গনত প্ৰথমবাৰলৈ প্ৰতিষ্ঠানখনৰ প্ৰবক্তা মণ্টু বুঢ়াগোহাঁই, ইন্দ্ৰজিত গাম আৰু বিপ্লৱ গগৈৰ তত্ত্বাৱধানত অসমবাসীৰ বাপতি সাহোন ৰঙালী বিহু আদৰণি উদ্‌যাপন কৰা হয়। উক্ত কাৰ্যসূচীত প্ৰতিষ্ঠানখনৰ সমূহ প্ৰবক্তামণ্ডলী, কৰ্মচাৰী তথা ডি এল এড আৰু বি এড পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থীৰ স্বত:স্ফূৰ্ত অংশগ্ৰহণে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। বি এড তৃতীয় ষান্মাসিকৰ প্ৰেমকৃষ্ণ শৰ্মা আৰু ডি এল এড তৃতীয় ষান্মাসিকৰ ক্ৰমে মিণ্টু গগৈ আৰু হেমন্ত দত্তই আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰবক্তা গুণ গোবিন্দ সোণোৱালে। তেওঁ কয় যে ডায়েট লক্ষীমপুৰে প্ৰতিষ্ঠাকালৰে পৰা অসমৰ শিক্ষা খণ্ডলৈ একো একোজন প্ৰশিক্ষণপ্ৰাপ্ত সুনিপুণ শিক্ষক-শিক্ষয়িত্ৰীৰ সৃষ্টি কৰি আহিছে। মঞ্চ উদ্ধোধন কৰি প্ৰতিষ্ঠানখনৰ অধ্যক্ষা অঞ্জু বৰঠাকুৰে অসমৰ সমাজ জীৱনত বিহুৰ প্ৰাসঙ্গিকতাৰ ওপৰত আলোকপাত কৰে। বিশিষ্ট অতিথিৰ ভাষণত আজাদ গাওঁ পঞ্চায়তৰ সভাপতি মৌচুম লাহনে কয় যে অসমীয়া জাতি জীয়াই থকাৰ দিনলৈকে বাপতি সাহোন ৰঙালী বিহু অসমবাসীৰ বুকুত খোদিত হৈ থাকিব। বিহুক লৈ আমি কোনেও ৰাজনীতি কৰিব নালাগে। নিৰ্দিষ্ট বক্তাৰ একাষাৰত ডায়েটৰে প্ৰবক্তা তথা লতাশিল বিহু সন্মিলনীৰ প্ৰাক্তন বিহু সম্ৰাজ্ঞী নিলম দোলাকাষৰীয়াই বিহুৰ পৰম্পৰাগত লোকাচাৰৰ ওপৰত বক্তব্য দাঙি ধৰে। লগতে তেওঁ বিহু নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। নিমন্ত্ৰিত শিল্পী হিচাপে জিলাখনৰ চিলনীবাৰী দিব্যাঙ্গ যুৱক ৰাজ আহমেদে বিভিন্ন বিহু গীতেৰে অনুষ্ঠানটোত উপস্থিত সকলোকে নচুৱাই তোলে। অনুষ্ঠানটোত মিচিং বিহুৰ বিষয়ে বক্তব্য প্ৰদান কৰে প্ৰতিষ্ঠানখনৰ পৰিসাংখ্যিক সহায়ক ত্ৰিৰঞ্জন টাইডে লগতে তেওঁ এটা স্বৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানটোত প্ৰশিক্ষাৰ্থীলে জেং বিহু, তিৱা নৃত্য, মিচিং বিহু, দেউৰী বিহু, হুঁচৰি দল, বিহু নাচ, সৃষ্টিমূলক নৃত্য আদি পৰিবেশন কৰি সকলোকে অপাৰ-আনন্দ প্ৰদান কৰে। প্ৰতিষ্ঠানখনৰ প্ৰবক্তা কৰুণা কান্ত হাজৰিকাই বিহুৰ ঐতিহ্য আৰু পৰিবৰ্তনৰ বিষয়ে বক্তব্য আগবঢ়ায়।  তেখেতে লগতে শলাগৰ শৰাইত অনুষ্ঠানটো সুন্দৰকৈ অনুষ্ঠিত কৰাত জড়িত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সদৌ শেষত ডায়েটৰ সমূহ প্ৰবক্তা আৰু কৰ্মচাৰী বৃন্দই সমূহীয়া বিহু নাচ প্ৰদৰ্শন কৰি কাৰ্যসূচীৰ সামৰণি পেলায় লগতে সকলোলৈ  ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More